ETV Bharat / state

মূলসুঁতিৰ ভোটাৰৰ পৰা কেতিয়াবাই আঁতৰিলে কংগ্ৰেছ:পদ্ম হাজৰিকা

author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 8:32 PM IST

জামুগুৰিহাটত বিজেপিৰ নৱগঠিত নদুৱাৰ সমষ্টি পৰ্যায়ৰ সাংগঠনিক সভা সম্পন্ন (Organizational Meeting of BJP in Jamugurihat )। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কটাক্ষ বিধায়ক পদ্ম হাজৰিকাৰ ।

Organizational Meeting of BJP in Jamugurihat
নৱগঠিত নদুৱাৰ সমষ্টি পৰ্যায়ৰ সাংগঠনিক সভা

নৱগঠিত নদুৱাৰ সমষ্টি পৰ্যায়ৰ সাংগঠনিক সভা

চতিয়া, ২০ডিচেম্বৰ: যিদিনালৈকে কংগ্ৰেছ দলে অসমৰ ৰাইজৰ আশা-আকাংক্ষা অনুধাৱন কৰিব নোৱাৰিব সেইদিনালৈকে কংগ্ৰেছক অসমৰ ৰাইজে প্ৰত্যাখ্যান কৰিয়ে থাকিব বুলি মন্তব্য় কৰিছে বিধায়ক পদ্ম হাজৰিকাই । আজি জামুগুৰিহাটৰ বাৰেচহৰীয়া সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি চতিয়াৰ বিধায়কগৰাকীয়ে এইদৰে মন্তব্য় কৰে । তেওঁ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে সৰৱ হৈ কয়," বৰ্তমান প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই শূণ্যত গদা ঘুৰাই আছে ৷ ইয়াৰ ফলাফল একো নাপায় ৷"

বুধবাৰে জামুগুৰিহাটৰ বাৰেচহৰীয়া সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত নৱগঠিত নদুৱাৰ সমষ্টি পৰ্যায়ৰ এখন সাংগঠনিক সভাত এইদৰে মন্তব্য় কৰি আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰণডংকা বজোৱা বুলি কয় বিধায়ক পদ্ম হাজৰিকাই ৷ ইফালে, এই সভাতেই অনাগত লোকসভা নিৰ্বাচনত নদুৱাৰ সমষ্টিৰ পৰা এক লাখতকৈও অধিক ভোট বিজেপি দলৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিব উল্লেখ কৰি কংগ্ৰেছ দল কাহানিবাই মূলসুঁতিৰ ভোটাৰৰ পৰা আঁতৰি গৈ এতিয়া আলী কুলিৰ মাজত খোপনি পোতাৰ চেষ্টা চলোৱা বুলিও কটাক্ষ কৰে ৷

আজিৰ এই সভাতেই সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ তিনি শতাধিক লোকে অন্য দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে ৷ যোগদানকাৰী সকলৰ ভিতৰত ৰাজ্যিক পৰ্যায়ৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা ক্ষেমৰাজ চেত্ৰী ( যিগৰাকীয়ে কংগ্ৰেছ দলৰ হৈ নিৰ্ব্বাচন খেলি ৩৩ হেজাৰ ভোট লাভ কৰিছিল )ৰ লগতে কেইবা গৰাকীও জ্যেষ্ঠ কংগ্ৰেছী নেতা,পঞ্চায়তৰ সভাপতি,আঞ্চলিক সদস্য,জিলা পৰিষদৰ সদস্যই যোগদান কৰে ৷ অগপ আৰু কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা সকলক দলীয় প্ৰতীক সম্বলিত টুপী আৰু গামোচা পিন্ধাই আদৰণি জনায় বিধায়ক পদ্ম হাজৰিকাই ৷

লগতে পঢ়ক:ৰাজীৱ ভৱনত হঠাৎ হৈ-চৈ : কংগ্ৰেছ কৰ্মীৰ মাজত দুৰ্বাদল কাজিয়া, টনা-আঁজোৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.