ETV Bharat / state

ৰাজীৱ ভৱনত হঠাৎ হৈ-চৈ : কংগ্ৰেছ কৰ্মীৰ মাজত দুৰ্বাদল কাজিয়া, টনা-আঁজোৰা

author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 6:35 PM IST

Guwahati Rajiv Bhawan : সভা চলি থকাৰ সময়তে ৰাজীৱ ভৱনত দুই কংগ্রেছ কৰ্মীৰ মাজত দুৰ্বাদল কাজিয়া। মহিলা মৰ্চাৰ সদস্য চয়নিকা কোচ আৰু জীৱন কুলিৰ মাজত টনা-আঁজোৰা। ঘটনা সন্দৰ্ভত চয়নিকা কোচলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি দলৰ।

Fightihg Between Two Congress Workers at Guwahati
কংগ্ৰেছ কৰ্মীৰ মাজত দুৰ্বাদল কাজিয়া

ৰাজীৱ ভৱনত অপ্ৰীতিকৰ পৰিস্থিতি

গুৱাহাটী, 20 ডিচেম্বৰ : একাধিক কাৰ্যসূচীৰ বাবে উদুলি-মুদুলি হৈ থকা গুৱাহাটীৰ ৰাজীৱ ভৱনত বুধবাৰে দিনৰ ভাগত হঠাতে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ ৰাজীৱ ভৱনৰ ভিতৰত সভা চলি থকাৰ সময়তে দুই কংগ্ৰেছ কৰ্মীৰ মাজত দুৰ্বাদল কাজিয়া লাগে ৷ আনকি কাপোৰ টনা-আঁজোৰা পৰ্যন্ত সংঘটিত হয় ৷ জানিব পৰা মতে মহিলা মৰ্চাৰ সদস্য চয়নিকা কোচ আৰু জীৱন কুলিৰ মাজত এই ঘটনা সংঘটিত হয় ৷

ৰাজীৱ ভৱনত দুই কৰ্মীৰ মাজত লগা এই কাজিয়া নিয়ন্ত্ৰণ কৰিবলৈ আগবাঢ়ি আহিবলগীয়া হয় প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন শিকদাৰকে ধৰি কেইবাজনো নেতা ৷ ইফালে মহিলাৰ গাত হাত দিয়াক লৈ আন কেইবাজনো কৰ্মী উত্তেজিত হৈ পৰে ৷ পৰিস্থিতি বিষম দেখি নিয়ন্ত্ৰণ কৰিবলৈ কংগ্ৰেছৰ নেতাসকল আগবাঢ়ি আহে ৷ কাজিয়াই ডাঙৰ ৰূপ লোৱাৰ পূৰ্বে বিধায়ক জাকিৰ হুছেইন শিকদাৰকে ধৰি কেইবাজনো নেতাই তেওঁলোকক আঁতৰাই লৈ যায় ৷ কিহৰ বাবে এই কাজিয়াৰ সূত্ৰপাত ঘটে সেয়া জানিব পৰা হোৱা নাই যদিও দলীয় সূত্ৰই ইয়াক ব্যক্তিগত বুলি জানিবলৈ দিয়ে ৷

ইফালে এই ঘটনাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা চয়নিকা কোচলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হয় ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নিৰ্দেশ মৰ্মে আজি প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক বিপুল গগৈয়ে চয়নিকা কোচলৈ জাননী জাৰি কৰি তিনিদিনৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ দিয়ে ৷ উল্লেখ্য যে ৰাজীৱ ভৱনত লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা আবেদন পত্ৰ সংগ্ৰহ কৰা প্ৰক্ৰিয়া অব্যাহত আছে ৷ তদুপৰি আজি ৰাজীৱ ভৱনত অনুষ্ঠিত হয় দুখনকৈ যোগদান সভা ৷ ইফালে পুৱাৰ পৰাই ৰাজীৱ ভৱনত লোকসভা নিৰ্বাচনক লৈ বিশেষ কাৰ্যসূচী অনুষ্ঠিত হৈছিল ৷

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত ৰাজীৱ ভৱনত তিনিখনকৈ বৈঠক অনুষ্ঠিত হয় ৷ প্ৰথমে জিলা সভাপতি সকলৰ সৈতে বৈঠক অনুষ্ঠিত হয় কংগ্ৰেছ নেতৃত্বৰ ৷ এই বৈঠকত দলৰ ভালেসংখ্যক জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে ৷ দিনৰ ভাগত বিধায়িনী দলৰো বৈঠক অনুষ্ঠিত হয় ৷ এনে এক ব্যস্ততাৰ মাজত আৰু গুৰুত্বপূৰ্ণ সভা চলি থকাৰ সময়তে ৰাজীৱ ভৱনত কৰ্মীৰ মাজত কাজিয়া তথা টনা-আঁজোৰা চলা ঘটনাক লৈ কঠোৰ হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৷ আনহাতে ঘটনাটো সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ লগে লগে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে ৷

লগতে পঢ়ক : কংগ্ৰেছত যোগদান বিজেপিৰ জ্যেষ্ঠ নেতা উদয় শংকৰ হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.