ETV Bharat / state

নিশাটোৰ ভিতৰতে চাৰখাৰ হ’ল তেজপুৰৰ চ’ক বজাৰ

author img

By

Published : May 9, 2021, 10:49 PM IST

massive-fire-at-tezpur
এতিয়াও নিৰ্বাপিত হোৱা নাই তেজপুৰ চ’ক বজাৰৰ জুই

এতিয়াও জ্বলি আছে তেজপুৰ চ’ক বজাৰৰ জুই । 18 ঘণ্টাৰ পিছতো অগ্নিনিৰ্বাপক বাহিনীয়ে অব্যাহত ৰাখিছে জুই নিৰ্বাপনৰ কাম । এই বিধ্বংসী অগ্নিকাণ্ডটোত জাহ যায় ২০ কোটিৰো অধিক টকাৰ সা-সামগ্ৰী ৷

তেজপুৰ, ৯ মে’: কভিডৰ দ্বিতীয় লহৰৰ মাজতে তেজপুৰ চহৰৰ মাজমজিয়াৰ চ’ক বজাৰত যোৱা নিশা সংঘটিত বিধ্বংসী অগ্নিকাণ্ডৰ ফলত দুই শতাধিকৰো অধিক দোকান ভস্মীভূত হয় ৷ নিশা প্ৰায় ১২ বজাত সংঘটিত হোৱা এই বিধ্বংসী অগ্নিকাণ্ডটোত ২০ কোটিৰো অধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত হোৱাত এতিয়া ব্যৱসায়ী আৰু পৰিয়ালবৰ্গৰ মাজত কান্দোনৰ ৰোল উঠিছে । আৰক্ষীয়ে জনোৱা মতে, শ্ব’ৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত ঘটে । নিশা দাওদাওকৈ জ্বলি উঠিল অঞ্চলটোৰ ইখনৰ পাচত সিখনকৈ দোকান । দেওবাৰে পুৱতি নিশালৈ অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখে অগ্নিনিৰ্বাপক বাহিনী আৰু বায়ুসেনাই । কিন্তু বৰ্তমানলৈকে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই ।

অধিকাংশ কাপোৰৰ দোকানৰ লগতে ভালেসংখ্যক মনিহাৰী দোকান,হাৰ্ডৱেৰ তথা সূতা,কাঁহ-পিতলৰ দোকানকে ধৰি বেগ, জোতা-চেণ্ডেলৰ দোকান ভৰি থকা তেজপুৰৰ চ’ক বজাৰত প্ৰৱেশৰ চাৰিটা পথ আৰু ভিতৰত আন চাৰিটা উপপথ আছিল ৷ কিন্তু মূল পথসমূহতো দোকান বহুৱাই ঠেক কৰি পেলোৱাৰ পৰিণতিত ইয়াত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন প্ৰৱেশ কৰাত যথেষ্ট সমস্যাৰ উদ্ভৱ হয় ৷

massive-fire-at-tezpur
এতিয়াও নিৰ্বাপিত হোৱা নাই তেজপুৰ চ’ক বজাৰৰ জুই

উল্লেখ্য যে, বৃটিছৰ শাসনকালতে অস্থায়ী হাট বজাৰ হিচাপে স্থাপিত এই চ’ক বজাৰৰ স্থায়ী গৃহ নিৰ্মাণ তেজপুৰ পৌৰসভাই ১৯৬২ত আৰম্ভ কৰাৰ পিছত ১৯৬৫ত সম্পূৰ্ণ হোৱা বুলি প্ৰকাশ কৰিছে তেজপুৰ পৌৰ সভাৰ প্ৰাক্তন পৌৰপতি আলাউদ্দিন আহমেদে ৷ তদুপৰি ইয়াত বাহিৰে ভিতৰে প্ৰায় ৩৬৬টা দোকান গৃহ আছিল যদিও পাচত ব্যৱসায়ীসকলৰ একাংশই নিজাববীয়াকৈ কিছু দোকানগৃহ বৃদ্ধি কৰে আৰু বৰ্তমান চ’কবজাৰত বাহিৰে ভিতৰে মিলাই প্ৰায় চাৰিশ দোকানগৃহ আছিল ৷ কিছুদিন পূৰ্বে বিহু আৰু আগন্তুক ঈদ উপলক্ষে ব্যৱসায়ী সকলে সামগ্ৰী অধিক ৰূপত মজুত ৰখাত এই অগ্নিকাণ্ডটোত ক্ষতিৰ পৰিমান অধিক বৃদ্ধি পোৱা বুলিও জনাইছে ব্যৱসায়ী সকলে ৷

আনহাতে ২০০৩-০৪ত শোণিতপুৰৰ তদানীন্তন উপায়ুক্ত ড° আৰিজ আহমেদে এই চ’কবজাৰ নতুনকৈ নিৰ্মাণৰ বাবে নক্সা আদি প্ৰস্তুত কৰি আগবঢ়োৱাৰ সময়তে স্থানীয় একাংশ ব্যৱসায়ীয়েই ইয়াত বাধা দিয়ে ৷ ইয়াৰ পাছত ২০১০ত তেজপুৰ পৌৰসভাৰ তদানীন্তন পৌৰনেত্ৰী শোভা ভট্টাচাৰ্যৰ কাৰ্যকালত হাৰ্ডকৰ সহযোগত ইয়াত অত্যাধুনিক বজাৰ প্ৰকল্প নিৰ্মাণৰ আন এক পৰিকল্পনা কৰা হৈছিল যদিও সেয়াও কাৰ্যকৰী নহ’ল ইয়াৰে একাংশ ব্যৱসায়ীৰ বাবেই ৷ এনে অৱস্থাত ২০১৪ত দুৰ্যোগ ব্যৱস্থাপনাৰ তৰফৰ পৰা চ’ক বজাৰৰ গৃহ সমূহ বিপদজনক হৈ পৰা বুলি তেজপুৰ পৌৰসভাক জাননী জাৰি কৰা হয় আৰু তেজপুৰ পৌৰসভাই ইয়াৰ ব্যৱসায়ীসকলক এই দোকানগৃহ সমূহ খালী কৰাৰ বাবে জাননী জাৰি কৰে ৷ কিন্তু এইবাৰো ব্যৱসায়ী সকলে এনে কৰাত অমান্তি হয় ৷

massive-fire-at-tezpur
এতিয়াও নিৰ্বাপিত হোৱা নাই তেজপুৰ চ’ক বজাৰৰ জুই

মনকৰিবলগীয়া যে, যোৱা ২৮এপ্ৰিলত হোৱা ভূমিকম্পত চ’ক বজাৰৰো কিছু ক্ষতি সাধন হৈছিল ৷ তেজপুৰ পৌৰসভাক অতি কম পৰিমাণৰ ভাৰা আদায় দিয়াৰ বিপৰীতে চ’কবজাৰৰ বহু দোকান গৃহ যি সকলৰ নামত আবন্টিত হৈ আছে ৷ ইয়াৰে বহু সংখ্যকে আনক বৃহৎ পৰিমাণৰ আগধন লৈ সেই গৃহসমূহ ভাড়ালৈ দিছে ৷ এনে অৱস্থাত বৰ্তমান সৰ্বস্বান্ত হোৱা বহু ব্যৱসায়ীয়ে বীমাৰ ধনো লাভ নকৰাৰ আশংকা কৰিছে ৷

দেওবাৰে বিয়লি পৰ্যন্ত জুই সম্পূৰ্ণৰূপে নিৰ্বাপন নোহোৱা তথা তেজপুৰৰ মূল বজাৰ হিচাপে সৰ্বসাধাৰণৰ আৱেগ জড়িত থকা চ’কবজাৰৰ এই শোকাৱহ ঘটনা বৈদ্যুতিক বিজুতিৰ বাবে সংঘটিত হোৱা বুলি ব্যৱসায়ী সকলে অভিযোগ কৰি কয় যে, শনিবাৰে বিয়লি ইয়াৰ বিদ্যুৎ সংযোগত শ্বৰ্ট চাৰ্কিট হোৱাৰ বিষয়ে বিদ্যুৎ পৰিষদৰ কাৰ্যালয়ক জনোৱা হৈছিল যদিও তেওঁলোকে এই বিজুতি পৰীক্ষা কৰিবলৈ নাহিল ৷

massive-fire-at-tezpur
এতিয়াও নিৰ্বাপিত হোৱা নাই তেজপুৰ চ’ক বজাৰৰ জুই

তেজপুৰ চহৰৰ ব্যৱসায়িক হৃৎপিণ্ড স্বৰূপ চ’ক বজাৰ এনেদৰে নিঃশেষ হোৱা আৰু ব্যৱসায়ী তথা তেওঁলোকৰ পৰিয়াল আৰু ইয়াৰে জড়িত কৰ্মচাৰী সকলৰ ভৱিষ্যত নিশাটোৰ ভিতৰতে অন্ধকাৰাচ্ছন্ন হৈ পৰাত গভীৰ শোক প্ৰকাশ কৰি তেজপুৰৰ নৱ নিৰ্বাচিত বিধায়ক পৃথ্বিৰাজ ৰাভাই গুৱাহাটীৰ পৰা তেজপুৰত উপস্থিত হৈ পুৱাই পৰিস্থিতিৰ বুজ লয় ৷ বিধায়কগৰাকীয়ে নতুন চৰকাৰে দায়িত্বভাৰ লোৱাৰ পাচতে তেজপুৰ চ’ক বজাৰৰ পুনৰ নিৰ্মাণ তথা ক্ষতিগ্ৰস্ত ব্যৱসায়ী সকলৰ পুনৰ সংস্থাপনৰ বাবে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰি সেইক্ষেত্ৰত সংশ্লিষ্ট সকলোপক্ষৰে আলোচনা কৰি আগবাঢ়িব বুলি প্ৰকাশ কৰে ৷

ইপিনে এই হৃদয়বিদাৰক ঘটনাৰ সময়ত শোণিতপুৰৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিং, আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি দেৱ মহন্ত ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপনৰ কাম তদাৰক কৰে ৷ আনহাতে যোৱা নিশাৰ বিধ্বংসী অগ্নিকাণ্ডত তেজপুৰৰ চ'ক বজাৰ জাহ যোৱাকলৈ গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে এছ ইউ চি আই (কমিউনিষ্ট)ৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক চন্দ্ৰলেখা দাসে ৷

লগতে পঢক: জুইত জাহ গ’ল তেজপুৰৰ চ’ক বজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.