ভৌগোলিক স্বীকৃতি লাভৰ দিশে মাজুলীৰ মুখাশিল্প
Published: Nov 18, 2023, 8:17 PM

ভৌগোলিক স্বীকৃতি লাভৰ দিশে মাজুলীৰ মুখাশিল্প
Published: Nov 18, 2023, 8:17 PM
সম্প্ৰতি ৰাজ্যজুৰি ৰাসলীলাৰ প্ৰস্তুতি চলিছে । ৰাসলীলা বুলি ক'লে বিশেষকৈ মাজুলীৰ মুখাশিল্পই বিশেষ তাৎপৰ্য বহন কৰে । ইয়াৰ মাজতে ৰাজ্যবাসীৰ বাবে সুখবৰ । মাজুলীৰ মুখাশিল্পই ভৌগোলিক স্বীকৃতি অৰ্থাৎ জিআই টেগ লাভ কৰাৰ দিশত আছে ।
তেজপুৰ, ১৮ নৱেম্বৰ : অসমৰ সত্ৰ নগৰী তথা নদীদ্বীপ মাজুলীৰ ঐতিহাসিক 'মুখা' ভৌগোলিক স্বীকৃতি লাভ কৰাৰ দিশত । ইতিমধ্যে ভৌগোলিক স্বীকৃতিৰ বাবে স্থান লাভ কৰিছে এই মুখাশিল্পই । জিআই পঞ্জীয়নৰ আবেদন নং ৯৩৯ ভৌগোলিক সূচক (জি আই) টেগ লাভৰ দিশত আগবাঢ়িছে আৰু আগন্তুক তিনি মাহৰ ভিতৰত এই পঞ্জীয়নৰ স্বীকৃতি লাভ কৰিব । জি আই'ৰ আলোচনীত ইতিমধ্যে প্ৰকাশ পাইছে উক্ত নম্বৰসহ মাজুলীৰ মুখাৰ ফটো ।
উল্লেখ্য যে ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত এই নদীদ্বীপ মাজুলী অসমৰ জাতীয় জীৱনৰ স্বাভিমান আৰু সত্ৰ নগৰীৰ ঐতিহ্য বহন কৰা এই মুখাশিল্পই যুগ যুগ ধৰি অসমৰ স্বাভিমানৰ পৰিচয় দাঙি ধৰিছে । গুৱাহাটীৰ কৃষ্টি কঠিয়া নামৰ এটা সংস্থাই মাজুলীৰ এই মুখাশিল্পৰ বাবে আবেদন কৰিছিল ২০২২ চনৰ আগষ্ট মাহত । জিআই টেগৰ এই বিজ্ঞাপনৰ ৩ মাহৰ ভিতৰত কোনো আপত্তি নকৰিলে মাজুলীৰ এই মুখাশিল্পই ভৌগোলিক স্বীকৃতি লাভ কৰাটো নিশ্চিত যিটো অসমবাসীৰ বাবে আন এক গৌৰৱৰ বিষয় হৈ পৰিব ।
জিআই টেগে নিৰ্দিষ্ট অঞ্চল আৰু সম্প্ৰদায়ৰ অনন্য পৰম্পৰাগত জ্ঞানৰ ইংগিত দিয়ে আৰু ইয়াক সুৰক্ষিত কৰে । মাজুলীৰ এই মুখা পৰম্পৰাগতভাৱে তথা প্ৰাকৃতিকভাৱে উৎপাদিত সামগ্ৰী যেনে বাঁহ, মৃৎশিল্পৰ মাটি, হাতেৰে তৈয়াৰী কাপোৰ, বনৌষধি আৰু খনিজ ৰং যেনে হেঙুল, হাইতাল, নীল, ঢোল মাটি আৰু আংগাৰ আদিৰে তৈয়াৰ কৰা হৈছে । যদিও বাঁহৰ উপলব্ধতাৰ বাবে ব্যাপক ব্যৱহাৰ হয় কিন্তু কাঠ, কাপোৰ ইত্যাদিও ব্যৱহাৰ হয় । এই মুখাৰ ঐতিহ্য হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নাটকত পৰিধান কৰিবলৈ এই মুখা সৃষ্টি কৰিছিল আৰু তেনেকৈয়ে আৰম্ভ হৈছিল এই পৰম্পৰাৰ ।
সত্ৰসমূহ পৰম্পৰাগতভাৱে পৰিবেশন কলাৰ এক কেন্দ্ৰ, সমাজ সংস্কাৰক আৰু মহাপুৰুষৰ নিদৰ্শন । মাজুলীৰ 'মুখা' নিৰ্মাণৰ এক অনন্য পৰম্পৰা আৰু উত্তৰাধিকাৰ হিচাপে বেছিভাগেই চামগুৰি সত্ৰই সংৰক্ষণ আৰু প্ৰচাৰ কৰে । চামগুৰি সত্ৰ সকলো সত্ৰৰ ভিতৰত আটাইতকৈ মনোমোহা । 'মুখা'ই বিভিন্ন পৌৰাণিক আৰু ধৰ্মীয় চৰিত্ৰক প্ৰতিনিধিত্ব কৰে আৰু ই 'ভাওনা' প্ৰদৰ্শনৰ অবিচ্ছেদ্য অংগ ।
লগতে পঢ়ক :কৰ্ম সংস্থাপন বিচাৰি ভিৰ লগালে যুৱক-যুৱতীয়ে
