ETV Bharat / state

ৰাষ্ট্ৰদ্ৰোহ আইনত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ: IJUৰ প্ৰতিক্ৰিয়া

author img

By

Published : May 12, 2022, 10:46 AM IST

SC decision on sedition law
ৰাষ্ট্ৰদ্ৰোহ আইনত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ

দেশৰ উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰদ্ৰোহৰ আইনৰ প্ৰয়োগ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Sedition Law to be paused until review)। এতিয়াৰে পৰা এই আইনৰ অধীনত কোনো ধৰণৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰু যিসমূহ গোচৰ অব্যাহত আছে সেয়াও স্থগিত হ'ব । উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তক আদৰণি ইণ্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়নৰ ।

তেজপুৰ, ১২ মে' : ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ সন্দৰ্ভত দেশৰ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান । কেন্দ্ৰীয় চৰকাৰে পুনৰ বিবেচনা নকৰা পৰ্যন্ত এই আইনৰ প্ৰয়োগ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে । উচ্চতম ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ ৰায়দানক আদৰণি জনাইছে ইণ্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়নে (IJU welcomes SC decision on sedition law)। এক বিবৃতিযোগে ইণ্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়নে কয় যে ইউনিয়নৰ সহযোগী সংগঠন জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছামে (JUA) অন্যান্য সংগঠনৰ সহযোগত ভাৰতীয় দণ্ডবিধিৰ ১২৪(এ) ধাৰাক প্ৰত্যাহ্বান জনাইছিল (JUA challenged section 124A of the IPC)।

এই ধাৰা সংশ্লিষ্ট কৰ্তৃপক্ষ‌ই সাংবাদিকৰ বিৰুদ্ধে ব্যাপকৰূপে ব্যৱহাৰ কৰি আহিছে বুলি উল্লেখ কৰি বিবৃতিটোত আইজেইউৱে কয় যে দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামনা, ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ হিমা কোহলিৰ তিনিজনীয়া বিচাৰপীঠে ৰায় দিয়ে যে ব্ৰিটিছৰ দিনৰ আইনৰ পুনৰ বিবেচনা নকৰা পর্যন্ত দেশজুৰি আইনৰ প্ৰয়োগ স্থগিত থাকিব । শীৰ্ষ আদালতে স্পষ্ট কৰি দিছে যে এই আইনৰ অধীনত কোনো ধৰণৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব (No new FIRs will be filed for sedition)। ইতিমধ্যে এই আইন প্ৰয়োগ কৰি যিসমূহ গোচৰ চলি আছে সেয়াও স্থগিত ৰখা হ'ব (All pending cases under sedition law will be on hold)।

আইজেইউৰ সভাপতি তথা প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ প্ৰাক্তন সদস্য গীতাৰ্থ পাঠক আৰু সচিব প্ৰধান তথা ইণ্টাৰনেশ্যনেল ফেডাৰেছন অৱ জাৰ্নেলিষ্ট (IFJ)ৰ উপ-সভাপতি ছাবিনা ইন্দৰজিতে বিবৃতিত কয় যে শীৰ্ষ আদালতৰ এই সিদ্ধান্ত‌ই দীৰ্ঘদিনীয়া পুৰণি কঠোৰ আইনৰ অন্ত পেলোৱাৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰিব । এই আইনখন ক্ষমতাধৰসকলে প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিবলৈ ব্যৱহাৰ কৰি আহিছে বুলিও বিবৃতিত প্ৰকাশ পাইছে ।

আইজেইউয়ে আশা প্ৰকাশ কৰে যে ভাৰত চৰকাৰে ৰাষ্ট্ৰদ্ৰোহ আইনৰ পুনৰ বিবেচনা কৰিব আৰু ব্ৰিটিছ ঔপনিৱেশিক শাসনকালত স্বাধীনতা সংগ্ৰামীসকলক দমন কৰিবলৈ প্ৰৱৰ্তন কৰা কঠোৰ আইনখন পৰিহাৰ কৰিব । সংগঠনটোৱে জ্যেষ্ঠ অধিবক্তা চান্দেৰ উদয় সিংহই অধিবক্তাৰ দলক ধন্যবাদ জনোৱাৰ লগতে আইজেইউৰ হৈ উচ্চতম ন্যায়ালয়ত আবেদন জনোৱা জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছামৰো শলাগ লয় ।

লগতে পঢ়ক :'কা' সন্দৰ্ভত পূৰ্বৰ স্থিতিতে অটল আছে তৃণমূল কংগ্ৰেছ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.