ETV Bharat / state

গাভৰু নদীৰ বাঢ়নী পানীত প্লাৱিত বিস্তীৰ্ণ অঞ্চল

author img

By

Published : Aug 31, 2020, 3:20 PM IST

Huge area effected by gavoru river in rangapara sonitpur assam etv bharat news
বাঢ়নী পানীত প্লাৱিত বিস্তীৰ্ণ অঞ্চল

এক সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে ৰঙাপৰাৰ ভেলোৱাটাৰ গাঁৱত ৷ কিয়নো চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা গাভৰু নদীয়ে কালৰূপ ধাৰণ কৰি প্লাৱিত কৰিছে বিস্তীৰ্ণ অঞ্চল ৷

ৰঙাপৰা,31 আগষ্ট: বাৰিষাৰ বানৰ প্ৰকোপ কমা সত্বেও কিছু কিছু অঞ্চলত অব্যাহত আছে বাঢ়নী পানীৰ তাণ্ডৱ ৷ শোণিতপুৰ জিলাৰ ৰঙাপৰাত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা গাভৰু নদীয়ে কালৰূপ ধাৰণ কৰি প্লাৱিত কৰিছে বিস্তীৰ্ণ অঞ্চল ৷ বৃহত্তৰ অঞ্চলটোৰ অধিকাংশ এলেকাৰ লগতে কৃষি ভূমিসমূহো বৰ্তমান পানীৰ তলত ৷ সম্প্ৰতি এক সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে ৰঙাপৰাৰ ভেলোৱাটাৰ গাঁৱত ৷ প্ৰায় 4 বছৰৰ মূৰত ফেনে-ফোটোকাৰে নৈখন বাঢ়ি অহাত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷ বানৰ লগতে অঞ্চলটোক ব্যাপত হাৰত অব্যাহত আছে খহনীয়া ৷ জন প্ৰতিনিধিৰ কাণসাৰ নোহোৱা মনোভাৱৰ বাবে স্থানীয় ৰাইজে নিজাববীয়া প্ৰচেষ্টাৰে প্ৰায় 70 হাজাৰ টকা ব্যয়েৰে নৈখনৰ পাৰত গঢ়ি তুলিছিল 500 মিটাৰ দৈৰ্ঘৰ এটা বান্ধ ৷ সম্প্ৰতি এই বান্ধৰ কোনো চিনচাব নাই অঞ্চলটোত ৷

বাঢ়নী পানীত প্লাৱিত বিস্তীৰ্ণ অঞ্চল

ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঠাকুৰবাৰী গাঁও পঞ্চায়তৰ ভেলুৱাটাৰ গাঁৱত নদীখনে বিস্তৰ তাণ্ডৱ চলায় ৷ লগতে বাঢ়নী পানীয়ে পগলাবিল গাঁৱলৈ যোৱা পথছোৱাত থকা কালভাৰ্টটো উটুৱাই নিয়াৰ পিছতো ৰাইজৰ সমস্যাৰ খবৰ লবলৈ উক্ত এলেকাত উপস্থিত নহ’ল ঠাকুৰবাৰী গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকল ৷ চৰকাৰৰ বিয়াগোম জলসম্পদ বিভাগটোৱে মথাউৰিৰ সু-ব্যৱস্থা নকৰাৰ ফলতে এনেদৰে বাঢ়নী পানীৰ কবলত পৰে অঞ্চলবাসী ৷

লগতে চাওকঃ পৰিত্যক্ত গুৱাহাটীৰ অভিলাষী বৈদ্যুতিক শ্মশান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.