ETV Bharat / state

Har Ghar Tiranga Abhiyan: বোমডিলাত এছ এছ বিৰ হৰ ঘৰ ঝাণ্ডা অভিযান

author img

By

Published : Jul 25, 2022, 10:01 PM IST

পশ্চিম অৰুণাচল প্ৰদেশৰ বোমডিলাৰ আঞ্চলিক মুখ্য কাৰ্যালয়ৰ বিষয়া এ কে চি সিঙে সোমবাৰে ৬৭ কৰ্পছত হৰ ঘৰ পতাকা অভিযানৰ আৰম্ভ কৰে (Har Ghar Tiranga Abhiyan) ।

Har Ghar Tiranga Abhiyan celebrated in Arunachal Pradesh
বোমডিলাত এছ এছ বিৰ হৰ ঘৰ ঝাণ্ডা অভিযান

তেজপুৰ, ২৫ জুলাই: ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস (75th Independence Day) উপলক্ষে সমগ্ৰ দেশজুৰি অনুষ্ঠিত হৈছে স্বাধীনতাৰ অমৃত মহোৎসৱ (Amrit Mahotsav) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সশস্ত্ৰ সীমা বলৰ সীমান্ত মুখ্য কাৰ্যালয়ৰ মহাপৰিদৰ্শক বিনোদ নায়কৰ সীমান্ত ভ্ৰমণৰ সময়ত পশ্চিম অৰুণাচল প্ৰদেশৰ বোমডিলাৰ আঞ্চলিক মুখ্য কাৰ্যালয়ৰ বিষয়া এ কে চি সিঙে সোমবাৰে ৬৭ কৰ্পছত হৰ ঘৰ পতাকা অভিযানৰ আৰম্ভ কৰে (Har Ghar Tiranga Abhiyan) ।

বমদিলাত এছ এছ বিৰ হাৰ ঘৰ ঝাণ্ডা অভিযান
বোমডিলাত এছ এছ বিৰ হৰ ঘৰ ঝাণ্ডা অভিযান

লগতে তেওঁৰ ভ্ৰমণ কালত অনুষ্ঠিত বিশেষ সৈনিক সন্মিলনত হৰ ঘৰ পতাকা অভিযানৰ বিষয়ে জোৱানসকলক অৱগত কৰোৱা হয় ৷ ইয়াৰ লগতে তেওঁলোকৰ ঘৰ, চুবুৰীয়া আৰু আত্মীয়সকলৰ সকলো কৰ্মচাৰীক ইয়াৰ গুৰুত্ব ল'বলৈ অনুপ্ৰেৰিত কৰে । মহাপৰিদৰ্শক গৰাকীয়ে জোৱানসকলক ভাৰতৰ ফ্লেগ কোডৰ বিষয়ে বিভিন্ন তথ্যও প্ৰদান কৰে (Har Ghar Tiranga Abhiyan celebrated in Arunachal Pradesh) ।

বোমডিলাত এছ এছ বিৰ হৰ ঘৰ ঝাণ্ডা অভিযান
বোমডিলাত এছ এছ বিৰ হৰ ঘৰ ঝাণ্ডা অভিযান

এই উপলক্ষে মহাপৰিদৰ্শক বিনোদ নায়কে বৈণী অঞ্চলৰ বিভিন্ন গাঁৱৰ মুৰব্বীসকলকো সাক্ষাৎ কৰে আৰু হৰ ঘৰ পতাকা অভিযানৰ বিষয়ে তথ্য প্ৰদান কৰে ৷ তাৰোপৰি তেওঁলোকক ত্ৰিৰংগা পতাকা প্ৰদান কৰি সকলোকে এই অভিযানৰ সৈতে সংযুক্ত হোৱাৰ লগতে আন গাওঁবাসীসকলকো এই অভিযানৰ সৈতে সংযুক্ত হ'বলৈ আহ্বান জনায় ।

বোমডিলাত এছ এছ বিৰ হৰ ঘৰ ঝাণ্ডা অভিযান
বোমডিলাত এছ এছ বিৰ হৰ ঘৰ ঝাণ্ডা অভিযান

একে সময়তে, সীমান্তৱৰ্তী ৰাজ্য অৰুণাচলৰ পশ্চিম কামেং জিলাত সীমান্ত চৌকিৰ কৰ্মচাৰীসকলেও প্ৰভাত ফেৰী উলিয়াই নাগৰিকসকলৰ মাজত হৰ ঘৰ ঝাণ্ডা অভিযানৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰে ।

লগতে পঢ়ক: Congress protest in Delhi: মনীষ চিছোদিয়াৰ বাসগৃহৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.