ETV Bharat / state

Gaonburha Arrested in Tezpur: সুলভ মূল্যৰ চাউল অধিক দামত বিক্ৰী কৰি গ্ৰেপ্তাৰ হ’ল গাঁওবুঢ়া

author img

By

Published : Aug 8, 2022, 9:32 PM IST

Gaonburha Arrested in Tezpur
সুলভ মূল্যৰ চাউল অধিক দামত বিক্ৰী কৰি গ্ৰেপ্তাৰ হ’ল গাঁওবুঢ়া

পত্নীৰ নামত আছে সুলভ মূল্য দোকান ৷ সেই সুযোগ নেৰি বস্তাই বস্তাই চৰকাৰী চাউল চৰা দামত বিক্ৰী কৰি আহিছিল ডেকাৰগাঁৱৰ গাঁওবুঢ়াই ৷ সোমবাৰে চৰকাৰী চাউলৰ বেপাৰী গাঁওবুঢ়াক গ্ৰেপ্তাৰ কৰিলে হাতে-লোটে (Gaonburha Arrested in Tezpur)৷

তেজপুৰ, ৮ আগষ্ট: কুইণ্টলে কুইণ্টলে চৰকাৰী চাউল চৰা দামত বেছি গ্ৰেপ্তাৰ হ’ল গাঁওবুঢ়া ৷ দীৰ্ঘদিনীয়া অভিযোগৰ ভিত্তিত ডেকাৰগাঁৱৰ গাঁওবুঢ়াক গ্ৰেপ্তাৰ কৰিলে মহাভৈৰৱ আৰক্ষীয়ে ৷ পত্নীৰ নামত থকা সুলভ মূল্যৰ দোকানৰ চাউল অধিক দামত বিক্ৰী কৰি ৰঙাঘৰললৈ বুলি বাট বুলিবলগীয়া হ’ল গাঁওবুঢ়া ৰঞ্জিত কটকীয়ে (Dekargaon gaonburha arrested)৷

তেজপুৰ ডেকাৰগাঁৱৰ গাঁওবুঢ়া ৰঞ্জিত কটকীৰ বিৰুদ্ধে অভিযোগ আছিল দীৰ্ঘদিনীয়া ৷ হিতাধিকাৰীলৈ বুলি চৰকাৰে দিয়া চাউল হাত কৰি হাতে-লোটে ধৰা পৰা গাঁওবুঢ়া ৰঞ্জিত কটকীৰ পত্নী নামত আছে এখন সুলভ মূল্যৰ দোকান (Fair Price Shops at Dekargaon) ৷ সেই সুযোগ গ্ৰহণ কৰি গাঁওবুঢ়া ৰঞ্জিতে চলাই আহিছিল চাউলৰ ৰমৰমীয়া বেহা ৷ চৰকাৰী চাউলক পুনৰ মিলিং চালি-জাৰি নতুন ৰূপেৰে বেগত ভৰাই বজাৰত মুকলি কৰি দিছিল ৷ এই চাউলৰ ভাগ স্থানীয় একাংশ ব্যৱসায়ীৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশলৈও প্ৰেৰণ কৰিছিল অভিযোগ উত্থাপিত হৈ আহিছিল ৷

সুলভ মূল্যৰ চাউল অধিক দামত বিক্ৰী কৰি গ্ৰেপ্তাৰ হ’ল গাঁওবুঢ়া

চৰকাৰী গাঁবুঢ়াৰ এইদৰে বস্তাই বস্তাই চৰকাৰী চাউল খোৱা খবৰ লাভ কৰিছিল শোণিপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মাই (Sonitpur SP Susanta Biswa Sarma)। সেয়েহে আৰক্ষী অধীক্ষকৰ নিৰ্দেশত আজি মহাভৈৰৱ আৰক্ষীয়ে গ্ৰাহকৰ ভেশত আন লোকক নি চাউল ক্ৰয়ৰ চেষ্টা চলায় আৰু সেই মুহুৰ্ততে গাঁওবুঢ়া ৰঞ্জিত কটকীক হাতে-লোটে ধৰা পেলাই আটক কৰে ৷

আৰক্ষীয়ে বিপুল দাস নামৰ আন এজন সহযোগীকো আটক কৰাৰ লগতে প্ৰায় ২০ ৰো অধিক চাউলৰ বস্তা জব্দ কৰে ৷ সম্প্ৰতি মহাভৈৰৱ আৰক্ষী চকীৰ আলহি হোৱা চৰকাৰী গাঁওবুঢ়াসহ সহযোগীক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷ ইফালে, আটক কৰাৰ সময়ত গাঁওবুঢ়াই আৰক্ষীক বুজাবুজি কৰিবলৈ অনুৰোধ জনোৱা বুলি খোদ আৰক্ষী বিষয়া তথা মহাভৈৰৱ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Traffic rule Violation: বন্ধ পথেৰে ধনৰ বিনিয়মত গধুৰ যান-বাহন পাৰাপাৰ কৰাইছে কোনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.