ETV Bharat / state

Traffic rule Violation: বন্ধ পথেৰে ধনৰ বিনিয়মত গধুৰ যান-বাহন পাৰাপাৰ কৰাইছে কোনে ?

author img

By

Published : Aug 8, 2022, 3:35 PM IST

Updated : Aug 8, 2022, 6:47 PM IST

বেঁকী নৈৰ ভয়ংকৰ গৰাখনীয়াৰ পৰিণতিত চৰকাৰে কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা ২ নং বিকল্প ৰাজ্যিক ঘাইপথটো বানপানী আৰু খহনীয়াৰ কবলত পৰি নদীৰ বুকুত বিলীন হৈ যোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে । কিন্তু প্ৰশাসনৰ নিৰ্দেশনাক এক প্ৰকাৰ বুঢ়া আঙুলি প্ৰদৰ্শন কৰি বন্ধ পথেৰে অনায়াসে চলাচল কৰি আছে গধুৰ যান-বাহনসমূহ ।

Jonia
Jonia

জনীয়া, ৮ আগষ্ট : কৰাৰকুৰ আৰু বামুণটাৰীত ধন লৈ গধুৰ যান-বাহন পাৰাপাৰ কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে (Allegations of heavy vehicles moving with money) । এই অভিযোগ আৰক্ষী প্ৰশাসন আৰু শওপুৰ গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক ছাইফুল ইছলামৰ বিৰুদ্ধে । কিয়নো প্ৰশাসনৰ নিৰ্দেশনাক এক প্ৰকাৰ বুঢ়া আঙুলি প্ৰদৰ্শন কৰি বন্ধ পথেৰে অনায়াসে চলাচল কৰি আছে গধুৰ যান-বাহনসমূহ । আনহাতে, এই ক্ষেত্ৰত পহৰাৰত আৰক্ষীৰ ভূমিকাও অতি ৰহস্যজনক (Role of patrolling police very mysterious) ।

উল্লেখ্য যে বেঁকী নৈৰ ভয়ংকৰ গৰাখনীয়াৰ পৰিণতিত চৰকাৰে কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা ২ নং বিকল্প ৰাজ্যিক ঘাইপথটো বানপানী আৰু খহনীয়াৰ কবলত পৰি নদীৰ বুকুত বিলীন হৈ যোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে । অভয়াপুৰীৰ পৰা বৰপেটা হৈ আমিনগাঁৱলৈ যোৱা ২ নং বিকল্প ৰাজ্যিক ঘাইপথৰ (Optional highway from Abhayapuri to Amingaon via Barpeta) বামুণটাৰী বজাৰ আৰু কৰাৰকুৰ অংশত পথ বন্ধ লিখা ফলক আঁৰিয়েই দায়িত্ব সামৰিছে বৰপেটা জিলা প্ৰশাসনৰ লগতে স্থানীয় প্ৰশাসনে ।

বৰ্তমানে ঘাইপথটো গভীৰ সংকটত (Option 2 State highway currently in deep crisis) । যাৰ ফলত ঘাইপথটো খহনীয়াৰ কবলৰ পৰা ৰক্ষা কৰাৰ বাবে বৰপেটা জিলা প্ৰশাসনে ৰাজ্যিক ঘাইপথটোৰে গধুৰ যান-বাহন চলাচল বন্ধ কৰি দিছে । কিন্তু অতি লক্ষণীয় যে, পথবন্ধ ফলক লগায়েই দায়িত্ব সামৰিছে জিলা প্ৰশাসনৰ লগতে স্থানীয় প্ৰশাসনে ।

কৰাৰকুৰ-বামুণটাৰীত ধনৰ বিনিময়ত গধুৰ যান-বাহন পাৰাপাৰৰ অভিযোগ

কিয়নো আৰক্ষী প্ৰশাসন আৰু শওপুৰ গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক ছাইফুল ইছলামে ১০০ ৰ পৰা ২০০ টকা লৈ প্ৰশাসনৰ নিৰ্দেশনাক কেৰেপ নকৰি গধুৰ যান-বাহনসমূহ অনায়াসে চলাচল অব্যাহত ৰখা পৰিলক্ষিত হৈছে । এই দৃশ্যসমূহেই তাৰ প্ৰমাণ । মন কৰিবলগীয়া যে এই ৰাস্তাটোৰে যে গধুৰ যান-বাহনসমূহৰ চলাচল অব্যাহত আছে সেই সংক্ৰান্তত কেইবাবাৰো বাতৰি সম্প্ৰচাৰ কৰা হৈছিল (Heavy traffic for Money in Kararkur Bamuntari alleged)।

কিন্তু তথাপিও এই ক্ষেত্ৰত কোনো ভ্ৰূক্ষেপ কৰা নাই । কাৰ নিৰ্দেশত এনেদৰে গধুৰ যান-বাহনবোৰ চলাচল কৰিছে তাক লৈও সৃষ্টি হৈছে ৰহস্য । উল্লেখ্য যে কিছুদিন পূৰ্বে পহৰা দিয়া আৰক্ষীয়ে ধন লৈ গধুৰ বাহনসমূহ পাৰ কৰাৰো গুৰুতৰ অভিযোগ উঠিছিল । এতিয়া বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে বা প্ৰশাসনে কি ভূমিকা লয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Blood broker in Lakhimpur : তেজৰ দালালি কৰি ৰঙাঘৰৰ আলহী হ’ল দালাল

Last Updated : Aug 8, 2022, 6:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.