Blood broker in Lakhimpur : তেজৰ দালালি কৰি ৰঙাঘৰৰ আলহী হ’ল দালাল

author img

By

Published : Aug 7, 2022, 10:20 PM IST

Blood broker in Lakhimpur

ৰাজ্যত এইবাৰ ৰঙা তেজৰ ক’লা বেহা ৷ বিতৰ্কই লগ নেৰা লখিমপুৰ মেডিকেল কলেজত ৰঙা তেজৰ ক’লা বেহা কৰি এইবাৰ ৰঙাঘৰলৈ যাবলগীয়া হ’ল তিনি অভিযুক্ত (Three blood broker arrested in Lakhimpur) ৷ লখিমপুৰ মেডিকেল কলেজৰ পৰা আটক কৰা হয় তিনি অভিযুক্তক ৷

লখিমপুৰ, ৭ আগষ্ট : বিতৰ্কই লগ এৰা নাই লখিমপুৰ মেডিকেল কলেজক । উদ্বোধনৰ পাছৰে পৰা নানা বিতৰ্কৰ আওতাত সোমাই পৰা মেডিকেল কলেজখনত এইবাৰ ওলাইছে তেজৰ দালাল । শনিবাৰে নিশা লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত তেজৰ দালালি কৰি আটক হ’ল তিনি যুৱক (Three blood brokers arrested in Lakhimpur) ৷

Blood broker in Lakhimpur
ৰঙা তেজৰ ক’লা বেহা

চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই উল্লেখ কৰা মতে, তেজপুৰ ঢেকীয়াজুলীৰ অজিত দাসে বে-আইনীভাৱে 1400 টকাত এক ইউনিট তেজ বিক্ৰী কৰিছিল খেলমাটিৰ বিজয় চৰকাৰক ৷ তেজ বিক্ৰী কৰাৰ সমগ্ৰ ব্যৱস্থা কৰি দিছিল নকাৰিৰ মনোজ চাহুৱে । এই কথা গম পাই স্বেচ্ছাসেৱী সংগঠন টিম হিউমিনিটিৰ প্ৰচেষ্টাত তথা লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই লখিমপুৰ আৰক্ষী থানাত দাখিল কৰে এক এজাহাৰ ৷

ৰঙাঘৰৰ আলহী হ’ল তেজৰ দালাল

এই এজাহাৰৰ ভিত্তিতে লখিমপুৰ আৰক্ষীয়ে আটক কৰে তিনিটা তেজৰ দালালক ৷ আটকাধীন অভিযুক্ত তেজৰ দালাল কেইটা হৈছে নকাড়ীৰ মনোজ চাহু, খেলমাটিৰ বিজয় চৰকাৰ আৰু তেজপুৰ ঢেকিয়াজুলীৰ অজিত দাস ৷ তথ্য অনুসৰি, বৰ্তমান আৰক্ষীৰ জিম্মাত আছে আটকাধীন দালাল কেইটা ৷

লগতে পঢ়ক : Matiya Police Station ASI Arrest: ঘোচ খোৱা পুলিচক থানাৰ পৰাই উঠাই নিলে দুৰ্নীতি নিবাৰক শাখাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.