Matiya Police Station ASI Arrest: ঘোচ খোৱা পুলিচক থানাৰ পৰাই উঠাই নিলে দুৰ্নীতি নিবাৰক শাখাই

author img

By

Published : Aug 7, 2022, 4:28 PM IST

Updated : Aug 7, 2022, 7:57 PM IST

Matiya Police Station ASI Arrest

উৎকোচ লোৱাৰ অপৰাধত থানাৰ ভিতৰৰ পৰাই গ্ৰেপ্তাৰ কৰা হ’ল আৰক্ষী বিষয়াক ৷ গোৱালপাৰাৰ মাটিয়া থানাৰ সহকাৰী উপ-পৰিদৰ্শক চবিন পাল দাসক ঘোচ লোৱাৰ অৱস্থাতে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰে (Goalpara police officer arrested red handed)৷

গোৱালপাৰা, 7 আগষ্ট: গোৱালপাৰাত পুনৰ আৰক্ষীৰ জালত আৰক্ষী ৷ এইবাৰ ঘোচ লৈ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত মাটিয়া থানাৰ সহকাৰী উপ-পৰিদৰ্শক চবিন পাল দাস । ৩৫ হাজাৰ টকা উৎকোচ লওঁতে গোৱালপাৰাত হাতে-লোটে ধৰা পৰিল উপ-পৰিদৰ্শক চবিন পাল দাস (Goalpara police officer arrested red handed) ।

চবিন পাল দাসৰ ঘৰ গোৱালপাৰা চহৰৰ বেলতলাত । দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলটোৱে ছবিন পালৰ বাসগৃহতো অভিযান চলায় । দুৰ্নীতি শাখাৰ অভিযানত ঘোচখোৰ আৰক্ষী বিষয়াগৰাকীৰ বাসগৃহৰ পৰা বহু নথি পত্ৰ উদ্ধাৰ কৰে যদিও সাংবাদিকে সোধা প্ৰশ্নৰ কোনো উত্তৰ নিদিলে দুৰ্নীতি শাখাৰ দলটোৱে ৷

ঘোচ খোৱা পুলিচক থানাৰ পৰাই উঠাই নিলে দুৰ্নীতি নিবাৰক শাখাই

উল্লেখযোগ্য যে, ASI ছবিন পাল দাসে গোচৰ সংক্ৰান্তত উৎকোচ লোৱাৰ অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপিত হৈ আহিছিল । সেয়েহে আজি চাৰি মাহ পূৰ্বে মহিলা এগৰাকীক পলুৱাই নিয়া এক গোচৰ নিষ্পত্তি কৰাৰ বাবদ ৫৫ হাজাৰ টকা দাবী কৰিছিল ASI ছবিন পালে । ভুক্তভোগী দুখীয়া পৰিয়ালটোৱে ৫৫ হাজাৰ টকাৰ দিব নোৱাৰাত ঘোচখোৰ আৰক্ষী বিষয়াগৰাকীয়ে বিভিন্ন অশ্লীল ভাষাৰে গালিগালাজো পাৰিছিল ।

শেষত ৩৫ হাজাৰ টকা ল’বলৈ মান্তি হৈছিল গোচৰ নিষ্পত্তি কৰি দিয়াৰ নামত । সেয়েহে আজি ৩৫ হাজাৰ টকা ASI গৰাকীক আদায় দিওঁতে হাতে-লোটে ধৰে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই (Goalpara police officer arrested for taking bribe)।

লগতে পঢ়ক: Ranjit Kumar Dass at Bihpuria: ৰণজিৎ দাসে ক’লে; শিক্ষাখণ্ডত দুৰ্নীতি থকাটো পুনৰ প্ৰমাণিত হ’ল

Last Updated :Aug 7, 2022, 7:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.