ETV Bharat / state

অসম-অৰুণাচল সীমান্তত ব্যাপক অভিযান

author img

By

Published : Sep 30, 2020, 8:20 PM IST

Extensive operation on Assam Arunachal border rangapara sonitpur assam etv bharat news
অসম-অৰুণাচল সীমান্তত ব্যাপক অভিযান

এসপ্তাহে উদ্ধাৰ নহ’ল সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ সুৰক্ষা বাহিনীৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিয়া ৰাইফল ৷ শোণিতপুৰৰ মিছামাৰীৰ অসম-অৰুণাচল সীমান্তত ব্যাপক অভিযান আৰক্ষী- চিআৰপিএফৰ ৷

ৰঙাপৰা,30 ছেপ্তেম্বৰ: সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ সুৰক্ষা বাহিনীৰ হাতৰ পৰা দুটাকৈ থ্ৰী নট থ্ৰী ৰাইফল দুৰ্বৃত্তই কাঢ়ি লৈ যোৱাৰ এসপ্তাহৰ পাছতো কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে ৷ শোণিতপুৰৰ মিছামাৰীৰ অভয়াৰণ্যখনৰ 24 নং বন শিবিৰত বিগত 23 ছেপ্তেম্বৰত অচিনাক্ত দুৰ্বৃত্তই দিনৰ পোহৰতে প্ৰৱেশ কৰি লৈ যায় দুটাকৈ থ্ৰী নট থ্ৰী ৰাইফল ৷ ঘটনা সংক্ৰান্তত মিছামাৰী আৰক্ষী থানাত গোচৰ ৰুজু হোৱাৰ পাছতেই আৰক্ষীয়ে অভিযান আৰম্ভ কৰে ৷

অসম-অৰুণাচল সীমান্তত ব্যাপক অভিযান

এই কাণ্ডই এসপ্তাহ অতিক্ৰমৰ পিছত বুধবাৰে অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাতোৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ৰাইফল দুটা বিচাৰি তীব্ৰ অভিযান চলায় ৷ কিন্তু এই অভিযানত কোনো সফলতা লাভ কৰিবলৈ সক্ষম নহ’ল আৰক্ষী ৷ ইফালে এই ঘটনাৰ পিছতে শিবিৰত কৰ্তব্যৰত প্ৰমোদ নাথ আৰু বিশ্বজিৎ ৰয়ক আৰক্ষীয়ে আটক কৰি সোধ-পোছ কৰাৰ অন্তত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

লগতে চাওকঃ বৰপেটা আৰক্ষীৰ জালত ভুৱা পৰিচয়েৰে যুৱতীক পলুৱাই নিয়া যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.