ETV Bharat / state

বৰপেটা আৰক্ষীৰ জালত ভুৱা পৰিচয়েৰে যুৱতীক পলুৱাই নিয়া যুৱক

author img

By

Published : Sep 30, 2020, 7:11 PM IST

ভুৱা ফেচবুক একাউন্ট খুলি বৰপেটাৰ বামনা গাঁৱৰ এগৰাকী আৰ্থিকভাৱে দুৰ্বল যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি যুৱতীগৰাকীক পলুৱাই নিয়া যুৱক পৰিল আৰক্ষীৰ জালত ৷

বৰপেটা আৰক্ষী
বৰপেটা আৰক্ষী

বৰপেটা, 30 ছেপ্তেম্বৰ: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে লাভ জেহাদৰ ঘটনা ৷ অনুৰূপ ঘটনা সংঘটিত হ'ল বৰপেটাৰ এগৰাকী যুৱতীৰ সৈতেও ৷ অভিযোগ অনুসৰি,নলবাৰীৰ মুস্তাফা হুছেইন নামৰ বিবাহিত আৰু এটা সন্তানৰ পিতৃয়ে দেৱ বৰ্মন নামেৰে ভুৱা ফেচবুক একাউন্ট খুলি বৰপেটাৰ বামনা গাঁৱৰ এগৰাকী আৰ্থিকভাৱে দুৰ্বল যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল ৷ নলবাৰীৰ অতুল বৰ্মণ আৰু বুলু বৰ্মণৰ পুত্ৰ বুলি পৰিচয় দি মুস্তাফাই যুৱতী গৰাকীৰ ঘৰলৈ গৈ বিবাহৰ প্ৰস্তাৱো প্ৰদান কৰিছিল ৷

বৰপেটা আৰক্ষীৰ জালত ভুৱা পৰিচয়েৰে যুৱতীক পলুৱাই নিয়া যুৱক

পিছে,ঘৰৰ মানুহে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছোৱালীক বিয়া কৰিবলৈ নিদিয়ে বুলি মিছা কথা কৈ বিগত নৱেম্বৰ মাহতে মুস্তাফাই যুৱতীগৰাকীক পলুৱাই নিয়ে ৷ পৰিয়ালৰ সন্মতি অবিহনে বিয়া কৰোৱাৰ বাবে ঘৰলৈ যাবলৈ নিদিয়ে বুলি কৈ গুৱাহাটীত এটা ভাড়াঘৰত ৰাখিছিল যুৱতীগৰাকীক ৷ শেহতীয়াভাৱে পৰিয়ালৰ লোকে দেৱ বৰ্মন বুলি পৰিচয় দিয়া যুৱকজন মুছলমান বুলি জানিব পাৰি বৰপেটা সদৰ থানাত যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷ তাৰ পাচতে আৰক্ষীয়ে অনুসন্ধান চলাই যুৱতী গৰাকীক উদ্ধাৰ কৰাৰ লগতে, মুস্তাফা হুছেইনক আটক কৰিবলৈ সক্ষম হয় ৷ মুস্তাফা হুছেইনে হিন্দু পৰিচয়েৰে আন কেইজনমান মুছলমান যুৱকৰ সৈতে বৰপেটা সত্ৰ দৰ্শন কৰিবলৈ গৈছিল বুলিও যুৱতীগৰাকীৰ পৰিয়ালে জানিবলৈ দিয়ে ৷ লাভ জেহাদৰ বলি হোৱা যুৱতীগৰাকীৰ পৰিয়ালে সম্প্ৰতি ন্যায় বিচাৰিছে ৷

লগতে পঢ়ক: SI কাণ্ডৰ বিৰুদ্ধে নগাঁৱত NSUI উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.