ETV Bharat / state

Eviction in forestland: বনাঞ্চলত উচ্ছেদ চলাব চৰকাৰে

author img

By

Published : Aug 5, 2022, 8:28 PM IST

Eviction will be carried out in Assam forest says Parimal Shuklavaidya
অসম চৰকাৰে বনাঞ্চলত চলাব উচ্ছেদ অভিযান: বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য

শীঘ্ৰেই বনাঞ্চলত অসম চৰকাৰে চলাব উচ্ছেদ অভিযান(Eviction in forest areas of Assam) ৷ ইতিমধ্যে, সংসদৰ মজিয়াত ভাৰতৰ ভিতৰতে সৰ্বাধিক অসমৰ বনাঞ্চল বেদখল হৈছে আৰু ইয়াৰ পৰিমাণ প্ৰায় ৫০.৯% ৷ তেজপুৰত লোক কল্যাণ দিৱস অনুষ্ঠানত এই মন্তব্য প্ৰাক্তন বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ৷

তেজপুৰ, 5 আগষ্ট: শীঘ্ৰেই বনাঞ্চলত অসম চৰকাৰে চলাব উচ্ছেদ অভিযান(Eviction in forest areas of Assam) ৷ ইতিমধ্যে, সংসদৰ মজিয়াত ভাৰতৰ ভিতৰতে সৰ্বাধিক অসমৰ বনাঞ্চল বেদখল হৈছে আৰু ইয়াৰ পৰিমাণ প্ৰায় ৫০.৯% ৷ তেজপুৰত এই মন্তব্য প্ৰাক্তন বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ৷

অসম চৰকাৰে বনাঞ্চলত চলাব উচ্ছেদ অভিযান: বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য

ৰাজ্যৰ অধিকাংশ বনাঞ্চল বা বনভূমিত জনজাতীয় লোকসকলে বসবাস কৰি আছে ৷ এফালে, চৰকাৰে সেইসকল লোকক ভূমিপত্তা দিয়াৰ যো জা কৰি থকাৰ সময়তে পৰিমল শুক্লবৈদ্যৰ মন্তব্য প্ৰকাশ কৰি কয় যে, যদি অসমৰ বনাঞ্চল অবৈধভাৱে বেদখল কৰিছে তেন্তে জনজাতীয় লোকসকলকো বনাঞ্চলৰ পৰা উচ্ছেদ কৰা হ’ব ৷

Eviction will be carried out in Assam forest says Parimal Shuklavaidya
অসম চৰকাৰে বনাঞ্চলত চলাব উচ্ছেদ অভিযান: বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য

এটা সময়ত বনাঞ্চল বা বনভূমিত বসবাস কৰা সকলক এক প্ৰক্ৰিয়াৰ মাজেৰেহে ভূমিপত্তা দিয়া হ'ব বুলি শুকুৰবাৰে তেজপুৰত লোক কল্যাণ দিৱসৰ কাৰ্যসূচীত (Lok Kalyan Divas observed in Tezpur) অংশ লৈ বনাঞ্চলৰ বেদখল আৰু উচ্ছেদ সম্পৰ্কত দুমুখীয়া মন্তব্য কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

Eviction will be carried out in Assam forest says Parimal Shuklavaidya
অসম চৰকাৰে বনাঞ্চলত চলাব উচ্ছেদ অভিযান: বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য

ইফালে, অসমলৈ নিতৌ অৰুণাচলী সুৰা সৰবৰাহৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে কৰি কয় যে, পূৰ্বতকৈ সৰবৰাহ হ্ৰাস হৈছে যদিও কিন্তু বন্ধ হোৱা নাই ৷ আৱকাৰী বিভাগৰ পৰা বিগত বৰ্ষত চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিছে ৷ ইয়ে প্ৰমাণ কৰে অৰুণাচলী সুৰাৰ ব্যৱসায় অসমত হ্ৰাস পাইছে ৷

Eviction will be carried out in Assam forest says Parimal Shuklavaidya
অসম চৰকাৰে বনাঞ্চলত চলাব উচ্ছেদ অভিযান: বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য

আনহাতে, শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা লোক কল্যাণ দিৱস অৰ্থাৎ গোপীনাথ বৰদলৈৰ স্মৃতি দিৱসত(Lok Kalyan Divas 2022) মন্ত্ৰীগৰাকীয়ে অংশ লৈ প্ৰয়াত স্বাধীনতা সংগ্ৰামী তথা অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীক শ্ৰদ্ধা জনোৱাৰ লগতে তিনিগৰাকী কৰ্মচাৰীলৈ লোক সেৱা বঁটা প্ৰদান কৰে(Distribution of Lok Sewa Award by Assam govt)৷

লগতে পঢ়ক : Lok Kalyan Divas: লোক কল্যাণ দিৱস উপলক্ষ্যে মাজুলীত লোকসেৱা পুৰস্কাৰ বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.