Lok Kalyan Divas: লোক কল্যাণ দিৱস উপলক্ষ্যে মাজুলীত লোকসেৱা পুৰস্কাৰ বিতৰণ

author img

By

Published : Aug 5, 2022, 6:24 PM IST

lok-kalyan-divas-observed-at-majuli

সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীতো উদযাপন কৰিছে লোক কল্যাণ দিৱস(Lok Kalyan Divas observed at Majuli) । লোক কল্যাণ দিৱস উদযাপনৰ লগত সংগতি ৰাখি প্ৰদান কৰা হয় লোকসেৱা পুৰস্কাৰ । ইফালে উক্ত অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা ।

মাজুলী, 5 আগষ্ট: সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীতো শুকুৰবাৰে উদযাপন কৰা হয় লোক কল্যাণ দিৱস । মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত শ্ৰী শ্ৰী মাধৱদেৱ কৃষ্টি সংঘ খোনাচূক গড়মুৰত অনুষ্ঠিত হৈছে যায় লোক কল্যাণ দিৱস । ভাৰত ৰত্ন লোকপ্ৰীয় গোপীনাথ বৰদলৈৰ মৃত্যু বাৰ্ষিকী উপলক্ষে নদীদ্বীপ জিলা মাজুলীতো লোক কল্যাণ দিৱস উদযাপন কৰা হয়(Lok Kalyan Divas observed at Majuli) ।

lok-kalyan-divas-observed-at-majuli
লোক কল্যাণ দিৱস উপলক্ষ্যে মাজুলীত লোকসেৱা পুৰস্কাৰ বিতৰণ

ইফালে, লোক কল্যাণ দিৱস উদযাপনৰ লগত সংগতি ৰাখি প্ৰদান কৰা হয় লোকসেৱা পুৰস্কাৰ(Distribution of Lok Sewa Award by Assam govt) । মাজুলীত অনুষ্ঠিত লোক কল্যাণ দিৱস অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ কৃষি, পশুপালন, সীমা সুৰক্ষা আৰু অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰা ।

lok-kalyan-divas-observed-at-majuli
লোক কল্যাণ দিৱস উপলক্ষ্যে মাজুলীত লোকসেৱা পুৰস্কাৰ বিতৰণ

লোক কল্যাণ দিৱসত উপস্থিত থাকি ৰাজ্যৰ মন্ত্ৰী অতুল বৰাই কয় যে, "আজিৰ দিনতো এক স্মৰণীয় দিন ।" কিয়নো ৰাজ্যৰ এগৰাকী পুৰুধা ব্যক্তিৰ মৃত্যু দিন । সেয়ে সমগ্ৰ ৰাজ্যতে আজি পালন কৰা হৈছে লোক কল্যাণ দিৱস ।

অতুল বৰাই লগতে কয় যে, কংগ্ৰেছে আজিৰ দিনটোত প্ৰতিবাদ কৰিছে । প্ৰতিবাদ কৰি লোকপ্ৰীয় গোপীনাথ বৰদলৈক চৰম অপমান কৰিছে । আজিৰ দিনতো এক পবিত্ৰ দিন । সমগ্ৰ ৰাজ্যতে আজিৰ দিনটোত লোক কল্যাণ দিৱস পালন কৰা হৈছে কিন্তু কংগ্ৰেছে আজি প্ৰতিবাদহে কৰিছে । কংগ্ৰেছে আজি দিনতোত গোপীনাথ বৰদলৈক শ্ৰদ্ধা জনাব লাগিছিল কিন্তু প্ৰতিবাদ কৰিছে সেয়াহে এক অশুভনীয় সংকেত ।

lok-kalyan-divas-observed-at-majuli
লোক কল্যাণ দিৱস উপলক্ষ্যে মাজুলীত লোকসেৱা পুৰস্কাৰ বিতৰণ

শেহতীয়াকৈ ৰাজ্যত বানপানীয়ে যি ধ্বংশলীলা চলালে তাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বানপানী হোৱা প্ৰতিখন জিলালৈ এগৰাকী মন্ত্ৰী গৈ পৰিস্থিতি বুজ লৈছে আৰু সকলো জৰীপ হোৱা পিছত সেই লোকসকলক উপযুক্ত ক্ষতিপূৰণ দিব ৰাজ্য চৰকাৰে ।

লোক কল্যাণ দিৱস উপলক্ষ্যে মাজুলীত লোকসেৱা পুৰস্কাৰ বিতৰণ

তেওঁ লগতে কয় যে, অসমীয়া মাধ্যমৰ বিদ্যালয়ত গণিত আৰু বিজ্ঞান বিষয় দুটাক লৈ ইংৰাজী মাধ্যমত পাঠদান কৰাক লৈ যি বিতৰ্ক হৈছে তাক লৈ বিতৰ্ক কৰিব লগা একো কাৰণ নাই । গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত হ'লেও কোনো ক্ষতি নহয় । ৰাজ্য চৰকাৰে অসম আৰু অসমৰ ৰাইজৰ ক্ষতি কৰা কাম কেতিয়াও নকৰে ।

লগতে পঢ়ক : Lok Kalyan Award Declared : 99 গৰাকী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক লোক কল্যাণ পুৰস্কাৰৰ বাবে নিৰ্বাচিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.