ETV Bharat / state

Orang National Park: বুধবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ 4 টা চৰত চলিব উচ্ছেদ

author img

By

Published : May 30, 2023, 1:41 AM IST

Eviction Drive in Orang National Park
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উচ্ছেদ অভিযান

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত দেওবাৰৰ পৰা চলিছে বৃহৎ উচ্ছেদ অভিযান ৷ সোমবাৰে অৰ্থাৎ দ্বিতীয় দিনাও প্ৰথম দিনৰ বাকী থকা অংশত চলে উচ্ছেদ অভিযান (Eviction Drive in Orang National Park) ৷

তেজপুৰ, 29 মে' : ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় সংযোজনত দেওবাৰৰ পৰা চলিছে বৃহৎ উচ্ছেদ অভিযান ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ শোণিতপুৰৰ মুঠ 5টা চৰ-চাপৰিত চলিছে এই উচ্ছেদ অভিযান ৷ সোমবাৰে দ্বিতীয় দিনৰ অভিযানত প্ৰথম দিনৰ বাকী থকা অংশত এই উচ্ছেদ চলে ৷ সোমবাৰে কেৱল কৃষি ভূমিতহে উচ্ছেদ অভিযান চলে বুলি জানিবলৈ দিয়ে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই (Eviction Drive Begins in Orang National Park) ৷

উচ্ছেদ হ’ব লগা স্থানৰ পৰা ইতিমধ্যেই আঁতৰি গৈছে অধিকাংশ বেদখলকাৰী ৷ এই লোকসকল নগাঁও আৰু মৰিগাঁও জিলাৰ লোক, যিসকলে চৰ-চাপৰি অঞ্চলত খেতি কৰিবলৈ আহিছিল বুলি জানিব পৰা গৈছে ৷ এই বেদখলকাৰী বহুলোকৰে আন ঠাইত নিজা ঘৰ আছে আৰু সেই ঠাইলৈ তেওঁলোক আঁতৰি গৈছে (Eviction Drive in Orang National Park) ৷

শোণিতপুৰৰ বৰছলাত 9 টা চৰত এই উচ্ছেদ অভিযানৰ বাবে দুদিন সময় লোৱা হৈছিল যদিও আজি দ্বিতীয় দিনা উচ্ছেদ হ’বলগীয়া অন্য চাৰিটা স্থানত উচ্ছেদৰ বাবে অভিযানকাৰীৰ দল উপস্থিত হ’ব নোৱাৰিলে ৷ কাৰণ ব্ৰহ্মপুত্ৰৰ মাজেৰে সকলো ধৰণৰ যান-বাহন পাৰ কৰি নিয়াটো সম্ভৱ হৈ উঠা নাছিল (Orang National Park) ৷

উচ্ছেদ হ’বলগীয়া সৰ্বমুঠ বেদখলকাৰীৰ ঘৰ হৈছে 4,980 টা, বেদখলকাৰী হ’ল 797 জন ৷ প্ৰথম দিনা উচ্ছেদ চলিল শোণিতপুৰৰ ঠেংভঙা চৰ, চৰ্দাৰ চৰ, বিশখুটি চৰ, পানচু চৰ, টেঙাগুৰী চৰত৷ ইয়াত 3,187 টা ঘৰ থকাৰ লগতে বেদখলকাৰী আছে 512 জন ৷ দ্বিতীয় দিনা অৰ্থাৎ 29 মে’ত উচ্ছেদ চলিবলগা বৰছলা সমষ্টিৰ মুছলিম চৰ, চাদ্দুটিলা চৰ, শিঙৰী চৰ, চিতলমাৰী চৰত মঙলবাৰে চলিব উচ্ছেদ অভিযান ৷ ইয়াত 1,893 টা ঘৰ থকাৰ বিপৰীতে বেদখলকাৰী আছে 285 জন (Encroachment at Orang National Park) ৷

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় সংযোজনত এই দুদিনত 9 টা চৰত 11 হাজাৰ বিঘা ভূমিত চলিব উচ্ছেদ অভিযান ৷ ইতিমধ্যে বহু সংখ্যক বেদখলকাৰী এই স্থানতে আছে, কাৰণ নদী পাৰ হৈ যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোক ৷ প্ৰথম দিনা পাঁচটা চৰত 487 টা ঘৰ, 430 বিঘা কৃষি ভূমিৰ লগতে মুঠ 985 হেক্টৰ ভূমি বেদখল মুক্ত কৰা হয় ৷ আনহাতে প্ৰথম দিনা উচ্ছেদৰ বাবে নিয়া দুখন চৰকাৰী ট্ৰেক্টৰ মেচিন নাৱত উঠাওঁতেই ব্ৰহ্মপুত্ৰত ডুব যায় ৷ অৱশ্যে তাৰে এখন উদ্ধাৰ কৰা হয় যদিও আনখন ট্ৰেক্টৰ উদ্ধাৰ কৰিব পৰা নগ’ল বুলি এক বিশেষ সূত্ৰত জানিব পৰা গৈছে ৷ ৰাষ্ট্ৰীয় উদ্যানখনত বুধবাৰে শোণিতপুৰৰ অংশত আৰু তাৰ পাছত দৰং জিলাৰ অংশত উচ্ছেদ আৰম্ভ কৰিব প্ৰশাসনে ৷

লগতে পঢ়ক: Witch Hunting in Dhemaji:ডাইনীকাণ্ডৰ সাত অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.