ETV Bharat / state

Witch Hunting in Dhemaji:ডাইনীকাণ্ডৰ সাত অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ

author img

By

Published : May 29, 2023, 5:15 PM IST

বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ যুগত আজিও একাংশ ব্যক্তি অন্ধবিশ্বাসৰ কবলৰ পৰা মুক্ত হ’ব পৰা নাই ৷ ডাইনীৰ সন্দেহত পুনৰ অমানুষিক অত্যাচাৰ চলোৱাৰ ঘটনা সংঘটিত হৈছে ৷ ধেমাজিৰ চিচিবৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত বৰলুং বিজয়পুৰ বালি গাঁৱত সংঘটিত হৈছে এনে এক ঘটনা (Women Tortured in Dhemaji) ৷

Women Tortured in The Name of Witch Hunting
ডাইনীৰ সন্দেহত অত্য়াচাৰ

ডাইনীৰ সন্দেহত অত্য়াচাৰ

জোনাই, ২৯ মে': ধেমাজিৰ চিচিবৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত বৰলুং বিজয়পুৰ বালি গাঁৱত সংঘটিত হৈছে ডাইনীৰ সন্দেহত অত্য়াচাৰ চলোৱাৰ ঘটনা (Women Tortured in The Name of Witch Hunting) বৰলুং গাঁও পঞ্চায়তৰ বিজয়পুৰ বালিজান গাঁৱত যোৱা ১৭ মে'ত সংঘটিত হৈছিল মানৱ সভ্যতাক লজ্জানত কৰা এক ঘটনা । মাটিবাৰী সম্পৰ্কীয় এক বিবাদক কেন্দ্ৰ কৰি এগৰাকী মহিলাক তেওঁৰে পৰিয়ালৰ কেইজনমান লোকে ডাইনী সজাই চলাইছিল নিৰ্মম অত্যাচাৰ । ঘটনাৰ পিছত মহিলাগৰাকী চিকিৎসাধীন হৈ আছিল । এই ঘটনাত জড়িত থকাৰ অভিযোগত চাৰিগৰাকী মহিলাসহ সাতগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ।

ৰাজ্যজুৰি তোলপাৰ লগায় এই অমানৱীয় বৰ্ব্বৰ কাণ্ডই (Women Tortured for Witch Hunting)। সেই সন্দৰ্ভত মহিলাগৰাকীৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত চিলাপথাৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ৩২৫, ৩৫৪, ৫০৬ আৰু ৩৪ ধাৰা আৰু আসাম উইটচ হান্টিং (The Assam Witch Hunting Prohibition Act) আইন-২০১৫ ৰ ৭ ধাৰাত ১০৫/২৩ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰা হয় যদিও মূল অভিযুক্ত কেইগৰাকী পলাতক হৈ আছিল ।

নিশা ধেমাজিৰ উপ-আৰক্ষী অধীক্ষক আবুটানি দলেৰ নেতৃত্বত যোৱা চিচিবৰগাঁও, চিলাপথাৰ,ধেমাজি আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনীৰ এটা এশ জনীয়া দলে গোটেই নিশা অভিযান চলাই সোমবাৰে পুৱা ঘটনাৰ মূল অভিযুক্ত বিজয়পুৰ বালিজান গাঁৱৰ বুধিন মিচং,নামনি বালিজান গাঁৱৰ ভৱ মিচং আৰু বিজয়পুৰ বালিজানৰ টংকেশ্বৰ মিচঙকে ধৰি চাৰিগৰাকী মহিলাসহ মুঠ সাতগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে (Witch hunting in Assam)।

উল্লেখ্য় যে ধেমাজিৰ ভাইৰেল হোৱা এটা বিশেষ ভিডিঅ'ই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ জিলাখনতে ৷ ভিডিঅ'টোত দেখা গৈছে এগৰাকী মহিলাক বান্ধি পথে পথে ঘূৰাই আছে একাংশ লোকে ৷ মহিলাগৰাকীৰ ডিঙিত আঁৰি দিয়া হৈছে চেণ্ডেল, গছৰ পাত, শৰীৰৰত সানি দিয়া হৈছে বোকা ৷ ঢোল বজাই, হাই-উৰুমি কৰি মহিলাগৰাকীক লাঠি, এচাৰিৰে খুঁচি খুঁচি গাঁৱৰ কোনো পথৰে যাত্ৰা কৰিছে এটা দলে ৷ দলটোত আছে শিশুৰ পৰা বহু বয়স্ক লোক ৷

লগতে পঢ়ক:Witch Hunting in Dhemaji: ধেমাজিৰ বালিগাঁৱত ডাইনী সজাই মহিলাক অমানুষিক অত্যাচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.