ETV Bharat / state

Drugs Seized in Tezpur: তেজপুৰত একে নিশাই ড্ৰাগছসহ 8 সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

author img

By

Published : Feb 6, 2023, 12:26 PM IST

শোণিতপুৰত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ ৷ একে নিশাই শোণিতপুৰ আৰক্ষীয়ে (Sonitpur Police) দুটাকৈ স্থানত অভিযান চলাই ড্ৰাগছসহ 8 সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (drugs peddlers detained in Sonitpur)৷

Drugs Seized along with 4 peddlers detained
তেজপুৰত একে নিশাই ড্ৰাগছসহ 8 গৰাকীক গ্ৰেপ্তাৰ

তেজপুৰ, 6 ফেব্ৰুৱাৰী: ৰাজ্যজুৰি ৰঘুমলাৰ দৰে বিয়পিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ অসম আৰক্ষীয়ে প্ৰতিদিনে নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ লগতে সেৱন কৰাৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলাই অহাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ (Operation against drugs)৷ আৰক্ষীৰ চকুত ধুলি দি ন ন উপায় অৱলম্বন কৰি একাংশ সৰবৰাহকাৰীয়ে প্ৰতিদিনে নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ কৰি আহিছে (Anti Drugs Mission in Assam)৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এইবাৰ তেজপুৰৰ কলীয়া ভোমাৰা সেতুৰ সমীপত শোণিতপুৰ আৰক্ষীয়ে (Sonitpur Police) দেওবাৰে নিশা এক অভিযান চলায় ৷

শোণিতপুৰ জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষক, তেজপুৰ সদৰ থানাৰ বিষয়াৰ লগতে বাৰঘাট জামুগুৰিহাট আৰক্ষী চকীৰ বিষয়াৰ নেতৃত্বত চলা এই তালাচী অভিযানত আৰক্ষীৰ দলটোৱে পৃথকে পৃথকে মহিলাসহ মুঠ 8 গৰাকী লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে দুখন গাড়ী জব্দ কৰে (8 peddlers detained in Sonitpur)৷

প্ৰথমটো অভিযানত AR 01F 0999 নম্বৰৰ এখন ইন’ভা গাড়ীত ডিমাপুৰৰ পৰা অৰুণাচল প্ৰদেশ লৈ আহি থকা অৱস্থাত আৰক্ষীয়ে অভিযান চলাই 10 টা চাবোনৰ বাকচত 100.20 গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে ৷ লগতে গাড়ীখনত অহা তিনিগৰাকী লোককো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় (Drugs Seized in Sonitpur) ৷ আটকাধীন লোককেইজন হ’ল ধেমাজিৰ অনিল পদুম, লেকাম লোলো আৰু অৰুণাচল প্ৰদেশৰ মহিলা দাগবি ৰিমে (3 peddlers detained in Sonitpur)৷

ইয়াৰ সমান্তৰালকৈ তেজপুৰ বাৰঘাটত আৰক্ষীয়ে নিশা আন এক অভিযান চলাই AS 12/AE 7273 নম্বৰৰ এখন গাড়ীৰ পৰা পাঁচজন লোকৰ সৈতে 12 গ্ৰাম হেৰ’ইন জব্দ কৰে (5 peddlers detained in Sonitpur)৷ ইয়াৰোপৰি ধৃত লোককেইজনৰ পৰা চেইন কাটাৰ যন্ত্ৰ, লোহাৰ ৰড আৰু কিছু আপত্তিজনক সামগ্ৰী জব্দ কৰে ৷

ধৃত লোককেইজন হ’ল ঢেঁকীয়াজুলিৰ ভেৰগাঁৱৰ হজৰত আলী , গোলাঘাটৰ গুলজাৰ আহমেদ, কৰিমগঞ্জৰ নীলামবজাৰৰ আবুল হুছেইন, ডিমাপুৰৰ ইঞ্জন আলী আৰু ঢেঁকীয়াজুলিৰ চাহিল আলী ৷ সম্প্ৰতি আৰক্ষীয়ে অভিযুক্ত 8 জনকে সোধা পোছা অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে জানোৱা অনুসৰি এই পাঁচ অভিযুক্তই ড্ৰাগছ সৰবৰাহৰ বাবে তেজপুৰ পাঁচমাইল অঞ্চলত প্ৰৱেশ কৰাৰ খবৰ পাই আৰক্ষীয়ে নাকা চেকিং আৰম্ভ কৰাত এই সামগ্ৰীসমূহ জব্দ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক: Timber loaded truck seized: তিনিচুকীয়াত কাঠভৰ্তি ট্ৰাকসহ চালকক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.