ETV Bharat / state

Eviction at Orang National Park : ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ তৃতীয় দিনাৰ উচ্ছেদ অভিযানত নিহত এগৰাকী আৰক্ষী বিষয়া

author img

By

Published : May 30, 2023, 9:12 PM IST

Cops died on Eviction at Orang National Park
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পৰিল প্ৰশাসনৰ হাতোৰা

মঙলবাৰে আছিল ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চলোৱা উচ্ছেদৰ তৃতীয়টো দিন (Eviction Drive at Orang National Park)৷ তৃতীয় দিনা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বৰছলাত ৯ টা চৰত এই উচ্ছেদ চলোৱা হয় ৷ এই উচ্ছেদ অভিযানৰ সময়চোৱাতে মৃত্যু হয় এগৰাকী আৰক্ষীৰ উপ পৰিদৰ্শকৰ (Cops died on Eviction at Orang National Park)৷ নাম দীজেন বৰা ৷

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পৰিল প্ৰশাসনৰ হাতোৰা

তেজপুৰ, ৩০ মে’ : অৱশেষত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পৰিল প্ৰশাসনৰ হাতোৰা ৷ এই অভিযানৰ আজি অৰ্থাৎ মঙলবাৰে আছিল তৃতীয়টো দিন (Eviction Drive at Orang National Park) ৷ এই উচ্ছেদ অভিযানৰ তৃতীয়টো দিনা সংঘটিত হয় এক অঘটন । পূৰ্বৰ দুটা দিনৰ লেখীয়াকৈ মঙলবাৰেও এই উচ্ছেদ অভিযান চলি থকাৰ সময়তে এগৰাকী আৰক্ষীৰ উপ পৰিদৰ্শকৰ মৃত্যু হয় (Cops died on Eviction at Orang National Park) । মৃত্যু হোৱা আৰক্ষী বিষয়াগৰাকীৰ নাম দীজেন বৰা বুলি জানিব পৰা গৈছে ৷

উৎকঠ গৰমৰ বাবেই হৃদক্ৰিয়া বন্ধ হৈ আৰক্ষী বিষয়া দীজেন বৰাৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ এই কথা সদৰী কৰিছে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই । লগতে তেওঁ কয় যে, সদ্য প্ৰয়াত আৰক্ষী উপ পৰিদৰ্শকগৰাকী মৰিগাঁও জিলাৰ মায়ং থানাত কৰ্মৰত আছিল ৷ শোণিতপুৰৰ এই উচ্ছেদ অভিযানৰ বাবে অতিৰিক্তভাৱে তেওঁক মকৰল কৰা হৈছিল ৷

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ শোণিতপুৰৰ জিলাৰ বৰছলাৰ ৯ টা চৰত এই উচ্ছেদ অভিযান চলোৱা হৈছিল ৷ যাৰ বাবে শোণিতপুৰ জিলা প্ৰাশাসনে দুদিনৰ সময় লৈছিল যদিও আজি তৃতীয় দিনা উচ্ছেদ চলাবলগীয়া হ’ল অন্য চাৰিটা স্থানত ৷ কাৰণ ব্ৰহ্মপুত্ৰৰ মাজেৰে সকলো ধৰণৰ যান বাহন পাৰ কৰাটো সম্ভৱ হৈ পৰা নাছিল (Eviction drive at Orang National Park to clear animal corridor)৷

উচ্ছেদ হোৱা সৰ্বমুঠ বেদখলকাৰীৰ ঘৰ আছিল ৪৯৮০ টা আৰু বেদখলকাৰীৰ সংখ্যা হ’ল ৭৯৭ জন ৷ জিলা প্ৰশাসনৰ পৰা লাভ কৰা তথ্য অনুসৰি, প্ৰথম দিনা উচ্ছেদ চলিল শোণিতপুৰৰ ঠেংভঙা, চৰ্দাৰ, বিশখুটি, পানচু আৰু টেঙাগুৰী চৰত ৷ ইয়াত ৩১৮৭ টা ঘৰ থকাৰ লগতে অবৈধ বেদখলকাৰী আছিল ৫১২ জন (Encroachment at Orang National Park) ৷

দ্বিতীয় দিনা অৰ্থাৎ ২৯ মে’ তাৰিখে বৰছলা সমষ্টিৰ মুছলিম চৰ, চাদ্দুটিলা চৰ, শিঙৰী চৰ, চিতলমাৰী চৰত উচ্ছেদ চলোৱা হয় ৷ ইয়াত ১৮৯৩ টা ঘৰ থকাৰ বিপৰীতে অবৈধ বেদখলকাৰী আছিল ২৮৫জন ৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় সংযোজনত ৯ টা চৰত মুঠ ১১ হাজাৰ বিঘা ভূমিত তিনিদিন এই উচ্ছেদ অভিযান চলে ।

অৱশ্যে বৰ্তমানো বহু লোক উক্ত স্থানতে আছে ৷ কাৰণ নদী পাৰ হৈ যাব লগীয়া হোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে এই উচ্ছেদিত লোকসকলে । প্ৰথম দিনা পাঁচটা চৰত ৪৮৭ টা বিভিন্ন ধৰণৰ ঘৰৰ লগতে ৪৩০ বিঘা কৃষি ভূমিত উচ্ছেদ চলোৱা হয় ৷ লগতে মুঠ ৯৮৫ হেক্টৰ ভূমি বেদখল মুক্ত কৰা হয় ।

ইফালে প্ৰথম দিনা উচ্ছেদৰ বাবে নিয়া দুখন চৰকাৰী ট্ৰেক্টৰ মেচিন নাৱত উঠাওঁতেই ব্ৰহ্মপুত্ৰত ডুব যায় ৷ অৱশ্যে তাৰে এখন নাও উদ্ধাৰ কৰা হয় আৰু আনখন উদ্ধাৰ কৰিব পৰা নগ’ল বুলি এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে । তথ্য অনুসৰি, ৰাষ্ট্ৰীয় উদ্যানখনৰ দৰং জিলাৰ অংশত বুধবাৰে শোণিতপুৰ জিলা প্ৰশাসনে উচ্ছেদ চলাব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Orang National Park: বুধবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ 4 টা চৰত চলিব উচ্ছেদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.