ETV Bharat / state

Cooperative society sealed: ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ চাউল হৰলুকিৰ অভিযোগত সমবায় ছীল

author img

By

Published : Mar 23, 2023, 10:41 PM IST

Cooperative society sealed in Tezpur
Cooperative society sealed

দৰিদ্ৰ পেটৰ ভাত কাঢ়ি দালান সাজিছে সমবায়ৰ ঠিকাদাৰে ৷ তেজপুৰত সমবায় সমিতিৰ ঠিকাদাৰৰ বিৰুদ্ধে উঠিছে এই গুৰুতৰ অভিযোগ ৷ ইতিমধ্যে ছীল হ’ল এখন সমবায় সমিতি (Cooperative society sealed) ৷

তেজপুৰ, 23 মাৰ্চ : ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত দৰিদ্ৰৰ বাবে আৱন্টন দিয়া চাউল ক’লা বজাৰত বিক্ৰী কৰিলে চাউল সৰবৰাহ কৰা ঠিকাদাৰে ৷ এক দুই কিলোগ্ৰাম নহয় এখন সমবায়তে 8000 কুইন্টল চাউলৰ হৰলুকি কৰিছে ঠিকাদাৰে ৷ পৰিণতিত শোণিতপুৰ জিলাৰ ঘোৰামাৰী সমবায় সমিতি ছীল কৰিলে শোণিতপুৰ যোগান বিভাগে ৷ ঘটনা সংক্ৰান্তত তদন্তৰ নিৰ্দেশ শোণিতপুৰ প্ৰশাসনৰ (Cooperative society sealed in Tezpur) ৷

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ঘোৰামাৰী সমবায়লৈ আৱন্টিত চাউলৰ পৰা প্ৰায় আঠহেজাৰ কুইন্টল চাউল হৰলুকি হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ সমবায়খনে লাভ কৰিবলগীয়া চাউলৰ ভিতৰত এই সপ্তাহতে প্ৰায় আঠহেজাৰ কুইন্টল চাউল কমকৈ লাভ কৰাৰ বিষয়ে ঘোঁৰামাৰী সমবায়ৰ সম্পাদক ক্ষীৰেশ্বৰ নাথে শোণিতপুৰ খাদ্য আৰু অসামৰিক যোগান বিভাগলৈ এক লিখিত অভিযোগ দাখিল কৰে (Scam in national food security scheme) ৷

লগতে পঢ়ক: Jorhat: বন্দুকৰ গুলীৰ শব্দই পুৱাৰ টোপনি ভাঙে যোৰহাটৰ এখন গাঁৱৰ গঞাৰ

ইয়াৰ পিচতেই বিভাগটোৰ পৰিদৰ্শক ৰিজি বৰুৱাক সমগ্ৰ বিষয়টো তদন্তৰ দায়িত্ব দিয়াৰ পিচত ঘোৰামাৰী সমবায়তেই মুঠ 8000 কুইন্টল প্ৰয়োজনতকৈ কম যোগান ধৰাৰ তথ্য লাভ কৰাত ঘোৰামাৰী সমবায় ছীল কৰি দিয়ে ৷ এই সমবায়ৰ লগতে চামধৰা আৰু বালিপৰা সমবায় দুখনেও আৱন্টিত চাউলতকৈ বহু কম পৰিমাণৰ চাউল লাভ কৰাক লৈ অভিযোগ দাখিল কৰিছে (Cooperative society sealed) ৷

এই সৰবৰাহৰ ঠিকা লাভ কৰা বৰা ট্ৰেন্সপৰ্টৰ স্বত্বাধিকাৰী পংকজ ৰায় বৰাৰ বিৰুদ্ধে চাউল হৰলুকিৰ অভিযোগ উঠিছে ৷ দৰিদ্ৰৰ বাবে আৱন্টিত চৰকাৰী চাউল ক’লা বজাৰত বিক্ৰী কৰি পংকজ ৰায় বৰা আৰু তেওঁৰ ঘনিষ্ঠ ভাস্কৰ পটংগীয়াই টকাৰ পাহাৰ গঢ়া বুলিও জানিব পৰা গৈছে ৷ খাদ্য সুৰক্ষা আঁচনিৰ অধীনত আৱন্টিত বিনামূলীয়া চাউলৰ এই ক’লা বেপাৰ বিভাগটোৰেই একাংশ বিষয়া-কৰ্মচাৰীৰ আশীৰ্বাদত চলাই আহিছিল পংকজ ৰায় বৰাই ৷ তেজপুৰৰ পৰা ক’লা বজাৰলৈ এই চাউল সৰবৰাহ কৰি আহিছিল ভাস্কৰ পটংগীয়াই (Tezpur latest news) ৷

লগতে পঢ়ক: Hagrama slams Pramod Boro: উচ্ছেদ চলালেও ঘৰ নিৰ্মাণ কৰি দিব হাগ্ৰামাই

বৰ্তমান আন দুখন সমবায়ৰ তদন্ত চলোৱাৰ পিচত কিমান এটা বৃহৎ পৰিমাণৰ চাউলৰ ক’লা বজাৰত বিক্ৰী কৰিলে সেয়া পোহৰলৈ আহিব ৷ বিগত বৰ্ষত ভাৰতীয় খাদ্য নিগমৰ ভঁৰালৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত আৱন্টিত বিনামূলীয়া চাউলৰ ঠিকা লাভ কৰিছিল এইকেইজন ঠিকাদাৰে । সমগ্ৰ বিষয়টো তদন্তৰ পিচত বিভাগে এইজন দুৰ্নীতি পৰায়ণ ঠিকাদাৰৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.