ETV Bharat / state

Hagrama slams Pramod Boro: উচ্ছেদ চলালেও ঘৰ নিৰ্মাণ কৰি দিব হাগ্ৰামাই

author img

By

Published : Mar 23, 2023, 8:16 PM IST

2024 চনৰ লোকসভা নিৰ্বাচনৰ লক্ষ্যৰে বিটিআৰত ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে হাগ্ৰামা মহিলাৰী ৷ বৃহস্পতিবাৰে বিশাল ৰাজহুৱা আৰু পদযাত্ৰাত অংশগ্ৰহণ কৰি প্ৰমোদ বড়োৰ বিৰুদ্ধে সৰৱ হৈ পৰে হাগ্ৰামা মহিলাৰী ৷ প্ৰমোদ বড়োৱে প্ৰত্যক্ষভাৱে ছিণ্ডিকেটত জড়িত থকা বুলিও বিস্ফোৰক অভিযোগ হাগ্ৰামাৰ (Allegation against Pramod Boro) ৷

Hagrama slams Pramod Boro
উচ্ছেদ চলালেও ঘৰ নিৰ্মাণ কৰি দিব হাগ্ৰামাই

কোকৰাঝাৰ, 23 মাৰ্চ: বিপিএফ দলৰ উদ্যোগত বৃহস্পতিবাৰে কোকৰাঝাৰৰ বনৰগাওঁ পৰিষদীয় সমষ্টিৰ মাগুৰমাৰীত আৰু হাগ্ৰামা মহিলাৰীৰ গৃহসমষ্টি দেৱৰগাঁৱত বিশাল পদযাত্ৰা আৰু জনজাগৰণ সভা অনুষ্ঠিত হয় । বিপিএফৰ বিশাল পদযাত্ৰা আৰু জনসভাত জনতাৰ পাৰ ভঙা উছাহ পৰিলক্ষিত হয় ৷ এই পদযাত্ৰা আৰু জনসভাত শীৰ্ষ নেতা খাম্পা বৰগয়াৰী, দেৰহাছাৎ বসুমতাৰী, প্ৰমিলা ৰাণী ব্ৰহ্ম, বিপিএফৰ সাধাৰণ সম্পাদক মহেশ্বৰ বসুমতাৰীসহ দলীয় নেতা-কৰ্মীকে ধৰি কেইবা সহস্ৰাধিক বিপিএফৰ সমৰ্থক তথা ৰাইজে অংশগ্ৰহণ কৰে (Hagrama rally in BTR) ।

Hagrama slams Pramod Boro
2024 ৰ লক্ষ্যৰে প্ৰচাৰত নামিছে হাগ্ৰামা

পদযাত্ৰা আৰু ৰাজহুৱা সভা প্ৰমোদ বড়ো হটাও-বিটিচি বচাও, প্ৰমোদ বড়োৰ কাম নাই, বিপিএফ জিন্দাবাদ আদি শ্লোগানেৰে উত্তাল হৈ পৰে ৷ ইফালে, পদযাত্ৰাত অংশগ্ৰহণ কৰা হাগ্ৰামা মহিলাৰীক পদযাত্ৰাৰ সময়ছোৱাত কেইবাঠাইত ৰাইজে পুষ্প ছটিয়াই আদৰণি জনায় । মাগুৰমাৰীৰ পৰা প্ৰায় দুই কিলোমিটাৰ পথ পদযাত্ৰা কৰি আহি হাগ্ৰামা মহিলাৰীয়ে শালবাগান পথাৰত এক বিশাল জনসভাত অংশ লৈ বিটিআৰ প্ৰধান তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ বিৰুদ্ধে সৰব হৈ পৰে (Hagrama Mohilary slams Pramod Boro) ।

প্ৰমোদ বড়োৱে যোৱা তিনি বছৰত একো কাম নকৰিলে বৰং বিটিচি ধ্বংস কৰিবলৈ গৈ আছে বুলি মন্তব্য কৰি প্ৰমোদ বড়ো হটাও-বিটিচি বচাও বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ লগতে তেওঁ কয়, ‘‘প্ৰমোদ বড়োৱে বিটিচি অঞ্চলত শান্তি আনিব পৰা নাই , একতা আনিব পৰা নাই, উন্নয়ন আনিব পৰা নাই ৷’’ প্ৰমোদ বড়োৱে বড়ো মানুহৰ ওপৰতে অত্যাচাৰ কৰিছে , প্ৰতাৰণা কৰিছে বুলি মন্তব্য কৰি আন আন জাতি-জনগোষ্ঠীৰ ওপৰত অত্যাচাৰ কৰাটো প্ৰমোদ বড়োৰ বাবে সাধাৰণ কথা বুলি কয় হাগ্ৰামা মহিলাৰীয়ে ।

বিটিচিত চলি থকা উচ্ছেদক লৈয়ো সৰৱ হৈ পৰিল হাগ্ৰামা মহিলাৰী (Eviction drive in BTR) ৷ তেওঁ কয় যে,বহু ঠাইত উচ্ছেদৰ জাননী দিছে কিন্তু কোনেও ঘৰ এৰি যাব নালাগে ৷ উচ্ছেদ কৰিলে আমি ঘৰ বনাই দিম বুলিও মন্তব্য কৰি 2003 চনৰ বিটিচি চুক্তিৰ দিনটোৰে পৰা যিসকল লোক ইয়াত আছিল তেওঁলোক ইয়াতেই থাকিব বুলি উল্লেখ কৰে মহিলাৰীয়ে ।

Hagrama slams Pramod Boro
হাগ্ৰামা মহিলাৰীৰ বিশাল জনসভা

প্ৰমোদ বড়ো চৰকাৰৰ অডিট হোৱা নাই, হিচাপ দিব নোৱাৰিলে পৰৱৰ্তী সময়ত জালত পৰিব বুলিও মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ ইফালে, প্ৰমোদ বড়োৰ চৰকাৰে এজনকো চাকৰি প্ৰদান নকৰি চাকৰি দিয়াৰ ক্ষমতা দিছপুৰৰ হাতত গতাই দিছে বুলিও অভিযোগ হাগ্ৰামাৰ ৷ শ্ৰীৰামপুৰ গেটত চলা ছিণ্ডিকেটত প্ৰমোদ বড়ো প্ৰত্যক্ষভাৱে জড়িত থকা বুলিও বিস্ফোৰক অভিযোগ হাগ্ৰামাৰ ৷

উল্লেখ্য যে বিটিচি অঞ্চলত শান্তিৰ বাবে বিপিএফৰ উদ্যোগত যোৱা 13 মাৰ্চৰ পৰা পৰিষদীয় সমষ্টিয়ে সমষ্টিয়ে এই শান্তিৰ পদযাত্ৰা তথা ৰেলী চলি আছে আৰু অহা 10-12 দিন এই ৰেলী চলিব বুলিও উল্লেখ কৰি ৰেলীত বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজ ওলাই আহি সফল কৰাত সকলোলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৷

লগতে পঢ়ক: No English signboards: এবছুৰ উদ্যোগত ইংৰাজী নাম ফলক হাতাও অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.