ETV Bharat / state

অসম অৰুণাচলৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে শোণিতপুৰত বিশেষ বৈঠক

author img

By

Published : Aug 22, 2022, 8:49 PM IST

Updated : Aug 22, 2022, 8:57 PM IST

Border dispute between Assam and Arunachal
অসমৰে অৰুণাচলৰ সীমা বিবাদ মীমাংসাৰ প্ৰথমখন বৈঠক

দীৰ্ঘদিন ধৰি অসম আৰু অৰুণাচলৰ মাজত চলি আহিছে সীমা বিবাদ (Border dispute between Assam Arunachal)। এই সীমা বিবাদ মীমাংসাৰ বাবে সোমবাৰে শোণিতপুৰ জিলাৰ বালিপাৰাত অনুষ্ঠিত হয় দুয়োখন ৰাজ্যৰ প্ৰতিনিধিক লৈ গঠন কৰা আঞ্চলিক সমিতিৰ প্ৰথমখন বৈঠক (Assam Arunachal border issue)।

তেজপুৰ, ২২ আগষ্ট: অসম-অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে সোমবাৰে দুয়োখন ৰাজ্যৰ প্ৰতিনিধিক লৈ গঠন কৰা আঞ্চলিক সমিতিৰ প্ৰথমখন বৈঠক (First meeting of Assam Arunachal Regional Committee) অনুষ্ঠিত হয় । শোণিতপুৰ জিলাৰ বালিপাৰাত অনুষ্ঠিত হোৱা প্ৰথমখন বৈঠকত অংশ গ্ৰহণ কৰে অসমৰ তথ্য আৰু জনসংযোগ তথা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ।

উক্ত বৈঠকত অৰুণাচল প্ৰদেশ চৰকাৰৰ মন্ত্ৰী মামা নাটুং, বিধায়ক বিয়ুৰাম ৱাহগেই অংশ গ্ৰহণ কৰে । আনহাতে, তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, বিধায়ক ক্ৰমে গণেশ লিম্বু, প্ৰমোদ বৰঠাকুৰ, কৃষ্ণ কমল তাঁতী আৰু দুয়োখন ৰাজ্য়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে এই বৈঠকত (Meeting on Assam Arunachal border issue)।

উক্ত বৈঠকখনত শান্তিপূৰ্ণ ভাৱে দুয়োখন ৰাজ্যৰ পুৰাতন সমন্বয়-সম্প্ৰীতিক সন্মান জনাই ইতিবাচকভাৱে সীমা সমস্যা মীমাংসা কৰাৰ ক্ষেত্ৰত বিতংভাৱে আলোচনা কৰা হয় বুলি উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika on Assam Arunachal border issue)।

উল্লেখ্য যে, অহা ২ আৰু ৩ ছেপ্তেম্বৰত কিছু সমস্যা আৰু সন্দেহৰ আৱৰ্তত থকা দীকলমুখ, বালিচ', দিপীক আৰু পাচ'এই চাৰিওখন গাঁও সমিতিৰ প্ৰতিনিধি দলে পৰিদৰ্শন কৰি এক প্ৰতিবেদন প্ৰস্তুত কৰাৰ সিদ্ধান্ত এই বৈঠকতে গ্ৰহণ কৰা হয় । অসম আৰু অৰুণাচল চৰকাৰৰ মাজত হোৱা আলোচনাৰ অন্তত মন্ত্রী পীযুষ হাজৰিকাই দুয়ো পক্ষই এৰা ধৰাৰ মাজেৰে ৰাজ্যদুখনৰ সীমা বিবাদৰ সমস্যা সমাধান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি কয় (Assam Arunachal border dispute)৷

তেওঁ সদৰী কৰা মতে, বিহালীৰ দীকালমুখ, বালিচক, পাচৌ, দিপীক আদি অঞ্চলৰ সীমা সমস্যাৰ ওপৰত আলোচনা কৰা হয় ৷ উক্ত বিবদমান অঞ্চলসমূহ দুয়োপক্ষৰ প্ৰতিনিধিয়ে পৰিভ্ৰমণ কৰি ৰাইজৰ সৈতে আলোচনা কৰাৰ পৰৱৰ্তী সময়ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্রী হাজৰিকাই ৷

লগতে পঢ়ক:এ আই ইউ ডি এফক বিজেপিৰ ড্ৰয়িং ৰূমত বহা দল আখ্যা ৰাণা গোস্বামীৰ

Last Updated :Aug 22, 2022, 8:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.