ETV Bharat / state

Tezpur bihu dance workshop : তেজপুৰৰ বিহুনাচ কৰ্মশালাত মন্ত্ৰী পীযুষ হাজৰীকা

author img

By

Published : Apr 2, 2023, 7:40 AM IST

Bihu dance rehearsal at Tezpur
তেজপুৰত বিহুনাচ কৰ্মশালা

বিহুনাচেৰে গীনিজ বুক অৱ্ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ আগবাঢ়িছে অসমে ৷ সমগ্ৰ ৰাজ্যতে এতিয়া পূৰ্ণ গতিত চলিছে বিহুৰ আখৰা ৷ শনিবাৰে তেজপুৰৰ বিহুনাচৰ আখৰা শিবিৰ পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই (Bihu dance rehearsal at Tezpur) ।

তেজপুৰত বিহুনাচ কৰ্মশালা

তেজপুৰ, ২ এপ্ৰিল : বিহুনাচ পৰিৱেশনেৰে গীনিজ বুক অৱ্ ৱৰ্ল্ড ৰেকৰ্ডছ অৰ্থাৎ বিশ্ব ৰেকৰ্ড গঢ়াৰ বাবে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে । অহা ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত বিশ্ব ৰেকৰ্ড গঢ়াৰ লক্ষ্যৰে জিলাই জিলাই অনুষ্ঠিত কৰা হৈছে বিহুনাচৰ আখৰা শিবিৰ । বিশ্ব দৰবাৰত অসমৰ বিহুয়ে ইতিহাস ৰচিবৰ বাবে জিলাই জিলাই ব্যাপক প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে (Bihu dance workshop across Assam) ৷

Bihu dance rehearsal at Tezpur
তেজপুৰৰ বিহুনাচ কৰ্মশালাত মন্ত্ৰী পীযুষ হাজৰীকা

সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ তেজপুৰতো বিহুৱা-বিহুৱতীসকল সাজু হৈছে ৷ তেজপুৰৰ শিল্পীসকলৰ বিহুনাচৰ আখৰা শিবিৰ শনিবাৰে পৰিদৰ্শন কৰে অসম চৰকাৰৰ জলসম্পদ তথা তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই । শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা এই বিহুনাচ কৰ্মশালাৰ প্ৰস্তুতি পৰিদৰ্শন কৰি সন্ধিয়া ৭.৩০ বজাত তেজপুৰ হিলী বিলী বিবাহ ভৱনত উপস্থিত হয় মন্ত্ৰীগৰাকী (Minister Pijush Hazarika at Bihu dance workshop) ৷

বিহুনাচৰ আখৰা পৰিদৰ্শন কৰি সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বিশ্বৰ মানচিত্ৰত দ্বিতীয়বাৰৰ বাবে খোদিত হ’বলৈ গৈ আছে অসমৰ নাম ৷ অসমবাসী ইতিহাসৰ সাক্ষী হ’বলৈ গৈ আছে বুলি উল্লেখ কৰি লাচিত বৰফুকনৰ বিষয়ে টোকা লিখি অসমীয়াই নিজৰ নাম গীনিজ বুক অৱ্ ৱৰ্ল্ড ৰেকৰ্ডছত সন্নিৱিষ্ট কৰিবলৈ সক্ষম হোৱাৰ পিচত একেটা বছৰতে দ্বিতীয়বাৰ বিশ্ব ৰেকৰ্ড গঢ়াৰ বাবে অসমৰ ১১ হাজাৰ বিহুৱা-বিহুৱতীয়ে একেলগে বিহুনাচ প্ৰদৰ্শন কৰিব বুলি উল্লেখ কৰি উৎফুল্লিত হৈ পৰে মন্ত্ৰীগৰাকী (Assam Bihu Guinness book of world records) ৷

Bihu dance rehearsal at Tezpur
তেজপুৰত বিহুনাচ কৰ্মশালা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ১১ হাজাৰ বিহুৱা-বিহুৱতীয়ে বিহুনাচ প্ৰদৰ্শন কৰিব আৰু শীঘ্ৰেই অসমৰ বিহুৱে এক বিশেষ মান্যতা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত তথা বিশ্ব দৰবাৰত অসমৰ বাপতি সাহোন বিহুটি প্ৰদৰ্শন কৰিবলৈ ৰাজ্য চৰকাৰৰ সমান্তৰালভাৱে বিহুৱা ডেকা-গাভৰুৱেও বিশেষ তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, অসমৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে ১১ হাজাৰ বিহুনৃত্য শিল্পীয়ে সৰুসজাই ষ্টেডিয়ামত এপ্ৰিলত একেলগে প্ৰদৰ্শন কৰিব বিহুনাচ (Guinness book of world record Assam Bihu) ৷

লগতে পঢ়ক : Guinness Book of World Records: বিশ্ব অভিলেখ গঢ়িবলৈ সাজু ডিব্ৰুগড়ৰ নাচনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.