ETV Bharat / state

জামুগুৰিহাটত ৰাষ্ট্ৰীয় পোষণ মাহৰ উপলক্ষে সজাগতা সভা

author img

By

Published : Sep 9, 2021, 9:47 PM IST

জামুগুৰিহাটত ৰাষ্ট্ৰীয় পোষণ মাহৰ উপলক্ষে সজাগতা সভা
জামুগুৰিহাটত ৰাষ্ট্ৰীয় পোষণ মাহৰ উপলক্ষে সজাগতা সভা

২০১৮ চনৰ ৮ মাৰ্চত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিভিন্ন ৰোগ নিৰাময়ৰ উদ্দেশ্যে আগত ৰাখি এই অভিলাষী আঁচনি খন আৰম্ভ কৰিছিল ৷ সেই অনুসৰিয়েই বৰ্তমান সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন কৰি থকা হৈছে ৷

চতিয়া, ৯ ছেপ্তেম্বৰ : সমগ্ৰ দেশৰ লগতে জামুগুৰিহাটতো মাহ যোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পোষণ মাহৰ বৃহস্পতিবাৰে জামুগুৰিহাটৰ পৰিদৰ্শন বঙলাত সুভাৰম্ভ কৰা হয় ৷ উল্লেখযোগ্য যে, ২০১৮ চনৰ ৮ মাৰ্চত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিভিন্ন ৰোগ নিৰাময়ৰ উদ্দেশ্যে আগত ৰাখি এই অভিলাষী আঁচনি খন আৰম্ভ কৰিছিল ৷ সেই অনুসৰিয়েই বৰ্তমান সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন কৰি থকা হৈছে ৷

সেই আঁচনিৰ অংশ স্বৰূপে বৃহস্পতিবাৰে নদুৱাৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ উপস্থিতিত এই আচঁনিখন ৰাইজৰ বাবে উৎসৰ্গা কৰা হয় ।

জামুগুৰিহাটত ৰাষ্ট্ৰীয় পোষণ মাহৰ উপলক্ষে সজাগতা সভা
জামুগুৰিহাটত ৰাষ্ট্ৰীয় পোষণ মাহৰ উপলক্ষে সজাগতা সভা

লগতে পঢ়কঃ নিমাতীঘাটৰ ট্ৰেজেডি : সহযাত্ৰীৰ প্ৰাণ বচাবলৈ গৈ সন্ধানহীন ইন্দ্ৰেশ্বৰ বৰা

জানিবপৰা মতে, আচঁনিখনৰ জৰিয়তে শিশু, গৰ্ভৱতী মহিলা ৰক্ত হীনতা, পুষ্ট হীনতা ডায়েৰীয়া আদি ৰোগৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি, তাৰ ওপৰত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে এই মাহযোৰা কাৰ্যসূচীৰ ৰূপায়ন কৰা হৈছে ৷

ইপিনে ৰাষ্ট্ৰীয় পোষণ মাহৰ লগত সংগতি ৰাখি জামুগুৰিহাটৰ পৰিদৰ্শন বঙলাত অনুষ্ঠিত হয় এখন বিশেষ সজাগতা সভা ৷ নদুৱাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া চাৰুলতা দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েং, আঞ্চলিক পঞ্চায়তৰ সদস্য মদন কৈৰালাকে প্ৰমুখ্যে অন্যান্য বিষয়ববীয়া সকল উপস্থতিত থাকি ৰাষ্ট্ৰীয় পোষণ মাহৰ তাৎপৰ্য ব্যাখ্যা কৰে ৷

লগতে পঢ়কঃ কলগাছিয়াৰ বালিকুৰি এনচি গাঁৱত ভয়াৱহ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.