কলগাছিয়াৰ বালিকুৰি এনচি গাঁৱত ভয়াৱহ অগ্নিকাণ্ড

author img

By

Published : Sep 9, 2021, 9:06 PM IST

কলগাছিয়াৰ বালিকুৰি এনচি গাঁৱত ভয়াৱহ অগ্নিকাণ্ড

কলগাছিয়াৰ বালিকুৰি এনচি গাঁৱত সংঘটিত হৈছে ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা । প্ৰায় ৮ লক্ষাধিক টকাৰ ক্ষতি সাধন হোৱা বুলি সদৰি কৰিছে ভুক্তভোগী পৰিয়ালে ৷

জনীয়া,9 ছেপ্তেম্বৰ: বৃহস্পতিবাৰে কলগাছিয়াত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ কলগাছিয়াৰ আৰক্ষী থানাৰ অৰ্ন্তগত বালিকুৰি এনচি গাঁৱৰ মজিবৰ খান নামৰ ব্যক্তিগৰাকীৰ নগদ এক লাখ টকা, 40 মোন ধান, এখন বাইক, সোণৰ আ-অলংকাৰ, বহু মূল্যবান নথিপত্ৰ, এটা ফ্ৰীজ আৰু ইনভেটাৰসহ দুটাকৈ বাসগৃহ জুইত জাহ যায় ৷

kalgachia-fire-incident
কলগাছিয়াৰ বালিকুৰি এনচি গাঁৱত ভয়াৱহ অগ্নিকাণ্ড

তাৰ লগতে আতোৱাৰ ৰহমান নামৰ ব্যক্তিজনৰো 1টা বাসগৃহ ভস্মিভূত হয় অগ্নিকাণ্ডটোৰ ফলত ৷ বৃহস্পতিবাৰে দিনৰ ভাগত সংঘটিত হোৱা ঘটনাটোৰ ফলত দুয়োটা পৰিয়ালৰ মিলি প্ৰায় 8 লাখ টকাৰ সা-সম্পত্তি জুইত জাহ যায় বুলি সদৰি কৰিছে ভুক্তভোগী পৰিয়াল দুয়োটাই ৷

kalgachia-fire-incident
কলগাছিয়াৰ বালিকুৰি এনচি গাঁৱত ভয়াৱহ অগ্নিকাণ্ড

লগতে পঢ়কঃ শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে চিপিআই দলৰ প্ৰতিবাদ

উল্লেখযোগ্য যে, মজিবৰ খানৰ বাসগৃহত শ্বটচাৰ্কিটৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ আনহাতে অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও দুটাকৈ পৰিয়ালৰ তিনিটা বাসগৃহ মূৰ্হূত্বৰ ভিতৰতে ভস্মিভূত হয় ৷

জানিব পৰা মতে, স্থানীয় লোকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও ঘটনাস্থলী পোৱাৰ পূৰ্ৱে স্থানীয় ৰাইজে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি ভুক্তভোগী পৰিয়ালকেইটাই চৰকাৰক তেওঁলোকক ক্ষতিপূৰণ দিবলৈ দাবী জনোৱা দেখা গৈছে ৷

লগতে পঢ়কঃ ভট্টদেৱ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.