ETV Bharat / state

শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে চিপিআই দলৰ প্ৰতিবাদ

author img

By

Published : Sep 9, 2021, 8:04 PM IST

CPI protest
শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে চিপিআই দলৰ প্ৰতিবাদ

১৬ দফীয়া দাবীৰে উত্তাল প্ৰতিবাদ চিপিআই দলৰ । মূল্যবৃদ্ধিকে ধৰি অসমৰ জলন্ত সমস্যা সমাধানৰ বাবে চৰকাৰৰ ওচৰত দাবী দলটোৰ । সমস্যা সমাধান নহ'লে তীব্ৰ আন্দোলনৰ হুংকাৰ দলটোৰ ।

শিৱসাগৰ,৯ ছেপ্টেম্বৰ : ৰাজ্যত অব্যাহত আছে পেট্ৰ'ল-ডিজেল তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি । যাৰ বাবে ৰাজ্যৰ দল-সংগঠনসমূহে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে । মূল্যবৃদ্ধি, ৰাজহুৱা সম্পদ বিক্ৰীকে ধৰি কেইবাটাও বিষয়কলৈ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে চিপিআই (CPI) দলৰ শিৱসাগৰ পৰিষদে বিক্ষোভ প্ৰদৰ্শন কৰে ।

শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুই ঘণ্টীয়া বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে দলটোৱে । দলটোৰ অভিযোগ ক'ভিড (Covid) পৰিস্থিতিৰ সুবিধা লৈ জনবিৰোধী আইন প্ৰণয়ন কৰাত ব্যস্ত হৈ পৰিছে বর্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখন । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি (Price hike), পেট্ৰ'ল-ডিজেলৰ কৰ ব্যৱস্থা জিএছটিৰ আওতালৈ আনি পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ আহ্বান দলটোৰ ।

শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে চিপিআই দলৰ প্ৰতিবাদ

ৰাজহুৱা সম্পদ কাগজ কল নিলামৰ সিদ্ধান্ত বাতিল, তিনিখন বিতৰ্কিত কৃষি আইন বাতিল, বিদ্যুৎ বিল বাতিল, ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষা, নিবনুৱা যুৱকক কৰ্ম সংস্থাপন, কা আইন প্ৰত্যাহাৰ,এন আৰ চি অনতিপলমে প্ৰকাশ, ৬ জনগোষ্ঠীক অতি সোনকালে জনজাতিকৰণ, মিকিৰ বামুণী গ্ৰাণ্টৰ ৰায়তী খতিয়ান থকা কৃষকৰ মাটি বেদখল বন্ধ কৰা, বিদ্যুৎ চুৰিৰ উচ্চ তদন্ত,কৃষি ভূমি অন্য ক্ষেত্ৰলৈ হস্তান্তৰকৰণ বন্ধ, সীমা সমস্যা সমাধান, জল পৰিবহণ ব্যৱস্থা শক্তিশালী কৰা আদি বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে চিপিআই দলে ।

আনহাতে পুঁজিপতিৰ বিৰুদ্ধে কাম কৰা বন্ধ কৰি সাধাৰণ ৰাইজৰ হকে কাম কৰিবলৈ বিজেপি চৰকাৰক আহবান চিপিআই দলৰ । প্ৰতিবাদৰ অন্তত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰলৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰে দলটোৱে ।

লগতে পঢ়ক :নিমাতীঘাটৰ শোকাৱহ ঘটনাৰ পিছত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.