ETV Bharat / state

ভট্টদেৱ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

author img

By

Published : Sep 9, 2021, 8:14 PM IST

ভট্টদেৱ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ
ভট্টদেৱ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

এদিনো শ্ৰেণী কোঠাত পাঠদান নকৰাকৈ অফলাইনত পৰীক্ষা অনুষ্ঠিত কৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে ৷ ইপিনে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী সকলে জানিবলৈ দিয়া অনুসৰি অনলাইনত হোৱা পাঠদান প্ৰক্ৰিয়াৰ পাচত অফলাইনত পৰীক্ষা অনুষ্ঠিত কৰা প্ৰক্ৰিয়াক মানি নলয় শিক্ষাৰ্থী সকলে ৷

পাঠাশালা, 9 ছেপ্তেম্বৰ: ভট্টদেৱ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীৰ পৰীক্ষা অনলাইনত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷ তাৰ পাচতে ছাত্ৰ-ছাত্ৰী সকলক হতচকিত কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সিদ্ধান্ত সলনি কৰি স্নাতকোত্তৰ শ্ৰেণীৰ পৰীক্ষা অনলাইনৰ পৰিৱৰ্তে অফলাইনত দিব লাগিব বুলি জাননী জাৰি কৰাৰ পিছতে বিমোৰত পৰিছে ছাত্ৰ-ছাত্ৰী সকল ৷

ভট্টদেৱ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

উল্লেখযোগ্য যে, এদিনো শ্ৰেণী কোঠাত পাঠদান নকৰাকৈ অফলাইনত পৰীক্ষা অনুষ্ঠিত কৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে ৷ ইপিনে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী সকলে জানিবলৈ দিয়া অনুসৰি অনলাইনত হোৱা পাঠদান প্ৰক্ৰিয়াৰ পাচত অফলাইনত পৰীক্ষা অনুষ্ঠিত কৰা প্ৰক্ৰিয়াক মানি নলয় শিক্ষাৰ্থী সকলে ৷

লগতে পঢ়কঃ মাজুলীত দলং নিৰ্মাণ হোৱাত বাধা প্ৰদান কৰিছিল সত্ৰাধিকাৰ সকলে: জুৰি বৰা বৰগোহাঞি

একেদৰে শিক্ষাৰ্থী সকলে কয় যে, প্ৰথমে শ্ৰেণী কোঠাত পাঠদানৰ সুবিধা কৰক আৰু তাৰ পাচতহে অফলাইনত পৰীক্ষা অনুষ্ঠিত কৰক বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ৷ বিশ্ববিদ্যায়খনৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে বৃহস্পতিবাৰে প্ৰতিবাদ কৰবিলৈ ওলাই আহিছে ছাত্ৰ-ছাত্ৰী সকল ৷

আনহাতে এই সমগ্ৰ বিষটোৰ সৰ্ন্দভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পাঠশাল আঞ্চলিক ছাত্ৰ সন্থাই ৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি ছাত্ৰ নেতা বিশ্বজিৎ গাংগুলিয়ে বিশ্ববিদ্যালয়খনৰ এনে হঠকাৰী সিদ্ধান্তক গৰিহণা জনায় ৷

লগতে তেওঁ কয় যে, বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য গৰাকীৰ বাবে এনে ধৰণৰ কাণ্ড সংঘটিত হ’বলৈ পাইছে ৷ বিশ্ববিদ্যালয়খনত আন্তঃগাঁঠনিৰ উন্নয়নৰ ক্ষেত্ৰতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ আগত ছাত্ৰ নেতা গৰাকীয়ে ৷

লগতে পঢ়কঃ অনুৰূপ ঘটনাৰ বাবে তিনিবছৰত দুবাৰ নিলম্বিত কাৰ্যবাহী অভিযন্তা বিক্ৰমাদিত্য চৌধুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.