ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত অৰুণাচলী GI টেগৰ সামগ্ৰী

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 6:42 PM IST

৪২ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত জিলিকিল অৰুণাচলৰ GI টেগ লাভ কৰা সামগ্ৰী । তিনিবিধ সামগ্ৰী ক্ৰমে খামতি চাউল, য়াক চুৰ্পি আৰু টাংছা জনগোষ্ঠীয় বস্ত্ৰই স্থান লাভ কৰাত উৎফুল্লিত অৰুণাচলবাসী ।

Arunachali GI tag products at International Trade Fair
আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত অৰুণাচলী GI টেগৰ সামগ্ৰী

তেজপুৰ,১৬ নৱেম্বৰ: দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হোৱা ৪২ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত জিলিকিল চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ GI টেগ লাভ কৰা তিনিবিধ সামগ্ৰী । GI টেগ লাভ কৰা খামতি চাউল, য়াক চুৰ্পি আৰু টাংছা জনগোষ্ঠীয় বস্ত্ৰই স্থান লাভ কৰিছে । ভাৰতীয় বাণিজ্য প্ৰসাৰ সংস্থাৰ উদ্যোগত ১৪ নৱেম্বৰৰপৰা ২৭ নৱেম্বৰলৈ নতুন দিল্লীৰ প্ৰগতি মৈদানত আয়োজিত ৪২ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত এই সামগ্ৰীসমূহে স্থান লাভ কৰিছে । ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা ২০২৩ ৰ মূল বিষয়বস্তু হৈছে 'বসুধৈৱ কুটুম্বকম' ।

Arunachali GI tag products at International Trade Fair
আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত অৰুণাচলী GI টেগৰ সামগ্ৰী

উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ প্ৰথম GI টেগ লাভ কৰা খাদ্য সামগ্ৰী হৈছে খামতি চাউল আৰু য়াকৰ গাখীৰৰ পৰা নিৰ্মিত চুৰ্পি । খামতি চাউল হৈছে আঠাযুক্ত চাউলৰ এক প্ৰজাতি ৷ বিশেষকৈ অৰুণাচল প্ৰদেশৰ নামচাই অঞ্চলত ইয়াৰ যথেষ্ট পৰিমাণৰ খেতি কৰে খামতি জনজাতীয় কৃষকে । এই চাউল অনান্য বিভিন্ন পৰম্পৰাগত সুস্বাদু খাদ্য প্ৰস্তুত কৰিবলৈও ব্যৱহাৰ কৰে স্থানীয় লোকসকলে ৷

Arunachali GI tag products at International Trade Fair
আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত অৰুণাচলী GI টেগৰ সামগ্ৰী

আনহাতে, অৰুণাচল প্ৰদেশৰ য়াক চুৰ্পি কটেজ চিজৰ দৰে এক সামগ্ৰী ৷ এইবিধ সামগ্ৰী কেঁচা স্কিমড আৰু ফাৰ্মেণ্টেড য়াকৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা হয় ৷ অৰুণাচলী য়াকৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা হয় এইবিধ সামগ্ৰী ৷ সমাজত ইয়াৰ স্বকীয়তা আৰু সম্ভাৱনা, অৰ্থনৈতিক উত্থানৰ লগতে দূৰদৰ্শী পথ প্ৰদৰ্শনৰ ক্ষেত্ৰত সঞ্চালক ড৹ মিহিৰ চৰকাৰে লৈছিল উল্লেখযোগ্য ভূমিকা ৷ মিহিৰ চৰকাৰৰ তৎপৰতাৰ বাবেই য়াক চুৰ্পিয়ে GI টেগ লাভ কৰিবলৈ সক্ষম হয় ।

Arunachali GI tag products at International Trade Fair
আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত অৰুণাচলী GI টেগৰ সামগ্ৰী

আনহাতে GI টেগ লাভ কৰা আৰু বজাৰত যথেষ্ট সমাদৰ লাভ কৰা টাংছা বস্ত্ৰশিল্প হৈছে চাংলাঙৰ টাংছা জনগোষ্ঠীৰ এক পৰম্পৰাগত বস্ত্ৰ । ৪২ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত এই টাংছা বস্ত্ৰই লাভ কৰিছে বিশেষ সমাদৰ ।

লগতে পঢ়ক: Hospital inauguration in Nalbari: নলবাৰীত ১১০ খন বিচনাযুক্ত শ্বহীদ মুকুন্দ কাকতি হাস্পতাল উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.