ETV Bharat / state

Asian Games visa row: ‘‘অৰুণাচল ভাৰতৰ অভিন্ন অংগ, আমি ভাৰতীয়’’ চীনক গৰিহণা অৰুণাচল অলিম্পিক এছচিয়েচনৰ সম্পাদকৰ

author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 2:30 PM IST

Updated : Sep 25, 2023, 7:41 PM IST

দেওবাৰে তেজপুৰত উপস্থিত হ’ল ভাৰতীয় ফুটবল ফেডাৰেচনৰ কোষাধ্যক্ষ কৃপা অজয় আৰু অৰুণাচল প্ৰদেশৰ অলিম্পিক এছচিয়েচনৰ সম্পাদক বামঙ টাগোয় ৷ চীনে অৰুণাচলৰ তিনি খেলুৱৈক ভিছা প্ৰদানৰ নকাৰৰ সন্দৰ্ভত ক্ষোভ দুই বিষয়াৰ ৷

Asian Games visa row
অৰুণাচল ভাৰতৰ অভিন্ন অংগ

অৰুণাচল ভাৰতৰ অভিন্ন অংগ

তেজপুৰ, 25 ছেপ্টেম্বৰ : শেহতীয়াকৈ চীনে অৰুণাচলৰ তিনি খেলুৱৈক ভিছা প্ৰদানৰ নকৰাৰ সন্দৰ্ভত ক্ষোভ উজাৰিছে অৰুণাচল প্ৰদেশৰ অলিম্পিক এছচিয়েচনৰ সম্পাদক বামঙ টাগোয়ে ৷ ভাৰতীয় ফুটবল ফেডাৰেচনৰ কোষাধক্ষ্য কৃপা অজয় আৰু অৰুণাচল প্ৰদেশৰ অলিম্পিক এছচিয়েচনৰ সম্পাদক বামঙ টাগোয়ে চীনৰ নীতিক সমালোচনা কৰে ৷ চীনে অৰুণাচল প্ৰদেশৰ তিনি খেলুৱৈক ভিছা প্ৰদান নকৰা কাৰ্যক তীব্ৰ গৰিহণা প্ৰদান কৰে ৷

এই সন্দৰ্ভত বামঙ টাগোয়ে কয়, ‘‘চীনৰ এই ধৰণৰ কাৰ্য পূৰ্বেও কৰিছিল ৷ 2016 চনতো বেডমিণ্টন খেলুৱৈক প্ৰদান কৰা নাছিল ভিছা ৷ পুনৰ চীনত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিব লগা অৰুণাচলৰ তিনি খেলুৱৈক ভিচা প্ৰদান নকৰিলে চীনে ৷ ফলস্বৰূপে 12 জনীয়া ভাৰতীয় ৱুশ্বু দলটো এছিয়া গেমছৰ পৰা বঞ্চিত হৈছে ৷ কাৰণ ভাৰতীয় দলৰ ৱুশ্বু দলটোত আছিল অৰুণাচল প্ৰদেশৰ নেইমান ৱাংছু, অনিলু টেগা আৰু মেপুং লামগু নামৰ তিনি ৱুশ্বু খেলুৱৈ ৷’’

অৰুণাচল প্ৰদেশৰ অলিম্পিক এছচিয়েচনৰ সম্পাদক বামঙ টাগোয়ে পুনৰ কয়, ‘‘চীনৰ এই কু-অভিসন্ধি বৰ্তমানলৈকে 5 বাৰ হ’ল ৷ অৰুণাচল প্ৰদেশ ভাৰতৰ অভিন্ন অংগ ৷ আমি ভাৰতীয় আৰু ভাৰতীয় হিচাপে আমি থাকিব বিচাৰো ৷ আমাৰ তিনিগৰাকী খেলুৱৈক বৈধ স্বীকৃতি প্ৰদান নকৰাৰ বাবে মহিলা খেলুৱৈসকল আজি পিচ পৰি ৰ’ল ৷ বাৰে বাৰে অৰুণাচলৰ প্ৰতিভাৱান খেলুৱৈসকল বৈষম্যৰ সন্মুখীন হৈছে ৷ উল্লেখ্য যে 2011 চনৰ জানুৱাৰী মাহত ভাৰোত্তোলনৰ খেলুৱৈ ইউকাৰ ছিবি আৰু দলটোৰ পৰিচালক আব্ৰাহাম কে টেচিক বাধা দিছিল চীনে ৷’’

উল্লেখ্য যে, দেওবাৰে তেজপুৰৰ প’ল ফিল্ডত অনুষ্ঠিত হয় ৰাজেন বৰঠাকুৰ সোঁৱৰণী ফুটবল টুৰ্নামেণ্টৰ চূড়ান্ত প্ৰতিযোগিতা ৷ অৰুণাচল এফ চি আৰু চিৰাং এফ চিৰ মাজত অনুষ্ঠিত হয় চূড়ান্ত প্ৰতিযোগিতাখন ৷ সেই উপলক্ষে তেজপুৰত উপস্থিত থাকে ভাৰতীয় ফুটবল ফেডাৰেচনৰ কোষাধ্যক্ষ কৃপা অজয় আৰু অৰুণাচল প্ৰদেশৰ অলিম্পিক এছচিয়েচনৰ সম্পাদক বামঙ টাগোয় ৷

লগতে পঢ়ক:Assam Tea: অসমত সুলভ মূল্যৰ দোকানত চৰকাৰে যোগান ধৰিব চাহপাত

Last Updated :Sep 25, 2023, 7:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.