ETV Bharat / state

CAAৰ বিৰুদ্ধে আছুৱে ন্যায়ালয়তো যুঁজ অব্যাহত ৰাখিছে: দীপাংক নাথ

author img

By

Published : Sep 6, 2022, 9:27 PM IST

Citizenship Amendment Act
CAA ক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য আছুৰ সভাপতি দীপাংক নাথৰ

নাগৰিকত্ব সংশোধনী আইনক(Citizenship Amendment Act) লৈ পুনৰবাৰ সৰৱ হ'ল আছু ৷ অসমৰ জনসাধাৰণক লৈ ৰাজপথৰ আন্দোলনৰ সমান্তৰালকৈ উচ্চতম ন্যায়ালয়তো CAA ৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখা বুলি মন্তব্য আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ(AASU president Dipanka Kumar Nath) ৷

তেজপুৰ, ৬ ছেপ্টেম্বৰ: নাগৰিকত্ব সংশোধনী আইনক(Citizenship Amendment Act) লৈ পুনৰবাৰ সৰৱ হ'ল আছু ৷ মাধ্যম বিতৰ্কৰ পৰা বিদ্যালয় একত্ৰিকৰণলৈ, অসম চুক্তিৰ পৰা উচ্চতম ন্যায়ালয়ৰ যুঁজলৈ, আনকি সুবিধাবাদী চৰিত্ৰৰ একাংশ শিল্পীৰ বিৰুদ্ধেও হঠাৎ সৰৱ হোৱা দেখা গ'ল আছুৰ সভাপতিক (AASU president Dipanka Kumar Nath) ৷

CAAৰ বিৰুদ্ধে আছুৱে ন্যায়ালয়তো যুঁজ অব্যাহত ৰখা বুলি মন্তব্য দীপাংক নাথৰ

CAAৰ সন্দৰ্ভত Passport Entry to India আৰু এটা গোচৰ সন্দৰ্ভত সোমবাৰে উচ্চতম ন্যায়ালয়ত শুনানি অনুষ্ঠিত হৈ যায় বুলি উল্লেখ কৰি আছুৰ সভাপতি দীপাংক নাথে কয় যে চলিত মাহত পুনৰ শুনানি অনুষ্ঠিত হ'ব (Hearing on CAA in supreme court)৷ লগতে CAA ক লৈ আছুৰ স্থিতি আজিও অটল থকাৰ কথা উল্লেখ কৰি আছুৰ সভাপতিগৰাকীয়ে কয় যে অসমৰ জনসাধাৰণক লৈ ৰাজপথৰ আন্দোলনৰ সমান্তৰালকৈ উচ্চতম ন্যায়ালয়তো CAA ৰ বিৰুদ্ধে যুঁজ অব্যাহত আছে৷ অসমৰ বাহিৰে আন কোনো ৰাজ্যত যিহেতু একৰ্ড নাই, তেনেস্থলত একৰ্ড অনুসৰি অসমৰ জ্বলন্ত বিদেশী সমস্যা সমাধান হোৱাটো বিচাৰোঁ বুলি মন্তব্য কৰে দৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথে ৷

অসমে অতিৰিক্ত ৪৩ বছৰৰ বাংলাদেশীৰ বোজা গ্ৰহণ কৰিব নোৱাৰে আৰু সেই কাৰণেই আছুৱে CAA ৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখিছে বুলি মন্তব্য কৰে দীপাংক নাথে ৷ উল্লেখ্য যে, হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ একাংশ ছাত্ৰ-ছাত্ৰীক মঙলবাৰে তেজপুৰৰ বান থিয়েটাৰত সম্বৰ্ধনা জনোৱা হয় (Felicitation to student in Tezpur)৷ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথ ৷ শোণিতপুৰ জিলা ছাত্ৰ সন্থা, তেজপুৰ মহকুমা ছাত্ৰ সন্থা আৰু তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত কেৱল শিক্ষাৰ্থীয়েই নহয়, সভাপতি দীপাংক নাথকো উষ্ম আদৰণি জনায় ছাত্ৰ সন্থাৰ তৰফৰ পৰা ৷

ইফালে, শেহতীয়াকৈ চৰ্চিত মাধ্যম বিতৰ্কৰ সন্দৰ্ভত আছুৰ সভাপতিগৰাকীয়ে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ(National Education Policy) দোহাই দি কয়- ‘‘ৰাষ্ট্ৰীয় শিক্ষানীতিৰ জৰিয়তেও প্ৰাথমিক স্তৰত মাতৃভাষাক মাধ্যম হিচাবে লোৱাৰ কথা উল্লেখ কৰিছে ৷ আনকি, দেশৰ গৃহমন্ত্ৰীগৰাকীয়েও একে কথাকে উল্লেখ কৰিছে আৰু খোদ দেশৰ প্ৰধানমন্ত্ৰীয়ে চিকিৎসা বিজ্ঞানতো সম্ভৱপৰ হ'লে মাতৃভাষা মাধ্যমতে পঢ়াৰ ব্যৱস্থা কৰিব লাগে বুলি মন্তব্য কৰিছে ৷ তেনেস্থলত অসম চৰকাৰে এই বিষয়ত কিয় আকোঁৰগোজ স্থিতি লৈ আছে সেয়াহে ৰহস্য ৷"

আনহাতে, বিজ্ঞান আৰু গণিতৰ ইংৰাজীকৰণ সন্দৰ্ভত কয়- ’’কেন্দ্ৰৰ নতুন শিক্ষানীতিৰে চৰকাৰ আগবাঢ়িব লাগিব, অন্যথা ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হ'ব সদৌ অসম ছাত্ৰ সন্থা ৷ তদুপৰি, বিদ্যালয় একত্ৰীকৰণ সন্দৰ্ভতো মন্তব্য প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে ৷ দীপাংক নাথে কয় - ‘‘যিসমূহ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে তেনে বিদ্যালয়সমূহ একত্ৰীকৰণ কৰাৰ ক্ষেত্ৰত নিৰ্দিষ্ট ফৰ্মূলাৰ আধাৰত চৰকাৰ আগবাঢ়িব লাগিছিল ৷ অসমৰ বিশিষ্ট শিক্ষাবিদসকলক লৈ একত্ৰীকৰণৰ(School amalgamation in Assam) বিষয়টো গভীৰ অধ্যয়নৰ প্ৰয়োজন আছিল ৷"

আনহাতে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱত একাংশ অভিভাৱকে বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীক পঠিওৱা নাছিল বুলি মন্তব্য কৰে দীপাংক নাথে৷ গতিকে তেনে বিষয়বোৰক গুৰুত্ব নিদি কেৱল চৰকাৰে একত্ৰীকৰণৰ বিষয়টোতহে অধিক গুৰুত্ব প্ৰদান কৰিলে ৷ যিটো নেকি অত্যন্ত দুৰ্ভাগ্যজনক হিচাপে বিবেচিত হৈছে বুলি মন্তব্য কৰে দীপাংক নাথে ৷

একাংশ শিল্পীক লৈও মন্তব্য আগবঢ়ালে আছুৰ সভাপতি গৰাকীয়ে ৷ বিগত CAA আন্দোলনৰ অভিজ্ঞতাৰে সভাপতি দীপাংক নাথে কয় - ‘‘ওলোটা বাগৰ মৰা সুবিধাবাদী চৰিত্ৰৰ একাংশ শিল্পীক সময়ত যোগ্য প্ৰত্যুত্তৰ দিব অসমৰ ৰাইজে ৷"

লগতে পঢ়ক: কোকৰাঝাৰ কেবিনেটৰ সিদ্ধান্ত: প্ৰণয়ন হ’ব আৰক্ষী দায়বদ্ধতা আইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.