ETV Bharat / state

কোকৰাঝাৰ কেবিনেটৰ সিদ্ধান্ত: প্ৰণয়ন হ’ব আৰক্ষী দায়বদ্ধতা আইন

author img

By

Published : Sep 6, 2022, 7:53 PM IST

কোকৰাঝাৰত মঙলবাৰে অনুষ্ঠিত হ’ল হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ বৈঠক (Cabinet meeting in Kokrajhar)৷ কেবিনেট বৈঠকখনত গ্ৰহণ কৰা হ’ল বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সংবাদমেল সম্বোধন কৰি সিদ্ধান্তসমূহ ৰাজহুৱা কৰে ৷

Cabinet meeting in Kokrajhar
কোকৰাঝাৰত অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা হ’ল বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

নিউজ ডেস্ক, 6 ছেপ্টেম্বৰ: মঙলবাৰে কোকৰাঝাৰত অনুষ্ঠিত হ’ল হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ বৈঠক (Cabinet meeting in Kokrajhar)৷ অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকখনত গ্ৰহন কৰা হ’ল বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সংবাদমেল সম্বোধন কৰি সিদ্ধান্তসমূহ ৰাজহুৱা কৰে ৷

কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি ৰাজ্যত আৰক্ষী দায়বদ্ধতা আইন প্ৰণয়ন কৰা হ’ব (Police Accountability Act in Assam)৷ যাৰ জৰিয়তে সাধাৰণ জনতাই আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিব পাৰিব আৰু অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ মাৰ্ঘেৰিটা কয়লা খনিৰ সমস্যাসমূহ দূৰ কৰাৰ বাবেও কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

কোকৰাঝাৰত অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা হ’ল বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

দ্বাদশ শ্ৰেণীলৈকে বড়ো ভাষাৰ মাধ্যম প্ৰণয়ন কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে ৷ এইক্ষেত্ৰত কোকৰাঝাৰৰ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ বড়ো মাধ্যমৰ অধ্যাপক নিযুক্তিৰ ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা কৰাৰ নাথাকিব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বড়ো ভাষাৰ শিক্ষক-প্ৰবক্তা নিযুক্তি নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷

আনহাতে বিটিচি অঞ্চলৰ দহখন মহাবিদ্যালয়ৰ প্ৰাদেশীকীকৰণ কৰাৰ সিদ্ধান্তৰ কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই (10 colleges Provincialise in BTR)৷ মহাবিদ্যালয়কেইখন প্ৰাদেশীকিকৰণৰ বাবে বিটিআৰ পৰিষদক অসম চৰকাৰে অনুমোদন জনাইছে বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে ৷ বিটিআৰৰ পাঁচখন জিলাৰ উন্নয়ণৰ বাবে মুখ্যমন্ত্ৰীৰ গুড উইল মিছনৰ অধীনত ৰাস্তা-ঘাট নিৰ্মাণৰ বাবে অতিৰিক্ত আঢ়ৈশ কোটি চলিত বিত্তীয় বৰ্ষত আৰু বাকী প্ৰয়োজনীয় ধন আগন্তুক বৰ্ষত অনুমোদন জনোৱা হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ উক্ত পথসমূহ লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰিব ৷

অহা ২৪ আৰু ২৫ ছেপ্টেম্বৰত কাজিৰঙাত চিন্তন শিৱিৰ অনুষ্ঠিত হ’ব ৷ য’ত চৰকাৰৰ ভৱিষ্যত কাৰ্যপন্থাৰ সম্পৰ্কত বিষদ আলোচনা কৰা হ’ব৷ কৰ্ণাটক, গুজৰাট আদি উন্নত ৰাজ্যৰ বিষয়াসকলক আমন্ত্ৰণ জনাই জ্ঞান ল’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বছৰত এবাৰ-দুবাৰ চিন্তন বৈঠক অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে ড৹ শৰ্মাই ৷

নিযুক্তি প্ৰক্ৰিয়াৰ সন্দৰ্ভতো আজিৰ কেবিনেটত লোৱা হ’ল গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই জনায় যে ২২ ছেপ্তেম্বৰত বাৰ হেজাৰ নতুন নিযুক্তি নিযুক্ত প্ৰদান কৰা হ’ব (Assam govt recruitment)৷ একলাখ নিযুক্তি প্ৰক্ৰিয়া দ্ৰুতগতিত চলি থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ২৩ ছেপ্তেম্বৰত 4,500 গৰাকী জল মিত্ৰক নিযুক্তি(Jal Mitra recruitment in Assam) প্ৰদান কৰা হ’ব ৷ ৰাজ্যত খালী হৈ থকা পদসমূহৰ বিজ্ঞাপন শীঘ্ৰেই মুকলি কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷

আদিবাসী সশস্ত্ৰ সংগঠন সমূহৰ সৈতে শীঘ্ৰেই শান্তি চুক্তি সম্পন্ন হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰোপৰি বিটিআৰক বাদ দি কমতাপুৰত মাটিৰ অধিকাৰ বৃদ্ধিৰ পোষকতা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

১২ ছেপ্তেম্বৰৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰকীয়ে । উক্ত অধিৱেশনতে ৪৮ খন পুৰণিকলীয়া আইন বাতিল কৰা হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

আনহাতে আউনিআটী বিশ্ববিদ্যালয়(Auniati University) স্থাপনৰ প্ৰসংগতো আলোচনা কৰা হয় মঙলবাৰৰ কেবিনেট বৈঠকত ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে CBI ক স্মাৰকপত্ৰ দিলে প্ৰদেশ কংগ্ৰেছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.