ETV Bharat / state

Manipur Violence: মণিপুৰত দুগৰাকী সাংবাদিকৰ সৈতে মুঠ 30 জন নিৰুদ্দেশ

author img

By

Published : Aug 2, 2023, 6:26 PM IST

Manipur Violence
Manipur Violence

মণিপুৰত দুগৰাকী সাংবাদিকৰ সৈতে মুঠ 30 জন নিৰুদেশ । সন্ধানহীন এগৰাকী সাংবাদিকৰ আত্মীয় সৈতে ইটিভি ভাৰতৰ জেষ্ঠ সাংবাদিক প্ৰণব কুমাৰ দাসৰ লগত হোৱা এক টেলিফোন বার্তাত আজি কয় যে তেওঁৰ ভতিজা আৰু বন্ধুজনৰ বিষয়ে আৰক্ষী থানাত খবৰ ল’বলৈ লৈ ভাগৰি পৰিছে ৷ দুটা সন্তানৰ পিতৃ অটম সমৰেন্দ্ৰ সিঙ পূৰ্বতে মণিপুৰ চাংহাই এক্সপ্ৰেছৰ সাংবাদিক আছিল আৰু বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ এটা সংস্থাত কৰ্মৰত এগৰাকী সহকাৰী বিষয়া ।

মণিপুৰত দুগৰাকী সাংবাদিকৰ সৈতে মুঠ 30 জন নিৰুদ্দেশ

তেজপুৰ, ২ আগষ্ট: মণিপুৰৰ হিংসাত্মক ঘটনাই অতিক্ৰম কৰিলে প্ৰায় তিনিটা মাহ ৷ কিন্তু এই সময়ছোৱাত ৰাজ্যখনত সংঘটিত হ’ল বহু অপ্ৰীতিকৰ ঘটনা ৷ ৰাজ্যখনত সংঘটিত হোৱা হিংসাৰ ফলত কেৱল মানুহ গৃহহীন হোৱা অথবা মৃত্যু হোৱাই নহয়, নিৰুদ্দেশো হৈছে বহু লোক ৷ আনহাতে চিকিৎসালয়ৰ মৰগত পৰি আছে বহু অচিনাক্ত মৃতদেহ ৷ পৰিচয় নোলোৱাৰ বাবে মৃতদেহ গতাই দিয়া হোৱা নাই পৰিয়ালক ৷

৪৭ বছৰীয়া অটম সমৰেন্দ্ৰ সিঙ নামৰ এজন লোক আৰু তেওঁৰ লগত থকা এজন বন্ধু, ৪৮ বছৰীয়া যুমখাইবাম কিৰণকুমাৰ সিং এখন গাড়ীৰে সৈতে ছাহেইবুং নামৰ ঠাইৰ পৰা নিৰুদ্দেশ হৈ আছে ৷ জানিব পৰা মতে দুয়োজনে গাড়ীৰে কাংপকপি জিলাৰ পাদদেশৰ সীমাৰেখাত থকা মণিপুৰ অলিম্পিক পাৰ্কৰ গাতে লাগি থকা ছাহেইবুং অঞ্চললৈ গৈছিল ।

অটম সমৰেন্দ্ৰ সিঙৰ খুড়াক অটম মেঘজিত সিঙে ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ লগত হোৱা এক টেলিফোন বার্তাত কয় যে তেওঁৰ ভতিজা আৰু বন্ধুজনৰ বিষয়ে আৰক্ষী থানাত খবৰ লৈ ভাগৰি পৰিছে ৷ দুটা সন্তানৰ পিতৃ অটম সমৰেন্দ্ৰ সিং পূৰ্বতে মণিপুৰ চাংহাই এক্সপ্ৰেছৰ সাংবাদিক আছিল আৰু বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ এটা সংস্থাত কৰ্মৰত এগৰাকী সহকাৰী বিষয়া । আনহাতে যুমখাইবাম কিৰণকুমাৰ সিঙো এগৰাকী সাংবাদিক ৷

বৰ্তমান তিনিমাহ ধৰি তেওঁলোকক পৰিয়ালে বিচাৰি হাবাথুৰি খাই আছে । এই দুগৰাকী সাংবাদিক মণিপুৰৰ প্ৰথম নিৰুদেশ হোৱা ব্যক্তি । একমাত্ৰ উপাৰ্জনৰ উৎস থকা ব্যক্তি দুজন নিৰুদ্দেশ হোৱাৰ ফলত পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা ৷ এই বিষয়ে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী এন বীৰেন সিঙক অৱগত কৰিছে পৰিয়ালৰ লোকে ৷ অতি কম দিনৰ ভিতৰতে ৰাজ্যপালক পুনৰ সাক্ষাৎ কৰিব দুয়োজনৰ নিৰুদ্দেশ সন্দৰ্ভত । নিৰুদ্দেশ হোৱাৰ তৃতীয় দিনা আৰক্ষী আৰু উক্ত স্থানৰ দায়িত্বত থকা সেনাৰ এটা দলে তেওঁলোকক বিচাৰি অভিযান চলাইছিল কিন্তু কোনো শুংসূত্ৰ লাভ নকৰিলে ৷

ইটিভি ভাৰতৰ আগত তেওঁ আৰু কয় যে মণিপুৰত হিংসাৰ আৰম্ভণিৰ তিনিদিন পিচত অৰ্থাৎ ৬ মে’ত সাংবাদিক, গৱেষক আৰু সমাজকৰ্মী অটম সমৰেন্দ্ৰ সিং আৰু তেওঁৰ বন্ধু নিৰুদ্দেশ হৈছিল ৷ তাৰ পিচত তেওঁলোকৰ কোনো খবৰ নাই ।

কাংপকপি জিলাৰ পিষ্টই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সোনিল কুমাৰে ইটিভি ভাৰতক এই দুই ব্যক্তিৰ নিৰুদ্দেশ হোৱা গোচৰ ৰুজু হৈছে বুলি সদৰী কৰে আৰু বৰ্তমান আৰক্ষীয়ে তদন্ত চলাই আছে বুলিও জানিব দিয়ে ৷ আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে এই থানাৰ অন্তৰ্গত এইটোৱে একমাত্ৰ নিৰুদ্দেশৰ গোচৰ ৷ এই দুয়োজন লোকৰ ম’বাইল ফোনৰ সংযোগ বন্ধ হৈ আছে ।

এইয়া মাত্ৰ এখন থানাৰহে গোচৰ ৷ মণিপুৰত বহুতো এনে শিহৰণকাৰী ঘটনা সংঘটিত হোৱা তথ্য পোহৰলৈ আহিছে । হিংসাত্মক পৰিস্থিতিত মণিপুৰত দুজন সাংবাদিক, দুগৰাকী নাবালক আৰু দুগৰাকী মহিলাকে ধৰি কমেও ২৭ জন অজনজাতীয় ব্যক্তি নিৰুদ্দেশ হোৱা বুলি সূত্ৰই প্ৰকাশ কৰিছে ।

এই ২৭ জন ব্যক্তিৰ কিছুলোক মে’ মাহৰ পৰা, কিছুলোক জুন আৰু জুলাই মাহৰ পৰা সন্ধানহীন হৈ আছে ৷ জানিব পৰা মতে সন্ধানহীনসকলৰ কিছুলোক ইম্ফল পশ্চিম, ইম্ফল পূব , টেংগনৌপাল, বিষ্ণুপুৰ, কাংপকপি, থৌবাল আৰু কাকচিং জিলাৰ বাসিন্দা ।

আনহাতে বিভিন্ন থানাত নিৰুদ্দেশ হোৱা ঘটনাৰ গোচৰ ৰুজু হোৱাৰ খবৰ পোৱা গৈছে । নিৰুদ্দেশ হোৱা লোকসকলৰ বয়স ১৭ বছৰৰ পৰা ৪৭ বছৰৰ ভিতৰত । অটম মেঘজিত সিঙে অভিযোগ উত্থাপিত কৰিছে যে দুগৰাকী নাবালকৰ ভিতৰত এজনক নৃশংসভাৱে হত্যা কৰা হৈছে আৰু সেই ভিডিঅ’ অতি সোনকালে ভাইৰেল হ’ব ৷

লগতে পঢ়ক: Manipur violence : মণিপুৰৰ নাৰী নিৰ্যাতন কাণ্ডৰ বিৰুদ্ধে অৰুণাচলত প্ৰতিবাদী সমদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.