ETV Bharat / state

1942 Martyrs Day observed: ৪২ৰ ঢেকিয়াজুলিৰ ১৩গৰাকী শ্বহীদক স্মৰণ প্ৰদেশ কংগ্ৰেছৰ

author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 6:20 PM IST

1942 Martyrs Day observed at Dhekiajuli
৪২ৰ ঢেকিয়াজুলিৰ ১৩গৰাকী শ্বহীদক স্মৰণ প্ৰদেশ কংগ্ৰেছৰ

শ্বহীদৰ নগৰী ঢেকিয়াজুলিত প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদক স্মৰণ ৷ ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত মৃত্যুবাহিনীৰ সেনানীয়ে সমদল কৰি আহি ঢেকীয়াজুলি আৰক্ষী থানাৰ মুধচত উৰি থকা ব্ৰিটিছৰ ইউনিয়ন জেক নমাই ত্ৰিৰংগা পতাকা উৰুৱালৈ যাওঁতে ব্ৰিটিছ বাহিনীৰ হাতত আত্মবলিদান দিছিল ৷ এই কাৰ্যসূচীতে কংগ্ৰেছে বিশাল ৰেলী উলিয়ায় ৷ অনুষ্ঠানত কেইবাগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই অংশগ্ৰহণ কৰে ।

৪২ৰ ঢেকিয়াজুলিৰ ১৩গৰাকী শ্বহীদক স্মৰণ প্ৰদেশ কংগ্ৰেছৰ

তেজপুৰ, ২০ ছেপ্টেম্বৰ: আজি ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ দিৱস ৷ "কৰিম কিম্বা মৰিম” সপোন লৈ দেশ মাতৃক পৰাধীনতাৰ পৰা মুক্ত কৰিবলৈ ওলাই আহি দেশ মাতৃৰ বাবে স্বাধীনতা সংগ্ৰামীসকলে স্ব-ইচ্ছাই প্ৰাণ আহুতি দিছিল ৷ হয়, আমি ক’ব বিচাৰিছো ভাৰত ত্যাগ আন্দোলনৰ ঢেকীয়াজুলিৰ ১৩গৰাকী বীৰ -বীৰাংগনাৰ কথা ৷ জালিয়ানাৱালাবাগৰ নৃশংস ঘটনাৰ পাচত দ্বিতীয়তো ঘটনা আমাৰ ঢেকীয়াজুলিৰ বুলি ক’লেও ভুল কৰা নহয় ।

সেই ঐতিহাসিক দিনটো আছিল ১৯৪২চনৰ ২০ ছেপ্টেম্বৰ ৷ দেশ মাতৃক পৰাধীনতাৰ পৰা মুক্ত কৰাৰ বাবে গঠন কৰা মৃত্যুবাহিনীৰ সেনানীয়ে ঢেকীয়াজুলিৰ বৰগাঁও, জহামাৰী আৰু ঘটুৱা শিবিৰৰ পৰা সমদল কৰি আহি ঢেকীয়াজুলি আৰক্ষী থানাৰ মুধচত উৰি থকা ব্ৰিটিছৰ ইউনিয়ন জেক নমাই ত্ৰিৰংগা পতাকা উৰুৱালৈ যাওঁতে ব্ৰিটিছ বাহিনীৰ হাতত আত্মবলিদান দিছিল ৷

শ্বহীদ মনবৰ নাথ, তিলেশ্বৰী বৰুৱা, কুমলি দেৱী, খহুলি দেৱী, মংগল কুৰ্কু, দয়াল দাস পানিকা, সৰুনাথ চুতীয়া, লেৰেলা কছাৰী, ৰতন কছাৰী, মণিৰাম কছাৰীকে ধৰি এজন ভিক্ষাৰীসহ এজন সন্ন্যাসীয়ে অকাল মৃত্যুক আঁকোৱালি লৈছিল ৷ মুঠ তেৰ গৰাকী শ্বহীদ হৈছিল ঢেকিয়াজুলি থানাত ৷ এই দিনটোক সুঁৱৰি আজি অৰ্থাৎ বুধবাৰে ঢেকিয়াজুলিত কংগ্ৰেছৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয় শ্বহীদ দিৱসৰ ৷

সৰ্বধৰ্ম প্ৰাৰ্থনা, শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি, শোভাযাত্ৰা আৰু মূল সভা আদি কাৰ্যসূচীও অনুষ্ঠিত হ'ল ৷ এই উদ্দেশ্য কংগ্ৰেছে উলিয়ায় এক বিশাল ৰেলী ৷ ঢেকিয়াজুলি আৰক্ষী থানাৰ সমীপত থকা শ্বহীদ স্তম্ভত বীৰ-বীৰাংগনালৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, জ্যেষ্ঠ নেতা অপূৰ্ব ভট্টাচাৰ্য, শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতি আৰু নেতা বেণুধৰ নাথকে ধৰি দলীয় নেতা-কৰ্মীয়ে ৷

লগতে পঢ়ক: Atma Balidan Divas 2023:আত্মবলিদান দিৱসত শ্বহীদ কনকলতা-মুকুন্দ কাকতিলৈ শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.