ETV Bharat / state

Atma Balidan Divas 2023:আত্মবলিদান দিৱসত শ্বহীদ কনকলতা-মুকুন্দ কাকতিলৈ শ্ৰদ্ধাঞ্জলি

author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 3:02 PM IST

Shaheed Mukund Kakati Civil Hospital
শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়

নলবাৰীত শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি আত্মবলিদান দিৱস পালন । শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিৰ আজি দুয়োগৰাকী বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি প্ৰদান ।

শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়

নলবাৰী, ২০ ছেপ্টেম্বৰ: আজি শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ মৃত্যু বাৰ্ষিকী । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেশৰ হকে বৃটিছৰ বন্দুকৰ আগত বুকু পাতি দিয়া বীৰ শ্বহীদ দুগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে । নলবাৰীতো শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিয়ে চিকিৎসালয় চৌহদত বুধবাৰে আত্মবলিদান দিৱস পালন কৰা হয় । শ্বহীদ মুকুন্দ কাকতি আৰু কনকলতা বৰুৱাৰ স্মৃতি সুঁৱৰি উদযাপিত কৰা হয় এই দিৱসৰ ।

শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিৰ উদ্যোগত ৰূপায়িত এই দিৱসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰে শুভাৰম্ভ কৰা হয় । শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত স্থাপিত শ্বহীদ মুকুন্দ কাকতিৰ প্ৰতিমূৰ্তিত শতাধিক ৰাইজে পুষ্পাঞ্জলি প্ৰদান কৰে । ইয়াৰ পিছতে ছাত্র -ছাত্ৰী আৰু ৰাইজৰ সহযোগত উলিওৱা হয় এক সমদল । এই সমদলটোৱে সমগ্ৰ নলবাৰী চহৰ পৰিভ্ৰমণ কৰি পুনৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় চৌহদত উপস্থিত হয় ।

ভাৰতৰ স্বাধীনতা সংগ্ৰামত বৃটিছৰ বিৰুদ্ধে যুঁজি প্ৰান আহুতি দিয়া শ্বহীদ মুকুন্দ কাকতি আৰু কনকলতা বৰুৱাৰ ত্যাগ সুঁৱৰি প্ৰাক্তন শিক্ষা মন্ত্ৰী ৰমণী বৰ্মনে ভাষণ আগবঢ়ায় । লগতে দুয়োগৰাকী শ্বহীদৰ নামত থকা জাতীয় অনুষ্ঠান সমূহ পুনৰুজ্জীৱীত কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায় । ইপিনে, নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খনো পূৰ্ৱৰ মৰ্যদাৰে ২৩৫ খন বিচনাযুক্ত চিকিৎসালয় হিচাপে ৰাখি শ্বহীদ গৰাকীক সদায় জীপাল ৰাখিবলৈ সুৰক্ষা সমতিয়ে আহ্বান জনায় ।

১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ অসমৰ শ্বহীদসকলৰ কথা মনলৈ আহিলেই আমি নাম ল’ব লাগিব এগৰাকী বীৰাংগনাৰ ৷ নাম কনকলতা বৰুৱা ৷ বৃটিছৰ থানাত ভাৰতৰ পতাকা উত্তোলন কৰিবলৈ গৈ ইংৰাজ বাহিনীৰ গুলী বুকু পাতি লৈছিল কনকলতা বৰুৱাই ৷ ১৯৪২ ৰ ভাৰত ত্যাগ আন্দোলনৰ অসমৰ শ্বহীদসকলৰ ভিতৰত কনিষ্ঠ মহিলা তথা প্ৰথমগৰাকী মহিলা শ্বহীদ হিচাপে আখ্য়া দিয়া হয় ।

লগতে পঢ়ক:Development of Lakhimpur: লখিমপুৰত হেজাৰ কোটি টকাৰে ৰূপায়ণ কেইবাখনো আঁচনি; বিজেপি চৰকাৰৰ সফলতা বুলি দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.