ETV Bharat / state

ৰাজপাট দখলত নিষ্কন্টক হ’বলৈ অখিল গগৈক বন্দী কৰি ৰাখিছে সৰ্বা-হিমন্তই : ধৈৰ্য্য কোঁৱৰ

author img

By

Published : Aug 22, 2020, 12:37 AM IST

ধৈৰ্য্য কোঁৱৰ
ধৈৰ্য্য কোঁৱৰ

উজনি অসমৰ গোলাঘাট আৰু যোৰহাট জিলাৰ সদস্য সকলক লগ কৰাৰ পাচত শুকুৰবাৰে শিৱসাগৰত উপস্থিত হয় ধৈৰ্য্য কোঁৱৰ ৷ বিজেপি চৰকাৰক ফেচিষ্ট তথা সাম্প্ৰদায়িক দল বুলি অভিহিত কৰি অখিল গগৈক কোনো তথ্য প্ৰমাণ নোহোৱাকৈ গ্ৰেপ্তাৰ কৰি ৰখা বুলি উল্লেখ কৰে কৃষক মুক্তিৰ নেতাগৰাকীয়ে ৷

আমগুৰি, ২১ আগষ্ট : আমগুৰিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক ধৈৰ্য্য কোঁৱৰ ৷ অক্টোবৰ-নৱেম্বৰ মাহত ৰাজনৈতিক দল গঠনৰ ইংগিত নেতাগৰাকীৰ । সকলো নৱগঠিত দলক একত্ৰিত হৈ ঐক্যৱদ্ধভাৱে নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবলৈ আহ্বান ধৈৰ্য্য কোঁৱৰৰ । ’কা’ আন্দোলনত অংশ লোৱাৰ অপৰাধত বিগত ছমাহে কাৰাৰুদ্ধ হৈ আছিল নেতা গৰাকী ৷ কাৰাগাৰৰ পৰা জামিন লাভ কৰাৰ পাচতে বৰ্তমান অসমৰ বিভিন্ন স্থানত উপস্থিত হৈ পুন সংগঠনৰ ভেটি মজবুত কৰাত জড়িত হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক গৰাকী ৷

আমগুৰিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক ধৈৰ্য্য কোঁৱৰ

ইতিমধ্যে, উজনি অসমৰ গোলাঘাট আৰু যোৰহাট জিলাৰ সদস্য সকলক লগ কৰাৰ পাচত শুকুৰবাৰে শিৱসাগৰত উপস্থিত হয় ধৈৰ্য্য কোঁৱৰ ৷ বিজেপি চৰকাৰক ফেচিষ্ট তথা সাম্প্ৰদায়িক দল বুলি অভিহিত কৰি অখিল গগৈক কোনো তথ্য প্ৰমাণ নোহোৱাকৈ গ্ৰেপ্তাৰ কৰি ৰখা বুলি উল্লেখ কৰে কৃষক মুক্তিৰ নেতাগৰাকীয়ে ৷ সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই ৰাজপাট দখলৰ বাবে নিষ্কন্টক হ’বৰ বাবেই অখিল গগৈক গ্ৰেপ্তাৰ কৰি ৰাখিছে সাংবাদিকৰ আগত প্ৰকাশ কৰে ধৈৰ্য্য কোঁৱৰে ।

আনহাতে, যতীন বৰাক চৰকাৰী এজেন্ট আখ্যা দি তেওঁৰ কোনো স্থিতি নাই বুলি উল্লেখ কৰে ধৈৰ্য্য কোঁৱৰে । ’কা’ আন্দোলনৰ ভৰপক সময়ত অহা যতীন বৰাৰ ’কা’ আন্দোলনত কোনো অৰিহনা নাই বুলি কয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় যুটীয়া সম্পাদকজনে । তাৰোপৰি জুবিন গাৰ্গক চৰকাৰ পক্ষৰ পৰিৱৰ্তে ৰাইজৰ সৈতে থাকিবলৈও আহ্বান জনায় নেতাগৰাকীয়ে ৷

লগতে পঢ়ক : ১৭০০ শতিকাৰ জয়ন্তীয়া ৰজা দিনৰ ১৫ টা ৰূপৰ মুদ্ৰা আৰু খাৰু উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.