ETV Bharat / state

১৭০০ শতিকাৰ জয়ন্তীয়া ৰজা দিনৰ ১৫ টা ৰূপৰ মুদ্ৰা আৰু খাৰু উদ্ধাৰ

author img

By

Published : Aug 21, 2020, 7:49 PM IST

নাৰায়ণপুৰৰ আমগুৰিত মাছ ধৰিবলৈ গৈ উদ্ধাৰ কৰিলে জয়ন্তীয়া ৰজা দিনৰ ১৫ টা ৰূপৰ মূদ্ৰা আৰু খাৰু ৷ ইতিমধ্যে জিলা সংগ্ৰহালয় বিষয়া কৰ্মচাৰী উপস্থিত হৈছে উদ্ধাৰকাৰী বাস গৃহত ৷

ANCIENT COINS RECOVERED AT BIHPURIA
১৭০০ শতিকাৰ জয়ন্তীয়া ৰজা দিনৰ ১৫ টা ৰূপৰ মুদ্ৰা আৰু খাৰু উদ্ধাৰ

বিহপুৰীয়া, 21 আগষ্টঃ কিছুদিন পূৰ্বে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ দাধৰা-আমগুৰিত দুজন যুৱকে মাছ ধৰিবলৈ গৈ উদ্ধাৰ কৰিছিল আহোম যুগৰ ৰজা লক্ষ্মী নাৰায়ণ আৰু ১৭০০ শতিকাৰ জয়ন্তীয়া ৰজাৰ দিনৰ ১৫ টাকৈ ৰূপৰ মুদ্ৰা আৰু খাৰু। ইফালে উদ্ধাৰ হোৱা প্ৰাচীন মূদ্ৰা আৰু খাৰুৰ বিষয়ে শিমলুগুৰি আৰক্ষীক অৱগত কৰে তেওঁলোকে ৷ উক্ত ঘটনাৰ বিষয়ে আৰক্ষী অৱগত হোৱাৰ পাচত, জিলা সংগ্ৰহালয় বিষয়া অৱন্তিকা পৰাশৰৰ নেতৃত্বত অহা এটা দলে শিমলুগুৰি আৰক্ষীৰ সহযোগত সম্পদ কেইপদ সংগ্ৰহ কৰি ৰাজ্যিক সংগ্ৰহালয়লৈ লৈ যায়।

১৭০০ শতিকাৰ জয়ন্তীয়া ৰজা দিনৰ ১৫ টা ৰূপৰ মুদ্ৰা আৰু খাৰু উদ্ধাৰ

ইফালে সম্পদ কেইপদ উদ্ধাৰ কৰা দুই যুৱক ক্ৰমে পৱিত্ৰ গগৈ আৰু নিতুল দিহিঙিয়াক ৰাজ্যিক সংগ্ৰহালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ লগতে মানপত্ৰ আগবঢ়ায় । উক্ত ঘটনাটোৰ বাবে উদ্ধাৰকাৰী লোক সকলক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰা জিলা সংগ্ৰহালয় বিষয়া গৰাকীয়ে ৷ অনাগত দিনত এনেধৰনৰ সম্পদ উদ্ধাৰ হ’লে যোগাযোগ কৰিবলৈ অনুৰোধ জনায় তেওঁ ৷ অসমৰ বিভিন্ন স্থানত এনে সম্পদ উদ্ধাৰ হৈ আহিছে যদিও উপযুক্ত যোগাযোগ নোহোৱাৰ বাবে সংগ্ৰহ কৰাত সক্ষম হোৱা নাই ফলত সেই সম্পদ সমুহ তেনেকৈয়ে নষ্ট হৈ গৈছে বুলি মন্তব্য কৰে সংগ্ৰহালয় বিষয়া গৰাকীয়ে ৷

লগতে পঢ়ক- আশ্ৰয় শিবিৰত দুৰ্বিসহ জীৱন বাঘজানবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.