ETV Bharat / state

Tai Ahom Yuva Parishad : ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি নিদিলে জন্ম হ’ব নতুন ৰাজনৈতিক দলৰ: টাইপা

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 5:23 PM IST

Tai Ahom Yuva Parishad
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ স্বীকৃতি নিদিলে জন্ম হ’ব নতুন ৰাজনৈতিক দলৰ

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত টাইপাৰ সংবাদমেল ৷ মঙলবাৰে শিৱসাগৰত অনুষ্ঠিত সংবাদমেলত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে সংগঠনটো ৷

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ স্বীকৃতি নিদিলে জন্ম হ’ব নতুন ৰাজনৈতিক দলৰ

শিৱসাগৰ, 31 অক্টোবৰ : শিৱসাগৰৰ পৰ্যটন ভৱনৰ সভাগৃহত মঙলবাৰে টাই আহোম যুৱ পৰিষদৰ নেতাই সম্বোধন কৰে এক সংবাদমেলৰ ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত টাইপাই অনুষ্ঠিত কৰে এই সংবাদমেল ৷ বছৰ বছৰ ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী কৰি অহাৰ পাচতো কংগ্ৰেছ বা বিজেপি চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলিলে সংগঠনটোৱে ৷

তেওঁলোকে কয়, ‘‘অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ দাবী দীৰ্ঘদিন ধৰি আমি উত্থাপন কৰি আহিছো ৷ নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰাজনৈতিক দলসমূহে ৷ যেতিয়া শাসনৰ গাদীত বহে তেতিয়া প্ৰতিশ্ৰুতিৰ কথা পাহৰি যায় ৷ সেয়া লাগিলে কংগ্ৰেছেই হওঁক বা বিজেপিয়েই হওঁক ৷ আমাক লৈ তেওঁলোকে ল’ৰা-ধেমালি কৰিছে ৷’’

প্ৰধানমন্ত্ৰী মোদীয়ে যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল তেতিয়া দিয়া প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি সংগঠনটোৰ নেতাই কয়, ‘‘ ক্ষমতালৈ অহাৰ স্বাৰ্থতে জনজাতিকৰণৰ আমাক প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে ৷ কিয়নো বিজেপিয়ে জানে, উজনি অসমৰ কেইবাটাও সমষ্টিত নিৰ্ণায়ক ভূমিকা পালন কৰে আহোমসকলে ৷ সেয়ে নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈহে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কৈছিল ৷ সেই কথাত ভোল গৈ আমিও তেওঁলোকক ভোট দিছিলোঁ ৷’’

অতি শীঘ্ৰে এই ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান নকৰিলে বিকল্প ৰাজনৈতিক দল গঠন কৰাৰ হুংকাৰ সংগঠনটোৰ ৷ কাৰণ বিগত দুটাকৈ লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে শাসনলৈ আহিলে টাই আহোমসকলক জনজাতিৰ স্বীকৃতি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল বৰ্তমানৰ চৰকাৰে ৷ কিন্তু চৰকাৰ গঠন কৰাৰ পিচত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিষয়টো গা এৰা দিয়াৰ অভিযোগ সংগঠনটোৰ ৷

এই প্ৰতাৰণাৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ দিয়ে সংগঠনটোৱে ৷ তদুপৰি বিজেপিৰ প্ৰতাৰণাৰ বিৰুদ্ধে গাঁৱে গাঁৱে প্ৰচাৰ পত্ৰ বিতৰণ কৰিব বুলিও প্ৰকাশ কৰে সংগঠটোৱে ৷

লগতে পঢ়ক:Cattle theft: গৌৰীসাগৰত বিলাসী বাহনসহ এটা গৰু চোৰ গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.