ETV Bharat / state

জন্মদাত্ৰী মাতৃক প্ৰাণে মৰাৰ চেষ্টা পাষাণ পুত্ৰৰ

author img

By

Published : May 13, 2022, 6:38 PM IST

Attempt to murder case in Sivsagar
জন্মদাত্ৰী মাতৃক প্ৰাণে মৰাৰ চেষ্টা পাষাণ পুত্ৰৰ

আইৰ সমান হ’ব কোন, নৈৰ সমান ব’ব কোন...নিজে লঘোণে থাকিও সন্তানৰ উদৰ ভৰায় মাতৃয়ে ৷ কিন্তু তেনে মাতৃয়ে বিভিন্ন সময়ত এচাম পুত্ৰৰ হাততে হ’ব লগা হয় লাঞ্চিত, বঞ্চিত ৷ এনে এক ঘটনাই জোকাৰি গৈছে গৌৰীসাগৰৰ নখনা খনিকৰ গাঁও (Attempt to murder case in Sivsagar) ৷ সবিশেষ এই বাতৰিত...

আমগুৰি, 13 মে’ : তেজেৰে লুতুৰী পুতুৰী এগৰাকী বয়োজ্যেষ্ঠ মহিলা ৷ কেৱল দৌৰিছে আৰু দৌৰিছে ৷ প্ৰাণৰ মমতাত এক সুৰক্ষিত স্থানৰ সন্ধানত বয়োজ্যেষ্ঠ মহিলাগৰাকীয়ে কেৱল দৌৰিছে ৷

ঘটনাৰ স্থান শিৱসাগৰৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত নখনা খনিকৰ গাঁও ৷ জন্মদাত্ৰী মাতৃক প্ৰাণে মৰাৰ চেষ্টা পাষাণ পুত্ৰৰ (Attempt to murder case in Sivsagar) ৷ ভুক্তভোগী মহিলাগৰাকী হৈছে ৰীণা খনিকৰ ৷ ৰীণা খনিকৰে অভিযোগ কৰা অনুসৰি, বৃহস্পতিবাৰে তেওঁৰ কনিষ্ঠ পুত্ৰ বিজু খনিকৰে (35) তেওঁক প্ৰাণে মৰাৰ চেষ্টা কৰে ৷

কনিষ্ঠ পুত্ৰ বিজু খনিকৰৰ চোকা অস্ত্ৰৰ আঘাতৰ ফলত গুৰুত্বৰভাৱে আহত হয় মাতৃ ৰীণা খনিকৰ ৷

পৰৱৰ্তী সময়ত চেগ বুজি ঘৰৰ পৰা পলায়ন কৰে ভুক্তভোগী ৰীণা খনিকৰে আৰু তেজেৰে লুতুৰী-পুতুৰী অৱস্থাত উপস্থিত হয়গৈ গৌৰীসাগৰ আৰক্ষী থানাত ৷ গৌৰীসাগৰ আৰক্ষীয়ে মহিলাগৰাকীৰ এনে অৱস্থা দেখি ততাতৈয়াকৈ প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাচত মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

জন্মদাত্ৰী মাতৃক প্ৰাণে মৰাৰ চেষ্টা পাষাণ পুত্ৰৰ

লগতে পঢ়ক : মতানৈক্যৰ বাবেই দাৰে ঘপিয়ালে মাতৃ-ভগ্নীক

ইফালে ভুক্তভোগী মহিলাগৰাকীৰ অভিযোগ অনুসৰি, দৈনিক মদ্যপান কৰি তেওঁৰ পুত্ৰই প্ৰায়েই ঘৰত অশান্তিৰ পৰিৱেশ সৃষ্টি কৰি আহিছে । অন্য দিনাৰ দৰে বৃহস্পতিবাৰেও অত্যাধিক মদ্যপান কৰি বিজু খনিকৰে সৃষ্টি কৰিছিল এক হুলস্থূলীয়া পৰিৱেশৰ ৷ উপায়ন্তৰ হৈ পৰৱৰ্তী সময়ত ৰীণা খনিকৰে পুত্ৰক বাধা দিয়ে ৷

কিন্তু মাতৃৰ বাধা নামানি বিজু খনিকৰে চোকা অস্ত্ৰৰে আঘাত কৰে ৰীণা খনিকৰে । পুত্ৰৰ চোকা অস্ত্ৰৰ আঘাতত গুৰুত্বৰভাৱে আহত হয় ৰীণা খনিকৰ ৷ পৰৱৰ্তী সময়ত গৌৰীসাগৰ আৰক্ষীয়ে মাতৃক আক্ৰমণ কৰা কুলাংগাৰ পুত্ৰক আটক কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় ৷

কিন্তু ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্ত পুত্ৰ বিজু খনিকৰে ৷ তথ্য অনুসৰি, বাতৰি লিখা পৰলৈকে গৌৰীসাগৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই অভিযুক্ত বিজু খনিকৰক ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এক চাঞ্চল্যই বিৰাজ কৰে ৷

লগতে পঢ়ক : Sensational murder at Rangapara: পুত্ৰৰ হাতত প্ৰাণ গ'ল দুৰ্ভগীয়া মাতৃৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.