ETV Bharat / state

Protest in Sivasagar: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ বাতিল কৰিবলৈ শিৱসাগৰত তীব্ৰ প্ৰতিবাদ

author img

By

Published : Jun 21, 2023, 3:46 PM IST

scrapping of draft proposal for delimitation
সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ বাতিল কৰিবলৈ শিৱসাগৰত তীব্ৰ প্ৰতিবাদ

অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ প্ৰকাশ কৰা পিচতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ থাওৰা সমষ্টিৰ নাম সলনি কৰি ডিমৌ সমষ্টি নামাকৰণ কৰাৰ লগতে আমগুৰি সমষ্টি বিলুপ্ত কৰাৰ পিচতেই সৰৱ হৈছে শিৱসাগৰৰ একাধিক দল-সংগঠন ৷

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ বাতিল কৰিবলৈ শিৱসাগৰত তীব্ৰ প্ৰতিবাদ

আমগুৰি, 21 জুন : মঙলবাৰ তথা 20 জুন তাৰিখে ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ ৷ এই খচৰাত নাম সলনি হয় তিনিটাকৈ লোকসভা সমষ্টিৰ ৷ এই অনুসৰি অহা ১১ জুলাইলৈকে পৰামৰ্শ আৰু আপত্তি দৰ্শোৱাৰ সময় সীমা বান্ধি দিয়া হৈছিল ৷

ইয়াৰ পিচতেই অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰস্তুত কৰা প্ৰস্তাৱিত খচৰাক লৈ সৰৱ হৈ পৰিছে শিৱসাগৰৰ একাধিক দল-সংগঠন ৷ প্ৰস্তাৱিত খচৰা অনুসৰি শিৱসাগৰ জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ পৰা এটা সমষ্টি কৰ্তন কৰাৰ লগতে বাকী তিনিটা সমষ্টি ক্ৰমে শিৱসাগৰ, নাজিৰা আৰু থাওৰা সমষ্টিৰ জনগাঁঠনি ব্যাপক হাৰত ভাঙি দিয়া হৈছে ৷ প্ৰস্তাৱিত খচৰামতে থাওৰা সমষ্টিৰ নাম সলনি কৰি ডিমৌ সমষ্টি বুলি নামাকৰণ কৰাৰ লগতে আমগুৰি সমষ্টি বিলুপ্ত কৰা হৈছে ৷ এই প্ৰস্তাৱিত খচৰা অনুসৰি আমগুৰি সমষ্টি বিলুপ্ত হোৱাৰ লগে লগে অগপ বিধায়ক প্ৰদীপ হাজৰিকাৰ ভৱিষ্যত সংকটত পৰিছে ৷

সেইদৰে বৰ্তমানৰ শিৱসাগৰ সমষ্টিৰ আহোম অধ্যুষিত বৃহৎ অঞ্চল কাটি ডিমৌ আৰু নাজিৰা সমষ্টিত অন্তৰ্ভুক্ত কৰাত শিৱসাগৰ সমষ্টিৰ আহোম ভোটাৰৰ প্ৰভাৱ শেষ হৈ যাব ৷ ইয়াৰ ফলত আহোম ৰাজত্বৰ দিনত ছশ বছৰে অসমৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰা তথা পৰৱৰ্তী সময়ত স্বাধীন ভাৰতৰ অংশৰূপে অসমৰ ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰি অহা শিৱসাগৰ জিলাৰ আহোম জনগোষ্ঠীৰ ৰাজনৈতিক প্ৰভাৱ নিশকতীয়া হ'ব ৷

যাৰ বাবে আজি সদৌ টাই আহোম ছাত্র সন্থা, টাই আহোম যুৱ পৰিষদ, উজনি অসম সমষ্টি পুনৰ নিৰ্ধাৰণ সমিতি আদিকে কৰি বিভিন্ন দল-সংগঠনে এই প্ৰস্তাৱিত খচৰা বিৰোধ কৰাৰ লগতে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিছে ৷ আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণ সমিতিয়ে এই খচৰাক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ ভাবুকি দিছে।

ইয়াকে কেন্দ্ৰ কৰি বুধবাৰে শিৱসাগৰ নগৰত টাই আহোম যুৱ পৰিষদে প্ৰস্তাৱিত খচৰাৰ প্ৰতিলিপি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে এই খচৰা কোনো কাৰণত মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি কয় যে, খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষা কৰিবলৈ এই সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছে বুলি চৰকাৰে কৈছে যদিও শিৱসাগৰ জিলাৰ খিলঞ্জীয়াৰ অধিকাৰ কাঢ়ি নিয়া দেখা গৈছে ৷ আমগুৰি সমষ্টি বিলুপ্ত কৰাৰ লগতে আহোম জনগোষ্ঠীৰ প্ৰভাৱ জিলাখনৰ পৰা নোহোৱা কৰাৰ এক ব্যৱস্থা চৰকাৰে কৰিছে ৷ গতিকে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰাকৈ আৰু অসমত এখন শুদ্ধ এনআৰচি প্ৰকাশ নকৰালৈকে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ বন্ধ ৰাখিবলৈ টাইপাই দাবী জনায় ৷

সেইদৰে আমগুৰি সমষ্টি বিলুপ্ত কৰাৰ বিৰোধিতা কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক মিঠু বৰাই শিৱসাগৰ জিলা উপায়ুক্তৰ দ্বাৰা ভাৰতৰ নিৰ্বাচন আয়োগলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰি এই প্ৰস্তাৱ বাতিল কৰিবলৈ আহ্বান জনায় ৷

ইয়াৰ সমান্তৰালকৈ আমগুৰি সমষ্টিৰ অসম গণ পৰিষদৰ সমৰ্থকে আমগুৰি সমষ্টি বিলুপ্ত কৰাক লৈ এক স্মাৰক পত্ৰ শিৱসাগৰ জিলা উপায়ুক্তৰ দ্বাৰা ভাৰতৰ নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰি সমষ্টি বিলুপ্ত কৰাৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায় ৷

লগতে পঢ়ক: Constituency delimitation: অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ নিৰ্বাচন আয়োগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.