ETV Bharat / state

নাজিৰাত তীব্ৰবেগী ট্ৰাকে প্ৰাণ কাঢ়িলে এজনৰ

author img

By

Published : Feb 18, 2021, 6:57 PM IST

নাজিৰাৰ বালিঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত এগৰাকী মটৰ চাইকেল আৰোহী ৷ তীব্ৰবেগী এখন ট্ৰাকে মটৰ চাইকেল এখনত খুন্দা মৰাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ শিৱসাগৰৰ পৰা শিমলুগুৰি অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা ট্ৰাকখনৰ তলত বুলেটখন সোমাই পৰাৰ ফলতে থিতাতে নিহত হয় বুলেট আৰোহী যুৱক গৰাকী ৷

A_801_NZR_ACCIDENT_ONE_DIED_VIS_ASC1018
one dead in a road accident at balighat in nazira

শিৱসাগৰ, 18 ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে নাজিৰাৰ বালিঘাটত সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত মটৰ চাইকেল আৰোহীজন থিতাতে নিহত হয় ৷ নিহত আৰোহী যুৱক জনৰ নাম দিম্পল শইকীয়া বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, অ'এনজিচিৰ সামগ্ৰী কঢ়িওৱা এখন ট্ৰেইলাৰৰ সৈতে মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় ভয়াবহ পথ দুৰ্ঘটনাটো ৷ বিপৰীত দিশৰ পৰা অহা AS 04 Y 4413 নম্বৰৰ বুলেটখনে AS 04 AC 9469 নম্বৰৰ ট্ৰেইলাৰখনৰ তলত সোমাই পৰে আৰু ট্ৰেইলাৰৰ চকাৰ তলত সোমাই ঘটনাস্থলীতে যুৱকজনে মৃত্যুক আঁকোৱালি লয় ৷

A_801_NZR_ACCIDENT_ONE_DIED_VIS_ASC1018
ট্ৰাকখনৰ তলত বুলেটখন সোমাই পৰাৰ ফলতে থিতাতে নিহত হয় বুলেট আৰোহী যুৱক গৰাকী

স্থানীয় লোকৰ ভাষ্য অনুসৰি সামগ্ৰী কঢ়িওৱা ট্ৰেইলাৰখন তীব্ৰ বেগ অহাৰ বাবেই এই ভয়াবহ দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পালে ৷ আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন জব্দ কৰাৰ লগতে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷

শিৱসাগৰৰ শিমলুগুৰিৰ ভোটৰবাৰীৰ দিম্পল শইকীয়াৰ মৃত্যুৰ বাতৰিয়ে এতিয়া সমগ্ৰ অঞ্চলটোত পেলাইছে শোকৰ ছাঁ ৷

লগতে পঢ়ক: যোৰহাটৰ বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.