ETV Bharat / state

ৰেচম বিভাগৰ অনিহাত বিধ্বস্ত মুগা পালক !

author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 8:01 PM IST

muga farmers face various problems due to the negligence of Department of Silk
মুগা পালকৰ দুৰ্দশা

একো সুবিধা নোপোৱাকৈও কিদৰে মুগা পালকে আগবঢ়াই নিছে মুগা পালন শুনকচোন তেওঁলোকৰ মুখেৰেই-

মুগা পালকৰ দুৰ্দশা

আমগুৰি, ২ জানুৱাৰী : সোণালী সূতাৰ দেশ নামেৰে খ্যাত অসম । অসমৰ গ্ৰামাঞ্চলৰ লোকৰ জীৱিকাৰ অন্যতম উপায় মুগা পালন ৷ অসমীয়াৰ সাতামপুৰুষীয়া এক পৰম্পৰা তথা পুৰ্বপুৰুষানুক্ৰমে চলি অহা এক পদ্ধতি হ’ল মুগা পালন ।

এই পদ্ধতিৰ জৰিয়তে অসমীয়া সংস্কৃতিৰ অন্যতম পাট-সূতা, মুগা-মেখেলা, চাদৰ ইত্যাদি বৰ্তি আছে । আমগুৰিত মুগা পালনেৰে স্বাৱলম্বী হৈ উঠিছে গ্ৰামাঞ্চলৰ যুৱকসকল । আমগুৰিৰ বৰাহীবাৰী সঁচ উন্নয়ন প্ৰকল্পত বিভিন্ন অসুবিধাৰ মাজেৰে মুগা পালকসকলে মুগা পালন কৰি থকাৰ লগতে খোৱাপানী, মুগা ৰখা জালিঘৰ, মুগাপালক থকা ঘৰৰ সমস্যাৰ মাজেৰে মুগা পালন কৰি আহিছে ।

ৰাজ্যৰ ৰেচম বিভাগে মুগা পালকসকলক পৰ্যাপ্ত সুবিধা প্ৰদান নকৰিলেও মুগা পালকসকলে সাতামপুৰুষীয়া পৰম্পৰা ধৰি ৰাখিছে ৷ সোণালী সূতাৰ দেশ নামেৰে খ্যাত অসমৰ মুগা পালকক আজিও ৰেচম বিভাগে পৰ্যাপ্ত সুবিধা প্ৰদান কৰা নাই । সীমিত সুবিধাৰে মুগাপালকে মুগা পালন কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে নিজে স্বাৱলম্বী হ’বৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে

ম’বাইলৰ টাৱাৰ, চাহ-বাগিচাত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ, প্ৰাকৃতিক দুৰ্যোগেও মুগা পালকসকলৰ বাবে অসুবিধাৰ সৃষ্টি কৰি আহিছে । চৰম দুৰ্যোগৰ মাজতো মুগা পালকে মুগা পালন কৰি থকাৰ পিচতো ৰাজ্যৰ ৰেচম বিভাগে মুগাপালকৰ প্ৰতি দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰা নাই । উল্লেখ্য যে, বৰাহীবাৰী সঁচ উন্নয়ন প্ৰকল্পত শিৱসাগৰৰ লগতে যোৰহাট, লখিমপুৰ, ধেমাজি আদি জিলাৰ পৰাও মুগাপালকে মুগা পালন কৰি আহিছে । ৰাজ্যৰ ৰেচম বিভাগে মুগাপালকক পৰ্যাপ্ত সুবিধা প্ৰদান কৰাৰ প্ৰয়োজন । এইক্ষেত্ৰত বিভিন্ন সময়ত মুগা পালকসকল হতাশ হোৱাও দেখা যায় ।

লগতে পঢ়ক : মুগা পালকৰ চকুত চকুলো, ৰেচম বিভাগে দিবনে ক্ষতিপূৰণ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.