মুগা পালকৰ চকুত চকুলো, ৰেচম বিভাগে দিবনে ক্ষতিপূৰণ ?

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 3:43 PM IST

thumbnail

আমগুৰি, ১৯ ডিচেম্বৰ : শিৱসাগৰ জিলাৰ আমগুৰিত প্ৰাকৃতিক দুৰ্যোগত বিপৰ্যস্ত হৈ পৰিছে মুগা পালকসকল । ধুমুহা আৰু শিলাবৃষ্টিত মৃত্যুমুখত পৰিল হাজাৰ হাজাৰ মুগা । মুগাপালকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

আমগুৰি বৰাহীবাৰীৰ গো-চৰণীয়া পথাৰত চোমগছত শ-শ মৃত পোহনীয়া-মুগা ওলমি এক অবৰ্ণনীয় অৱস্থাৰ সৃষ্টি হৈছে । মুগা পালকসকলে মৃত-মুগাবিলাক প্ৰত্যক্ষ কৰি হুমুনিয়াহ কাঢ়িছে । উল্লেখ্য যে, জাৰোৱা মুগাপলু মুগাপালকসকলে এমাহ পূৰ্বে বৰাহীবাৰীস্থিত গো-চৰণীয়া পথাৰত পালন কৰিছিল । কিন্তু বিগত বুধবাৰে অহা শিলাবৃষ্টি আৰু ধুমুহাত হাজাৰ হাজাৰ মুগা নষ্ট হয় । ফলত মুগা পালকসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ।

ৰাজ্যৰ ৰেচম উদ্যোগক জীয়াই ৰখা মুগা পালকৰ লগত প্ৰাকৃতিক দুৰ্যোগৰ পিচত হোৱা বিপৰ্যয়ৰ পাচত বিভাগীয় বিষয়াই ক্ষতিপূৰণৰ ব্যৱস্থা নকৰাত মানসিকভাৱে ভাগি পৰিছে মুগা পালকসকল । বৰাহীবাৰীস্থিত মুগা পালকে প্ৰায় ৪০/৫০ হাজাৰ মুগা নষ্ট হোৱা বুলি প্ৰকাশ কৰি বজাৰ মূল্য লক্ষাধিক টকা হ’ব বুলি উল্লেখ কৰিছে । মুগা পালকসকলক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ অপাৰগ বৰাহীবাৰীস্থিত মুগা সঁচ উন্নয়ন বিভাগৰ বিষয়া-কৰ্মচাৰী । এইসকল মুগাপালকক সহায় কৰিবলৈ ৰাজ্যৰ ৰেচম বিভাগক আগবাঢ়ি আহিবলৈ সচেতন লোকে আহ্বান জনাইছে ।

লগতে পঢ়ক : Rice scam in Amguri:আমগুৰি গাঁও পঞ্চায়ত সমবায় সমিতিত সুলভ মূল্যৰ চাউলৰ কেলেংকাৰীৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.