ETV Bharat / state

Rice scam in Amguri:আমগুৰি গাঁও পঞ্চায়ত সমবায় সমিতিত সুলভ মূল্যৰ চাউলৰ কেলেংকাৰীৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 11:21 AM IST

rice damaged in godown in sivasagar amguri
সুলভ মূল্যৰ চাউলৰ কেলেংকাৰী

আমগুৰি গাঁও পঞ্চায়ত সমবায় সমিতিত সুলভ মূল্যৰ চাউলৰ কেলেংকাৰী হোৱাৰ অভিযোগ উঠিছে ৷ শিৱসাগৰ জিলা যোগান বিভাগ অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত ব্যৰ্থ ৷ সমবায় সমিতিৰ সম্পাদক দেৱচৰণ তাঁতীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ৷

সুলভ মূল্যৰ চাউলৰ কেলেংকাৰী

আমগুৰি, ৬ নৱেম্বৰ : আমগুৰি গাঁও পঞ্চায়ত সমবায় সমিতিত ১৮৮ কুইন্টল চাউল গুদামত পচি নষ্ট হোৱাৰ পিচতো জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে সমবায় সমিতিৰ সম্পাদক দেৱচৰণ তাঁতীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাত জনসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । গুদামত পচি যোৱা চাউল শিৱসাগৰ জিলা যোগান বিভাগে পৰীক্ষাৰ বাবে ফৰেনচিকলৈ প্ৰেৰণ কৰে যদিও যোৱা এমাহে কোনো ৰিপ’ৰ্ট নহাত বিভাগটোৱে ব্যৱস্থা গ্ৰহণত ব্যৰ্থ হোৱা বুলি প্ৰকাশ কৰিছে ।

ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষলৈ অসম নৱ নিৰ্মাণ সেনাই তদন্তৰ বাবে পত্ৰ প্ৰেৰণ কৰিছে । আনহাতে অসম চাহ জনজাতি ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিছে ৷ উল্লেখ্য যে, হালোৱাটিঙস্থিত আমগুৰি গাঁও পঞ্চায়ত সমবায় সমিতিৰ কাৰ্যালয়ৰ গুদামঘৰত ১৮৮ কুইন্টল সুলভ মূল্যৰ চাউল নষ্ট হৈ খোৱাৰ অনুপযোগী যায় । ইয়াৰ পিচতেই অসম নৱ নিৰ্মাণ সেনাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিগন্ত শইকীয়াই শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ যোগেদি মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষলৈ পত্ৰ প্ৰেৰণ কৰি চাউল কেলেংকাৰী তদন্ত কৰিবলৈ দাবী জনাইছে । স্মৰ্তব্য যে, হালোৱাটিঙস্থিত আমগুৰি গাঁও পঞ্চায়ত সমবায় সমিতিত এটা গুদাম গৃহৰ প্ৰায় ৪০০ বেগ সুলভ মূল্যৰ চাউলসহ মুঠ ১৮৮ কুইন্টল চাউল নষ্ট হৈ খোৱাৰ অনুপযোগী হৈ পৰে ।

অভিযোগ যে আমগুৰি গাঁও পঞ্চায়ত সমবায় সমিতিৰ সম্পাদক দেৱচৰণ তাঁতীৰ সম্পূৰ্ণ অকৰ্মণ্যতা আৰু বিভিন্ন সময়ত কৰা দুৰ্নীতি-অনিয়মৰ বাবে সৰ্বসাধাৰণ দৰিদ্ৰ লোকলৈ অহা চাউল পচিবলৈ আৰম্ভ কৰিছে । ইতিমধ্যে পচা চাউলত পোকে ধৰি খাদ্যৰ অনুপযোগী হৈ পৰিছে । আমগুৰি নৱ নিৰ্মাণ সমিতিয়ে আমগুৰি গাঁও পঞ্চায়ত সমবায় সমিতিৰ বিৰুদ্ধে ২০১৪-১৫ ৰ বিত্তীয় বৰ্ষৰ পৰা আজিপৰ্যন্ত ব্যাপক কেলেংকাৰীৰ অভিযোগ আনিছে । দুখীয়া ৰাইজৰ বাবে আবণ্টিত চাউল সমিতিৰ সচিব দেৱচৰণ তাঁতী আৰু সভাপতিয়ে গোপন মিতিৰালিৰে মধ্যভোগী চাউল ব্যৱসায়ীৰ যোগেদি অতিৰিক্ত দামত কলাবজাৰত বিক্ৰী কৰাৰ অভিযোগ উঠিছে । যাৰ বাবে হিতাধিকাৰীসকল চাউল যোগানৰ পৰা বঞ্চিত হৈ আহিছে । ঘটনা সন্দৰ্ভত ইতিমধ্যে শিৱসাগৰ জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগে ১৮৮ কুইন্টলকৈ চাউল নষ্ট হোৱা বুলি প্ৰকাশ কৰা লগতে নৱেম্বৰ মাহৰ পৰা বলৱৎ হোৱাকৈ আমগুৰি গাঁও পঞ্চায়ত সমবায় সমিতিৰ সম্পাদকৰ লাইচেন্স নিলম্বন কৰি গধূলি বজাৰ সমবায় সমিতিক দায়িত্ব অৰ্পণ কৰিছে ।

উল্লেখ্য যে, আমগুৰি গাঁও পঞ্চায়ত সমবায় সমিতিৰ সম্পাদক দেৱচৰণ তাঁতীয়ে আগষ্ট মাহত ৭ খন সমবায় সমিতিৰ দোকানক ২৩ কুইন্টল ৬০ কেজি আৰু ছেপ্টেম্বৰ মাহত ৩২ খন সমবায় সমিতিৰ দোকানক ৩০৯ কুইন্টল ৮০ কেজি চাউল বিতৰণ নকৰিলে । যাৰ ফলত তাৰে ১৮৮ কুইন্টল চাউল গুদাম গৃহত ৰহস্যজনক পৰিস্থিতিত পোকে ধৰি নষ্ট হৈ খাদ্যৰ অনুপযোগী হৈ উঠে । ইতিমধ্যে শিৱসাগৰ জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিদৰ্শক দীপাংকৰ বৰগোঁহাই, সহঃপৰিদৰ্শক চিন্ময় বৰা, প্ৰতীম ফুকন আৰু মুনু বৰাই আমগুৰি গাঁও পঞ্চায়ত সমবায় সমিতিৰ এই কাণ্ড তদন্ত কৰি সমগ্ৰ কেলেংকাৰীৰ তথ্য পোহৰলৈ আনে । উক্ত তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ে আমগুৰি গাঁও পঞ্চায়ত সমবায় সমিতিৰ সম্পাদক দেৱচৰণ তাঁতীৰ বিৰুদ্ধে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ নিয়ম-নীতি উলংঘা কৰাৰ তথ্য প্ৰমাণ লাভ কৰাত আমগুৰি গাঁও পঞ্চায়ত সমবায় সমিতিৰ লাইচেন্স নং SBSL-4685/13 (S/W-SALE) নিলম্বন কৰিছে ।

আনহাতে আমগুৰি গাঁও পঞ্চায়ত সমবায় সমিতিৰ লাইচেন্স নিলম্বন হোৱাৰ পিচতে নৱেম্বৰ মাহৰ পৰা গধূলি বজাৰ সমবায় সমিতিক চাউল যোগানৰ দায়িত্ব অৰ্পণ কৰিছে । শিৱসাগৰ জিলাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ উপ সঞ্চালকে আমগুৰি গাঁও পঞ্চায়ত সমবায় সমিতিৰ সম্পাদক দেৱচৰণ তাঁতীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ নকৰাত আমগুৰি নৱ নিৰ্মাণ সেনাই আক্ষেপ প্ৰকাশ কৰি উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে ।

আনহাতে বিভাগটোৱে পচি যোৱা চাউল বিভাগীয়ভাৱে নষ্ট কৰাত অপাৰগ হৈ উঠিছে । এইক্ষেত্ৰত অসম চাহ জনজাতি ছাত্ৰ সন্থাই জিলা যোগান বিভাগক শীঘ্ৰে দোষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । অন্যথাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিছে ।

লগতে পঢ়ক : Rice scam in Amguri:শিৱসাগৰৰ আমগুৰিত সুলভ মূল্যৰ চাউলৰ বৃহৎ কেলেংকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.