ETV Bharat / state

Gunotsav 2022: আমগুৰিৰ বিদ্যালয়ত সাংসদ তপন কুমাৰ গগৈ

author img

By

Published : May 25, 2022, 2:15 PM IST

গুণোৎসৱক লৈ ব্যস্ত ৰাজ্যৰ মন্ত্ৰী, বিধায়ক,সাংসদ আদি সকলো । বিদ্যালয়ে বিদ্যালয়ে গৈছে নেতাসকল । ইয়াৰ মাজতে আমগুৰিৰ চৰকাৰী বিদ্যালয়ত উপস্থিত সাংসদ তপন কুমাৰ গগৈ (Tapan Kumar Gogoi participates in Gunotsav program)। বিদ্যালয়ৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে শিক্ষাৰ্থী, অভিভাৱকসকলৰ সৈতেও মত বিনিময় কৰিলে সাংসদগৰাকীয়ে ।

Gunotsav 2022
আমগুৰিৰ বিদ্যালয়ত সাংসদ তপন কুমাৰ গগৈ

আমগুৰি, ২৫ মে': ৰাজ্যত সোমবাৰৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ । ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে শিৱসাগৰতো অনুষ্ঠিত হৈছে গুণোৎসৱ (Gunotsav 2022 in sivasagar)। প্ৰতিখন জিলাতে মন্ত্ৰী বিধায়কসকলে এই সময়চোৱাত বিদ্যালয় পৰিদৰ্শন কৰা দেখা গৈছে । ইয়াৰ মাজতে বুধবাৰে শিৱসাগৰৰ আমগুৰিৰ কেইবাখনো বিদ্যালয় পৰিদৰ্শন কৰে সাংসদ তপন কুমাৰ গগৈয়ে ।

আমগুৰিৰ কালুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়তো উপস্থিত হয় সাংসদগৰাকী (MP Tapan Kumar Gogoi visits School at Amguri)। বিদ্যালয়খনত গুণোৎসৱৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে সাংসদগৰাকীয়ে । বিদ্যালয়খনত বহিঃমূল্যায়ক হিচাপে উপস্থিত থাকে অধ্যাপিকা চেহিদা খাতুন ।

আমগুৰিৰ বিদ্যালয়ত সাংসদ তপন কুমাৰ গগৈ

ইফালে সাংসদ তপন কুমাৰ গগৈয়ে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সৈতে মত বিনিময় কৰে । বিদ্যালয়খনৰ বিভিন্ন অভাৱ অভিযোগৰ বিষয়েও সাংসদগৰাকীয়ে আলোচনা কৰে । লগতে জিলা উন্নয়ন বিষয়া সুভম গোৱালা, বিদ্যালয়সমূহৰ পৰিদৰ্শক কমল গগৈৰ লগতে স্থানীয় বিশিষ্ট ব্যক্তিসকলো এই সময়চোৱাত বিদ্যালয়ত উপস্থিত থাকে ।

বিদ্যালয়খন পৰিদৰ্শন কৰি সাংসদগৰাকীয়ে কয় যে অসম চৰকাৰে আৰম্ভ কৰা এই গুণোৎসৱৰ জৰিয়তে শিক্ষাৰ মানদণ্ড যথেষ্টখিনি উন্নত হ'ব । ইফালে গুণোৎসৱৰ জৰিয়তে শিক্ষাৰ্থীসকলক এক উন্নত শৈক্ষিক পৰিৱেশ দিবলৈও সক্ষম হ'ব বুলি আশাবাদী সাংসদগৰাকী ।

লগতে পঢ়ক :শিৱসাগৰত বৰ্হি মূল্যায়কৰ ৰূপত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.