ETV Bharat / state

Flood in Sivasagar: নৈপৰীয়া ৰাইজৰ টোপনি কাঢ়িছে দিখৌ নদীয়ে; পৰিস্থিতিৰ বুজ লৈছে বিধায়ক অখিল গগৈয়ে

author img

By

Published : Jul 17, 2023, 2:17 PM IST

MLA Akhil Gogoi Visited Flood Affected Areas
শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ

ক্ৰমে বৃদ্ধি পাই অহা জলস্তৰৰ ফলত শিৱসাগৰৰ দিখৌ, দিচাং, দৰিকা আদি নদীয়ে এক হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ৷ পৰিস্থিতিৰ বুজ লৈছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ৷

দিখৌ নদীৰ বাঢ়নী পানীয়ে হাহাকাৰ লগাইছে শিৱসাগৰত

শিৱসাগৰ, 17 জুলাই: দিখৌ নদীৰ বাঢ়নী পানীয়ে হাহাকাৰ লগাইছে শিৱসাগৰত ৷ বিভিন্ন ঠাইত বাগৰিছে নদীৰ বাঢ়নী পানী ৷ বন্যাৰ্তৰ বাবে স্থাপন কৰা হৈছে আশ্ৰয় শিৱিৰ ৷ পৰিস্থিতিৰ বুজ লৈছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ৷

ক্ৰমে বৃদ্ধি পাই অহা জলস্তৰৰ ফলত শিৱসাগৰৰ দিখৌ, দিচাং, দৰিকা আদি নদীয়ে এক হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ৷ বিশেষকৈ দিখৌ নদীয়ে নৈপৰীয়া ৰাইজৰ চকুৰ টোপনি কাঢ়িছে ৷ শিৱসাগৰ নগৰৰ ন-পাম গাঁও দিখৌ নদীৰ বাঢ়নী পানীত ইতিমধ্যে ডুব গৈছে ৷ শালমৰীয়াত এতিয়াও পথৰ ওপৰেদি বাগৰি আছে পানী ৷

আনহাতে সোমবাৰে পুৱাৰে পৰা কোঁৱৰপুৰৰ বলিয়াঘাট সংযোগী পথৰ ওপৰেদি তীব্ৰ গতিত দিখৌ নদীৰ পানী বাগৰিব ধৰিছে ৷ ক্ৰমে বৃদ্ধি হৈ থকা জলস্তৰৰ বাবে বিপদৰ আশংকা প্ৰকাশ কৰা হৈছে এই অঞ্চলত ৷ অৱশ্যে জল সম্পদ বিভাগে প্ৰদান কৰা তথ্য অনুসৰি দেওবাৰৰ নিশাৰ পৰা স্থিৰ হৈছে দিখৌ নদীৰ পানী ৷ তথাপিও দিখৌ নদীৰ পানী এতিয়াও বিপদ সীমাৰ ওপৰেদি বৈ আছে ৷

নাজিৰাত দিখৌ নদী বিপদ সীমাৰ 98.20 মিটাৰ ওপৰেদি আৰু শিৱসাগৰত 94.95 মিটাৰ ওপৰত বৈ আছে ৷ ইফালে বিধায়ক অখিল গগৈয়ে সোমবাৰে নপাম গাঁৱৰ বান পৰিস্থিতিৰ বুজ লয় ৷ তেওঁ বানত ডুব যোৱা অঞ্চল সমূহ পৰিভ্ৰমণ কৰাৰ লগতে স্থানীয় ফুকন নগৰ প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিৱিৰ পৰিদৰ্শন কৰে ৷

বিধায়কজনে কয় যে, শিৱসাগৰ নগৰৰ 1, 10 আৰু 14 নম্বৰ ৱাৰ্ডত ব্যাপক ৰূপত পানী উঠিছে ৷ ফলত কেইবাটাও সাহাৰ্য শিবিৰ স্থাপন কৰিব লগীয়া হৈছে ৷ দেওবাৰে নিশাৰ পৰা এই সাহাৰ্য শিবিৰ সমূহ আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিয়ে বিধায়কজনে ৷ ইতিমধ্যে বানাক্ৰান্ত অঞ্চল সমূহত NDRF আৰু SDRFৰ দল নিয়োগ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে বিধায়ক অখিল গগৈয়ে ৷

লগতে পঢ়ক : Minister Jayanta Malla Baruah: এআইইউডিএফৰ ভোটেৰে সাংসদ হোৱা অজিত ভূঞাৰ সমুজ্জ্বল ভট্টাচাৰ্যক সমালোচনা কৰাৰ অধিকাৰ নাই; জয়ন্ত মল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.