ETV Bharat / state

Magh Bihu 2023 : ৰুদ্ৰসিংহ উদ্যানত ৰাইজৰে মিলিজুলি মেজিত জুই দিলে অখিল গগৈয়ে

author img

By

Published : Jan 15, 2023, 8:52 PM IST

Magh Bihu 2023
চহা অসমীয়া ৰাইজৰ হেঁপাৰ ভোগালী

কোনোবা জনে যদি চকুত কাপোৰ বান্ধি হাঁহ ধৰাৰ চেষ্টা কৰিছে, আন কোনোবাজনে আকৌ মেজিত জুই জ্বলাবৰ বাবে দৌৰি গৈছে । মুঠৰ ওপৰত সকলোতে কেৱল আনন্দৰ লহৰ ৷ মাঘ বিহুৰ এই দিনটোত পৰম্পৰাগত খেল-ধেমালি আদিৰে জীপাল হৈ পৰিল শিৱসাগৰৰ ৰুদ্ৰসিংহ উদ্যান । এই উদ্যানতে বিধায়ক অখিল গগৈয়ে মেজি জ্বলাই সকলোৰে মংগল কামনা কৰে (MLA Akhil Gogoi Lit fire on Meji in sivasagar) ৷

চহা অসমীয়া ৰাইজৰ হেঁপাৰ ভোগালী

শিৱসাগৰ, 15 জানুৱাৰী : আজিৰ চহা অসমীয়া ৰাইজৰ হেঁপাৰ ভোগালী (Magh Bihu 2023) ৷ অতি ধুম-ধামেৰে ৰাজ্যবাসীয়ে উদযাপন কৰিছে ভোগৰ এই উৎসৱটি (Bhogali Bihu celebration in Assam) ৷ উৰুকাৰ নিশাৰ হাঁহে-মাহে এসাঁজ খোৱাৰ পাচত পুৱাই সকলোৱে মেজিৰ জুইৰ মূৰ দোৱাই নেদেখাজনৰ শ্ৰীচৰণ আশিস বিচাৰিলে । জ্যেষ্ঠজনৰ আৰ্শীবাদ গ্ৰহণ কৰিলে কনিষ্ঠজনেও ।

এইক্ষেত্ৰত ব্যতিক্ৰম নহয় শিৱসাগৰো । সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰবাসীৰ মাজতো ভোগালী বিহু ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হ’ল (Magh Bihu celebrate in sivasagar)। পুৰণি ঐতিহ্য তথা পৰম্পৰা ধৰি ৰখাৰ স্বাৰ্থত শিৱসাগৰৰ ৰুদ্ৰসিংহ উদ্যানত এক ব্যতিক্ৰমী ৰূপত পালন কৰা হ’ল ভোগৰ উৎসৱ ভোগালী ৷

উল্লেখ্য যে, শনিবাৰৰ পৰা দুদিনীয়াকৈ শিৱসাগৰৰ ৰুদ্ৰসিংহ উদ্যানত আয়োজন কৰা হৈছে ভোগালী উৎসৱটি ৷

লগতে পঢ়ক : Bhaona at Teok : 82 বছৰীয়া পৰম্পৰা ৰক্ষা কৰি বিহুৰ দিনটোত ভাওনা প্ৰদৰ্শন

ভোগালী উৎসৱৰ প্ৰথম দিনা অৰ্থাৎ শনিবাৰে মাঘ বিহুৰ উৰুকাৰ দিনা অনুষ্ঠিত কৰা হয় বহু খেল-ধেমালি আৰু বিভিন্ন প্ৰতিযোগিতা ৷ দেওবাৰে পুৱাৰ ভাগত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ধৰ্মীয় ৰীতি-নীতিৰে মেজি জ্বলাই সকলোৰে মংগল কামনা কৰে (MLA Akhil Gogoi Lit fire on Meji in sivasagar) ৷

ইয়াৰ পাচতে এক ব্যতিক্ৰমী ৰূপত মেজি জ্বলোৱা প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷ লগতে মাৰাথান দৌৰ, টেকেলি ভঙা, হাঁহ ধৰা, ৰছী টনা, তেল সনা বাঁহত উঠা, কাবাডী, গালি শপনি পৰা, আশীৰ্বাদ দিয়া আদি প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । আনকি বিজয়ী প্ৰতিযোগীসকলক নগদ ধনেৰে পুৰস্কৃতও কৰা হয় ।

কেৱল শিৱসাগৰৰে নহয়, ৰাজ্যৰ আন আন স্থানৰ প্ৰতিযোগীয়েও এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰা পৰিলক্ষিত হ’ল । প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্বাভাবিকতে উৎফুল্লিত হৈ পৰে খেলুৱৈসকলো । ইফালে সাংবাদিকৰে হোৱা এক বাৰ্তালাপত এই পৰম্পৰাগত খেল ধেমালিসমূহ জীয়াই ৰখা, শান্তি সম্প্ৰীতি, ঐক্য অটুট ৰখাৰ উদেশ্যে এই উদ্যোগ হাতত লোৱা হৈছে বুলি সদৰী কৰে বিধায়ক অখিল গগৈয়ে ।

লগতে পঢ়ক : Lit fire on Meji: বৰমাত সমুহীয়া মেজি প্ৰজ্বলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.