ETV Bharat / state

শিৱসাগৰত দিখৌ নদীৰ বান পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ

author img

By

Published : Jun 22, 2020, 1:55 AM IST

minister jogen mohon visited flood porn area in sivsagarminister jogen mohon visited flood porn area in sivsagar
minister jogen mohon visited flood porn area in sivsagarminister jogen mohon visited flood porn area in sivsagar

শিৱসাগৰত দেওবাৰে নিশা বান পৰিস্থিতিৰ বুজ ল'লে অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনে। লক্ষীনগৰ মথাউৰিৰ দুৰ্বল অংশ পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে যাৱতীয় ব্যৱস্থা ল'বলৈ আহবান জনায় ৰাইজক সন্ত্ৰস্ত নহ'বলৈ অনুৰোধ জনায়।

শিৱসাগৰ, 21 জুন : শিৱসাগৰত দিখৌ নদীৰ জলস্তৰ বৃদ্ধিৰ ফলত হাহাকাৰ পৰিস্থিতি। বহু কেইটা স্থানত বাগৰিছে পানী । পানীত বুৰ গৈছে ৰাইজৰ ঘৰ তথা খেতিপথাৰ ৷ দেওবাৰে নিশা অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনে বুজ ল'লে শিৱসাগৰৰ বান পৰিস্থিতিৰ। জল সম্পদ বিভাগক তৎকালীন পদক্ষেপ লোৱাৰ বাবে নিৰ্দেশ মন্ত্ৰীগৰাকীৰ । আনহাতে জিলাখনত প্ৰশাসনৰ ৰিলিফ দল সাজু আছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী যোগেন মহনে । শিৱসাগৰ নগৰৰ সমীপৰ লক্ষীনগৰ মথাউৰিৰ দুৰ্বল অংশ পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে যাৱতীয় ব্যৱস্থা ল'বলৈ আহবান জনায় ৰাইজক সন্ত্ৰস্ত নহ'বলৈ অনুৰোধ জনায়।

শিৱসাগৰত দিখৌ নদীৰ বান পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ

উল্লেখ্য যে, কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ মাজতে ৰাজ্যত উদ্ভৱ হৈছে বান সমস্যা ৷ দেওবাৰে প্ৰলয়ংকৰী বানে ৰাজ্যৰ কেইবাটাও স্থানত তাণ্ডৱ চলোৱা পৰিলক্ষিত হৈছে ৷ গাই নদীৰ বানে ধেমাজিত চিঙি নিছে মথাউৰি ৷ যাৰ ফলত অঞ্চলটোত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ শিৱসাগৰৰো বহুকেইটা স্থান প্লাৱিত হৈছে বাৰিষাৰ বানত ৷

লগতে পঢ়ক : শিৱসাগৰত বিস্তীৰ্ণ অঞ্চল জলমগ্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.