ETV Bharat / city

শিৱসাগৰত বিস্তীৰ্ণ অঞ্চল জলমগ্ন

author img

By

Published : Jun 21, 2020, 8:52 PM IST

ফেনে ফোটোকাৰে বৃদ্ধি পাইছে দিখৌ নৈৰ জলপৃষ্ঠ ৷ ইতিমধ্যে নৈ খনৰ বাঢ়নী পানীত ডুৱ গৈছে বহু নৈপৰীয়া অঞ্চল ৷ ইতিমধ্যে বাঢ়নী পানীত ঘৰ-দুৱাৰ বিদ্যালয় আদিত একাঠু একাঠু পানী সোমাই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে স্থানীয় লোক সকলৰ ৷

Flood At Sivasagar
শিৱসাগৰত বিস্তীৰ্ণ অঞ্চল জলমগ্ন

শিৱসাগৰ, 21 জুনঃ শিৱসাগৰত ফেনে ফোটোকাৰে বৃদ্ধি পাইছে দিখৌ নৈৰ জলপৃষ্ঠ ৷ ইতিমধ্যে নৈ খনৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল ৷

শিৱসাগৰত বিস্তীৰ্ণ অঞ্চল জলমগ্ন

দেওবাৰে বিয়লি ভাগৰ পৰা বৃদ্ধি পাইছে দিখৌ নৈৰ জলপৃষ্ঠ ৷ বিপদ সীমাৰ এক মিটাৰৰ ওপৰেৰে বৈ আছে নৈ খনৰ পানী ৷ ইতিমধ্যে নৈ খনৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল ৷ বাঢনী পানীত ডুব গৈছে বহু লোকৰ ঘৰ দুৱাৰ লগতে উটি গৈছে পুখুৰীৰ মাছ ৷ ৰাইজৰ ঘৰ-দুৱাৰ পানীয়ে বুৰাই পেলোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে স্থানীয় লোক সকলৰ ।

উল্লেখ্য যে, নিশা দহ বজালৈ নৈ খনৰ পানী বৃদ্ধি অব্যাহত থাকিব বুলি জল সম্পদ বিভাগৰ তৰফৰ পৰা জানিব পৰা গৈছে। নৈ খনত এইদৰে পানী বৃদ্ধি পালে এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি বিভাগে সন্দেহ কৰিছে । আনহাতে লক্ষ্মীনগৰ, চেৰেকাপাৰ আদিকে ধৰি বিভিন্ন অঞ্চলত মথাউৰিৰ পৰা পানী সোমোৱাক লৈ শংকিত হৈ পৰিছে এতিয়া সমগ্ৰ নৈ পৰীয়া ৰাইজ ৷

লগতে পঢ়ক- গাই নদীৰ সংহাৰী ৰূপঃ নিৰাপদ স্থানলৈ বন্যাৰ্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.