ETV Bharat / state

Public Protest in Amguri:ৰে’ল বিভাগৰ বিৰুদ্ধে KMSS ৰ প্ৰতিবাদত উত্তাল আমগুৰি

author img

By

Published : Aug 7, 2023, 4:43 PM IST

Public Protest in Sivasagar
কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

আমগুৰিত ৰে’ল বিভাগৰ বিৰুদ্ধে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ ৰে’ল বিভাগে উন্মুক্ত ৰে’ল ক্ৰ'ছিং বন্ধ কৰাৰ বিৰুদ্ধে সাব্যস্ত কৰিলে এই প্ৰতিবাদ ।

কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

আমগুৰি,৭ আগষ্ট: শিৱসাগৰ জিলাৰ আমগুৰিত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী । বৰাহীবাৰীত ৰে'ল ক্ৰচিং বা ৰে'লপথৰ তলেৰে পথ মুকলি কৰাৰ দাবীত আমগুৰি ৰে'লৱে জংছনত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰতিবাদকাৰীসকলে ৰে'ল বিভাগ হায় হায়,ৰে'ল বিভাগ গ'বেক,যাত্ৰীক বিপদত পেলোৱা ৰে'ল বিভাগ হায় হায় শ্ল'গানেৰে উত্তাল কৰে পৰিৱেশ ।

বৰাহীবাৰীত ৩০ খন গাঁৱৰ ৰাইজক যাতায়াতৰ ক্ষেত্ৰত পকী খুটা পেলাই ব্যাহত কৰি তোলাত সাব্যস্ত কৰে প্ৰতিবাদ । উল্লেখ্য যে ধোদৰ আলি,বৰশয়ক,বছাশয়ক সংযোগী পথত ৰে'ল বিভাগে উন্মুক্ত ৰে'ল ক্ৰছিঙত পকী খুঁটা পেলাই যাতায়াত ব্যাহত কৰি তোলে । বৰাহীবাৰীৰ স্থানীয় লোকৰ লগতে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰে'ল বিভাগক ৰে'ল ক্ৰচিং বা ৰেলপথৰ তলেৰে পথ মুকলি কৰাৰ দাবী তুলি আহিছিল । আজি সংগঠনটোৱে বৰাহীবাৰীৰ স্থানীয় লোকৰ সহযোগত আমগুৰি জংছনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখ্য় যে দোপদৰ মৌজাৰ বৰাহীবাৰী পঞ্চায়তৰ অন্তৰ্গত বাউলি পুখুৰী চাৰিআলিৰ পৰা বচাশয়েক ডিব্ৰুৱাল গাঁৱৰ সংযোগী পথৰ মাজত আছে এটা উন্মুক্ত ৰে’ল ক্ৰছিং ৷ এই উন্মুক্ত ৰে’ল ক্ৰছিঙৰে আমগুৰিৰ বৰাহীবাৰী,বৰশয়ক,বছাশয়ক,বাউলীপুখুৰী,শেনচোৱা আদিকে কৰি কেইবাখনো গাঁৱৰ ৰাইজৰ বাবে যাতায়তৰ এক সুচল পথ হিচাপে ব্য়ৱহাৰ কৰি আছিল ৷ ৰে’ল বিভাগে এই পথত থকা ক্ৰছিঙত পকী খুটাৰে বন্ধ কৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ । আজি প্ৰতিবাদকাৰীসকলে ক্ষোভেৰে কয় যে স্কুল-কলেজ লগতে বেপাৰ-বাণিজ্য, অফিচ-কাছাৰী লৈ অহা যোৱা কৰা একমাত্ৰ পথ বন্ধ কৰাত বৰাহীবাৰীবাসী ৰাইজ বিপদৰ সন্মুখীন হৈছে ৷

প্ৰতিবাদকাৰীসকলে পুনৰ ক্ষোভেৰে কয় যে ডিব্ৰুৱাল গাঁৱৰ মাজত থকা পথটোৰ লগতে খগেন বৰবৰুৱা পথটোত বৃহৎ বৃহৎ পকা খুটা দি বন্ধ কৰাত ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । তেওঁলোকে কয় যে নামতিত এটা ক্ৰ'ছিং আৰু বৰাহীবাৰী মেহগড় আলিৰ ওপৰত এটা ক্ৰ'ছিং আছে । এই ঠাইৰ মাজত ৭ কিঃমি দূৰত্বলৈকে নাই কোনো ক্ৰ'ছিং ৷ এনে কৰা ফলত ২৫ খন গাঁৱৰ লোকে অতি কমেও পাঁচ ছয় কিলোমিটাৰ খোজ কাঢ়ি নামতি ক্ৰ'ছিং বা মেহগড় আলিৰ ওপৰত থকা ক্ৰ'ছিঙেৰে অহা যোৱা কৰিব লাগিলে সমস্য়াৰ সন্মুখীন হোৱাটো নিশ্চিত ।

লগতে পঢ়ক:Public Protest in Amguri: আমগুৰিত ৰে’ল বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.