ETV Bharat / state

Japanese Encephalitis: শিৱসাগৰত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাৰ্দুভাৱ

author img

By

Published : Jul 14, 2022, 2:25 PM IST

Japanese encephalitis on the rise in Sivasagar
শিৱসাগৰত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাৰ্দুভাৱ

সম্প্ৰতি শিৱসাগৰ জিলা জাপানীজ এনকেফেলাইটিছ ৰোগৰ অভিকেন্দ্ৰৰূপে পৰিগণিত হৈছে (Japanese encephalitis on the rise in Sivasagar) । জিলাখনৰ মুঠ ৩৪ গৰাকী লোক জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে এজন লোকৰ ।

শিৱসাগৰ, 14 জুলাই: বাৰিষা অহাৰ লগে লগে শিৱসাগৰ জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ (Japanese encephalitis) আৰু এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ । বিগত সময়ছোৱাত সমগ্ৰ জিলাখনত এই ৰোগে সন্ত্ৰাসৰ ৰূপ ধাৰণ কৰাৰ পাছত ২০১২ চনৰ পৰা আৰম্ভ কৰা প্ৰতিষেধক প্ৰদানে এই ৰোগৰ প্ৰাদুৰ্ভাৱ স্তিমিত কৰে যদিও সম্প্ৰতি শিৱসাগৰ জিলা জাপানীজ এনকেফেলাইটিছ ৰোগৰ অভিকেন্দ্ৰৰূপে পৰিগণিত হৈছে (Japanese encephalitis on the rise in Sivasagar) ।

জিলাখনৰ চলিত বছৰত এইপৰ্যন্ত এই ৰোগত মুঠ ৩৪ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে এজন লোকৰ (People died of Japanese encephalitis in Sivasagar) । ইয়াৰে জাপানীজ এনকেফেলাইটিছ ৰোগত ১২ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে সদৃশ ৰোগত আক্ৰান্ত হৈছে ২২ গৰাকী লোক । আমগুৰি স্বাস্থ্য খণ্ডৰ অন্তৰ্গত ম'ৰাবজাৰত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ এগৰাকী কিশোৰীৰ মৃত্যু হয় ।

শিৱসাগৰত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাৰ্দুভাৱ

আক্ৰান্তসকলৰ সৰহ স‌ংখ্যক সুস্থ হৈছে যদিও শিৱসাগৰ অসামৰিক চিকিৎসালয় (Sivasagar Civil Hospital), চ্যুকাফা মাল্টি স্পেচিয়েলিটি চিকিৎসালয় (Siu-Ka-Pha Multispeciality Hospita), যোৰহাট চিকিৎসা মহাবিদ্যালয় (Jorhat Medical College and Hospital) আৰু ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত (Assam Medical College) এজনকৈ লোক জাপানীজ এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে (Japanese Encephalitis outbreak in Sivasagar) ।

স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ৰোগ প্ৰতিৰোধৰ বাবে মহ খেদোৱা ধোঁৱা প্ৰদান, ঔষধিযুক্ত আঁঠুৱা বিতৰণ, সজাগতা সভা আদি অব্যাহত ৰাখিছে যদিও ৰাইজক ঘৰৰ চৌহদ পৰিষ্কাৰ কৰি ৰখাৰ লগতে মহ উৎপন্ন হ'ব পৰা পানী বন্ধ ঠাই সমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ বিভাগে আহ্বান জনাইছে ।

সামান্য গাৰ বিষ-জ্বৰ আদি অনুভৱ কৰিলে তৎকালে চিকিৎসকৰ পৰামৰ্শ লবলৈও স্বাস্থ্য বিভাগে ৰাইজক অনুৰোধ জনাইছে জিলাখনৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ হেমন্ত বৰুৱাই ৷ ইফালে ডিমৌ স্বাস্থ্য খণ্ডৰ লগতে ম'ৰাবজাৰ স্বাস্থ্য খণ্ডত এই ৰোগত সৰ্বাধিক লোক আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে ৷

লগতে পঢ়ক: Suspected Monkeypox in Kerala: কেৰালাত মাঙ্কিপক্সত আক্ৰান্তৰ সন্দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.